Rupaliparda.com
ক্ষোভিত জনসাধাৰণৰ পৰা বাচিবলৈ "নেপোটিজিম পৰিয়াল" ৰ বিশেষ পদক্ষেপঃ 1

ক্ষোভিত জনসাধাৰণৰ পৰা বাচিবলৈ “নেপোটিজিম পৰিয়াল” ৰ বিশেষ পদক্ষেপঃ

বলীউড অভিনেতা সুশান্ত সিং ৰাজপুতৰ আত্মহত্যাৰ পিছত চচিয়েল মিডিয়াকে ধৰি বলীউড ক্ষেত্ৰখনত অইন ধৰণৰ কিছুমান মতানৈক্যৰ সৃষ্টি হ’বলৈ ধৰিছে। নেপোটিজিমকে ধৰি বেলেগ ঠাইৰ পৰা অহা শিল্পী সমূহক কেন্দ্ৰ কৰি প্ৰায়ে একাংশ ক্ষোভিত জনসাধাৰণে চচিয়েল মিডিয়াত নিৰ্দ্দিষ্ট কিছু তাৰকাৰ ফটোত অথবা পোষ্টত কমেন্ট ও ট্ৰোল কৰা আৰম্ভ কৰিছে।

ক্ষোভিত জনসাধাৰণৰ পৰা বাচিবলৈ "নেপোটিজিম পৰিয়াল" ৰ বিশেষ পদক্ষেপঃ 2

এনেক্ষেত্ৰতে, বহু বলীউড তাৰকাই চচিয়েল মিডিয়াৰ পৰা অব্যাহতি লোৱাৰ সমান্তৰালকৈ একাংশই নিজৰ কমেন্টৰ ঠাইখিনিক বন্ধ কৰি থৈছে যাতে অইন লোকে তেওঁলোকৰ কোনো ফটোতেই কমেন্ট কৰিব নোৱাৰে। সোণম কাপুৰে প্ৰথমতেই অইন ব্যক্তিয়ে কমেন্ট দিব নোৱাৰাকৈ চচিয়েল মিডিয়াত কমেন্ট ঠাই বন্ধ কৰি দিছিল আৰু তাৰ পিছতেই আন বহু চিলেব্ৰেটী ক্ৰমে আলিয়া ভাট, কৰীণা কাপুৰ আৰু কৰণ জহৰে নিজ কমেন্টৰ ঠাইবোৰ বন্ধ কৰি ৰাখে; তেওঁলোকৰ ফটো অথবা পোষ্ট সমূহত কেৱল মাত্ৰ তেওঁলোকৰ অন্তৰংগ বন্ধু খিনিয়ে বৰ্তমান কমেন্ট কৰিব পাৰিব।

ক্ষোভিত জনসাধাৰণৰ পৰা বাচিবলৈ "নেপোটিজিম পৰিয়াল" ৰ বিশেষ পদক্ষেপঃ 3


নেপোটিজিম আৰু অইন শিল্পীৰ এনে বিবাদ সমূহ আচলতে আজিৰ অথবা নতুন নহয়; এই বিবাদে পূৰ্বৰে পৰা ঠাই লৈছিল এই বলীউড ক্ষেত্ৰখনত। সুশান্ত সিং ৰাজপুতৰ মৃত্যুৰ পিছত এতিয়া এই বিষয়টোৱে অধিক লোকৰ দৃষ্টিগোচৰ হৈছে। সোণাক্ষী সিনহাৰ পৰা আৰম্ভ কৰি আয়ূস শৰ্মা আদি বিভিন্ন জন চিলেব্ৰেটীয়ে টুইটাৰৰ পৰা ইতিমধ্যে অব্যাহতি লোৱা দেখিবলৈ পোৱা গৈছিল।

Add comment

Leave a Reply

The Ultimate Managed Hosting Platform