Rupaliparda.com
এঢোপ এঢোপকৈ সৰি পৰা অসমীয়াৰ অস্তিত্বৰে "অস্তিত্ব"- 1

এঢোপ এঢোপকৈ সৰি পৰা অসমীয়াৰ অস্তিত্বৰে “অস্তিত্ব”-

বিগত বৰ্ষত মুক্তিপ্ৰাপ্ত এখন অসমীয়া ছবি অসমীয়াৰ অধিকাৰ ও মানৱতাবোধক কেন্দ্ৰ কৰি নিৰ্মাণ কৰি উলিওৱা হৈছিল। ছবিখনত ফুটি উঠিছিল “আমি অসমীয়া নহওঁ দুখীয়া” শীৰ্ষক গীতটিৰ ভাৱধাৰা। বহুল দৰ্শকৰ সঁহাৰি লাভ নকৰিলেও একাংশৰ মনত ছবিখনৰ কাহিনীয়ে স্থান লাভ কৰিছিল। মিৰ্জা আৰিফৰ পৰিচালনাৰে ও নাজিম আহমেদৰ প্ৰযোজনাৰে নিৰ্মিত এই ছবিখন অসমীয়াৰ অস্তিত্বক পুনৰবাৰ জীৱিত কৰি ৰখাৰ স্বাৰ্থত নিৰ্মাণ কৰা হৈছিল আৰু লগতে অসমীয়াৰ ভিতৰৰ আৰ্তনাদ, ভিতৰৰ যিখিনি কোলাহল অথবা ভিতৰৰ যিখিনি তেওঁৰ নিজৰ মাজতেই হৈ থকা দ্বন্দ; সেইখিনিয়ে আছিল “অস্তিত্ব”।অস্তিত্ব” ত বহু ন-পুৰণি শিল্পীৰ সমাহাৰ ঘটাইছিল পৰিচালকে। ব্ৰজেন বৰা, সিদ্ধাৰ্থ মূখাৰ্জী, লনিশ্ৰী দাস, দূৰ্গাশ্ৰী বৰা, মনোজ গগৈ, বিভাষ সিনহা, ৰুণুমী দেৱী, উদলক য়গী, ৰণিত চৌধুৰী, মহিবুৰ ৰহমান, কুলদীপ বৰা, জ্যোতি শংকৰ, ৰাজীৱ ক্ৰ’ লগতে স্মৃতি দাসে অভিনয় কৰিছে ছবিখনত ।

এঢোপ এঢোপকৈ সৰি পৰা অসমীয়াৰ অস্তিত্বৰে "অস্তিত্ব"- 2
এঢোপ এঢোপকৈ সৰি পৰা অসমীয়াৰ অস্তিত্বৰে "অস্তিত্ব"- 3


অসমৰ ভূমি ৰক্ষাৰ বাবে লাচিত বৰফুকন আৰু বাঘ হাজৰিকাই গঢ়ি থৈ যোৱা অসমীয়াৰ অস্তিত্ব বৰ্তমান কেনেদৰে এঢোপ এঢোপকৈ সৰি পৰিছে তাকেই দেখুওৱা হৈছিল এই ছবিখনত। কেইটামান টকাৰ স্বাৰ্থত নিজৰ মান-অভিমান বিক্ৰী কৰি দিয়া একাংশই কিদৰে সমাজখনত কালিমা সানিছে তাৰেই উপস্থাপন কৰা হৈছিল এই ছবিখনত। পশ্চিমীয়া সংস্কৃতিৰ আগ্ৰাসনে কেনেদৰে অসমীয়াৰ মান-অভিমান আজুৰিছে তাৰেই এক উদাহৰণ হৈছে “অস্তিত্ব”।

Add comment

Leave a Reply

Your Header Sidebar area is currently empty. Hurry up and add some widgets.