Rupaliparda.com
"মোৰ বাবে কঠিন আছিল, মোৰ নেটৱৰ্কিং ভাল নাছিল"- প্ৰিয়ংকা চোপ্ৰা 1

“মোৰ বাবে কঠিন আছিল, মোৰ নেটৱৰ্কিং ভাল নাছিল”- প্ৰিয়ংকা চোপ্ৰা

নেপোটিজিম আৰু বলীউড ক্ষেত্ৰ; একেলগে চলি থকা বুলি যোৱা বিগত দিনত বহুজনেই কৈছে। সুশান্ত সিং ৰাজপুতৰ মৃত্যুৰ বাতৰিয়ে বহু দিন ধৰি কঁপাই ৰাখিছে বলীউড ক্ষেত্ৰ। কোনো কোনো চিলেব্ৰেটীয়ে চচিয়েল মিডিয়াৰ পৰা আঁতৰি যোৱাৰ লগতে কোনোৱে বন্ধ ৰাখিছে নিজৰ ফটোত দিব কমেন্টৰ অপচন। মুঠতে, অভিনেতা গৰাকীৰ মৃত্যুত ক্ষোভিত অনুৰাগীয়ে কেওঁ কিছু নামানি নেপোটিজিমক সঁহাৰি জনোৱা সকলক কৰিছে ট্ৰোল। কিন্তু, ইয়াৰ মাজতো একাংশ চিলেব্ৰেটী আছে যিয়ে ইয়াক লৈ পূৰ্বৰে পৰা মাত মাতি আছিল আৰু এনেক্ষেত্ৰতেই এইবাৰ ভাইৰেল হৈ পৰিছে প্ৰিয়ংকা চোপ্ৰাৰ এটি ভিডিঅ’। বহু ক্ষেত্ৰত খুলি কথা কোৱা অভিনেত্ৰী গৰাকীয়ে “নেপোটিজিম” ৰ ওপৰত কৰা বাখ্যাৰ এটি ভিডিঅ’ এতিয়া ভাইৰেল হৈছে চচিয়েল মিডিয়াত। এই পূৰণি ভিডিঅ’টোক আকৌ এবাৰ নতুনকৈ আপলোড কৰি শ্বেয়াৰ কৰা হৈছে; ভিডিঅ’টো আছিল নিউৱৰ্কত অনুষ্ঠিত এখন অনুষ্ঠানৰ ভিডিঅ’।

https://www.instagram.com/p/CBhzTSJgxIU/?utm_source=ig_web_copy_link


ভিডিঅ’টোত অভিনেত্ৰী গৰাকীয়ে কয় যে, “বলীউড আৰু নেপোটিজিম সমান্তৰালকৈ চলিলেও বিগত দিনত এনেও কিছু চিলেব্ৰেটী আহিছে যিয়ে ইয়াক ভঙাৰ চেষ্টা কৰি সফল হৈছে; তেওঁলোকে নিজৰ এক ব্যতিক্ৰমী চিনাকী প্ৰস্তুত কৰিছে। মইও এনেদৰেই চেষ্টা কৰি গৈ আছো। মোৰ বাবে বৰ কঠিন আছিল; ইয়াত মই প্ৰথম খোজ দিয়াত মোৰ সৈতে কোনো নাছিল। ক্ষেত্ৰখনত সকলোৱে ইজনে আনজনৰ বন্ধু ৰূপে পৰিগণিত হৈছিল; মোৰ নেটৱৰ্কিং ভাল নাছিল আৰু মই পাৰ্টীবোৰতো যোৱা নাছিলো। মোৰ বাবে অকণমান দিগদাৰ আছিল যদিও পিছলৈ মই বিশ্বাস কৰিছিলো যে সকলো বস্তুৰ পৰা ভয় খাব নালাগে।”

Add comment

Leave a Reply

Your Header Sidebar area is currently empty. Hurry up and add some widgets.