Rupaliparda.com
অসমীয়া সংস্কৃতিৰ ঘাই শিঁপাটোৰ উপস্থাপনেৰে নিৰ্মিত "ভাৱৰীয়া"- 1

অসমীয়া সংস্কৃতিৰ ঘাই শিঁপাটোৰ উপস্থাপনেৰে নিৰ্মিত “ভাৱৰীয়া”-

বাস্তৱধৰ্মী কাহিনীক উদ্দশ্যি ২০১৯ বৰ্ষৰ ৪ জানুৱাৰী মুক্তি লাভ কৰিছিল এখন অসমীয়া ছবি “ভাৱৰীয়া।” এচ.এন.জি প্ৰডাকচনৰ বেনাৰত নিৰ্মিত এই ছবিখনৰ প্ৰযোজনা আছিল পংকজ কুমাৰ জৈনৰ আৰু ইয়াৰ পৰিচালনাৰ লগতে কাহিনী ও চিত্ৰনাট্য আছিল বিশ্বজিৎ কলিতাৰ। ক্ৰমশঃ হেৰাই যাবলৈ ধৰা অসমৰ বিশেষকৈ দক্ষিণ কামৰূপৰ ঢুলীয়া সংস্কৃতিক উপস্থাপন কৰা হৈছে এই ছবিখনত। ঢুলীয়া সংস্কৃতিক আকৌ এবাৰ জনসাধাৰণ অথবা নতুন প্ৰজন্মৰ মাজলৈ অনাৰ প্ৰয়াস কৰা হৈছে এই ছবিখনৰ মাজৰে। উঠি অহা প্ৰজন্মক অসমীয়া সংস্কৃতিৰ মূল শিপাটোৰ সৈতে চিনাকী কৰোৱাই দিয়া আছিল এই ছবিখনৰ মূল উদ্দেশ্য। ছবিখনৰ আন এটি মন কৰিবলগীয়া বিষয় আছিল ছবিখনৰ সৈতে জড়িত অভিনেতা-অভিনেত্ৰী সমূহ।

ছবিখনৰ মূল চৰিত্ৰকেইটিত অভিনয় কৰিছিল ক্ৰমে বিষ্ণু খাৰঘৰীয়া, নিপন গোস্বামী, অতুল পাচনি, হিৰণ্য দাস, দেৱযানী, কিশোৰ দাস, পূবালী, মৰমী দাস আৰু ড° বিৰুৱালা ৰাভাই। মিৰ্জা, নহিৰা, চানডুবিৰ লগতে গুৱাহাটীৰ বিভিন্ন লোকেশ্বনত দৃশ্যগ্ৰহণ কৰা এই ছবিখনৰ গীত সমূহত কন্ঠদান কৰিছিল জুবিন গাৰ্গ, তৰালী শৰ্মা, কুমাৰ ভবেশ, ৰীতা গোস্বামী আৰু দীপদৰ্শনে।

অসমীয়া সংস্কৃতিৰ ঘাই শিঁপাটোৰ উপস্থাপনেৰে নিৰ্মিত "ভাৱৰীয়া"- 2


ছবিখনত সংগীত দিছিল বিশ্বজিৎ কলিতাই আৰু আৱহ সংগীত হৈছে কুশল মিৰ্জী আৰু কুমাৰ ভৱেশৰ। ২০১৯ চনত মুক্তিপ্ৰাপ্ত এই ছবিখনত অভিনেতা-অভিনেত্ৰী সমূহৰ অভিনয় আছিল লেখত ল’বলগীয়া তৎস্বত্বেও ছবিখনক বৰ বেছি শতাংশ দিয়া নাছিল জনসাধাৰণে। ৯০ দশকত সংস্কৃতিৰ সৈতে জড়িত এটি বাস্তৱধৰ্মী কাহিনীক উপস্থাপন কৰাক লৈ প্ৰশংসিতও নোহোৱাকৈ থকা নাছিল ছবিখনৰ সৈতে জড়িত কলা-কুশলী।

Add comment

Leave a Reply

Your Header Sidebar area is currently empty. Hurry up and add some widgets.