Rupaliparda.com
সম্পূৰ্ণ তথ্য প্ৰকাশৰ পূৰ্বে সুশান্তৰ মৃত্যুৰ খবৰ বাখ্যা কৰা সংবাদ মাধ্যমৰ ওপৰত কানুনী ব্যৱস্থাঃ 1

সম্পূৰ্ণ তথ্য প্ৰকাশৰ পূৰ্বে সুশান্তৰ মৃত্যুৰ খবৰ বাখ্যা কৰা সংবাদ মাধ্যমৰ ওপৰত কানুনী ব্যৱস্থাঃ

সুশান্ত সিং ৰাজপুতৰ আত্মহত্যাৰ কাৰণ বিচাৰিবলৈ আৰক্ষী প্ৰশাসন চাৰিওফালৰ পৰা বিচাৰ কৰা আৰম্ভ কৰি পেলাইছে। অভিনেতা গৰাকীৰ আত্মহত্যাৰ কাৰণ বিচাৰিবলৈ সম্ভৱ হোৱা প্ৰত্যেকটো কাৰণতে চকু দিছে আৰক্ষীয়ে। আৰক্ষীয়ে দিয়া মন্তব্যনুসৰি, বিচাৰক টীমে সুশান্ত সিং ৰাজপুতৰ টুইটাৰ একাউন্টৰ বিষয়ে জানিবলৈ টুইটাৰ ইণ্ডিয়াৰ সৈতে সংযোগ কৰিছে। এনে খবৰ অহা দেখা গৈছিল যে সুশান্ত সিং ৰাজপুতে মৃত্যুৰ পূৰ্বে নিজ কেইটামান টুইট আঁতৰাই দিছিল। গতিকে, এই বিষয়ে বিতংভাৱে জানিবলৈ বৰ্তমান আৰক্ষী প্ৰশাসনে আৰম্ভ কৰিছে বিচাৰ। সুশান্তৰ টুইটাৰ একাউন্টত শেষৰটো আপডেট আছিল বিগত বৰ্ষৰ ২৭ ডিচেম্বৰ তাৰিখৰেই। ইয়াৰ উপৰিও, উল্লেখ্য যে একাংশ সংবাদ মাধ্যমৰ ওপৰৰ অভিনেতা গৰাকীৰ মৃত্যুৰ সম্পূৰ্ণ খবৰ বাহিৰ ওলোৱাৰ পূৰ্বেই দিয়া খবৰ সমূহক লৈ এতিয়া কানুনী ব্যৱস্থা হাতত ল’ব আৰক্ষী প্ৰশাসনে।

সম্পূৰ্ণ তথ্য প্ৰকাশৰ পূৰ্বে সুশান্তৰ মৃত্যুৰ খবৰ বাখ্যা কৰা সংবাদ মাধ্যমৰ ওপৰত কানুনী ব্যৱস্থাঃ 2
সম্পূৰ্ণ তথ্য প্ৰকাশৰ পূৰ্বে সুশান্তৰ মৃত্যুৰ খবৰ বাখ্যা কৰা সংবাদ মাধ্যমৰ ওপৰত কানুনী ব্যৱস্থাঃ 3


সম্প্ৰতি সময়লৈ সুশান্তৰ আত্মহত্যাক লৈ মুঠ ২৩ গৰাকী লোকক ইতিমধ্যে আৰক্ষীয়ে সোধ-পোছ কৰিছে। ইপিনে সকলোৱে অভিনেতা গৰাকীয়ে আত্মহত্যা কৰা নাই বুলি কোৱা কথাবোৰত বিৰাম লগাই ফাইনেল পোষ্টমৰ্টেম ৰিপোৰ্টত ওলাই পৰিল সত্যতা; অভিনেতা গৰাকীক কৰা নাই কোনোৱে হত্যা, তেওঁ নিজেই আত্মহত্যা কৰিছিল বুলি দিয়া হয় ৰিপোৰ্টত।

Add comment

Leave a Reply

The Ultimate Managed Hosting Platform