Rupaliparda.com
"গ্ৰেণ্ড অপেনিং" ৰ দিশে সুশান্ত সিং ৰাজপুতৰ "দিল বেছাৰা"- 1

“গ্ৰেণ্ড অপেনিং” ৰ দিশে সুশান্ত সিং ৰাজপুতৰ “দিল বেছাৰা”-

সুশান্তৰ মৃত্যুৰ ১০ টা দিন উকলি যোৱা পিছতো বৰ্তমান অনুৰাগীয়ে পাহৰিব পৰা নাই তেওঁক। তেওঁক উদ্দশ্যি অহা বিভিন্ন খবৰ ও ভিডিঅ’ এতিয়াও চৰ্চা লাভ কৰিছে সমগ্ৰ দেশতে। এইখিনিতে তেওঁৰ আহিবলগীয়া “দিল বেছাৰা” ছবিখন ডিজিটেল প্লেটফৰ্ম “ডিজনী হটষ্টাৰ” ত মুক্তি দিয়াৰ ইতিমধ্যে ঘোষণা কৰা হৈছে। এই ঘোষণাৰ পিছতেই অভিনেতা গৰাকীৰ কিছু অনুৰাগী আৱেগিক হৈ পৰাৰ উপৰিও ছবিখনৰ নিৰ্মাতা সকলৰ ওচৰত তেওঁলোকৰ এই সিদ্ধান্তক সলনি কৰি দিয়াৰো আহ্বান জনায় কিয়নো একাংশ অনুৰাগীয়ে অভিনেতা গৰাকীৰ এই ছবিখনক ছবিগৃহত উপভোগ কৰি অভিনেতা গৰাকীলৈ শেষ শ্ৰদ্ধাঞ্জলি জ্ঞাপনৰ কথা ব্যক্ত কৰিছিল।

"গ্ৰেণ্ড অপেনিং" ৰ দিশে সুশান্ত সিং ৰাজপুতৰ "দিল বেছাৰা"- 2

ইয়াৰ উপৰিও, “ক’ৰ’ণা ভাইৰাছ” ৰ ফলত যদিও চিত্ৰগৃহ নোখোলে তথাপিও চিত্ৰগৃহ খুলি যোৱালৈ অপেক্ষা কৰিম বুলি মন্তব্য কৰিছিল একাংশ অনুৰাগীয়ে। উল্লেখ্য যে, অনুৰাগীৰ মনস্তাত্বিক অৱস্থাৰ প্ৰতি লক্ষ্য ৰাখি এটা কথা নিশ্চিত হৈ পৰিছে যে সুশান্ত সিং ৰাজপুতৰ এই ছবিখনে “গ্ৰেণ্ড অপেনিং” কৰিব; ডিজিটেল প্লেটফৰ্মত হ’লেও ইয়াক লক্ষাধিক লোকে উপভোগ কৰাৰ বাবে অপেক্ষা কৰি ৰৈছে বৰ্তমান।

"গ্ৰেণ্ড অপেনিং" ৰ দিশে সুশান্ত সিং ৰাজপুতৰ "দিল বেছাৰা"- 3


যদিহে আমি সুশান্তৰ ছবিৰ ফালৰ পৰা চাবলৈ যাওঁ তেতিয়াহ’লে তেওঁক অকণমান সময়ৰ বাবে দেখিবলৈ পোৱা পি.কে ছবিখনে প্ৰথমটো দিনত লাভ কৰিছিল ২৭ কোটি টকা আৰু পিছলৈ ই লাভ কৰিলে ৩০০ কোটি টকাৰ লাভ। ইয়াৰ পিছত, এম.এছ.ধোনী বায়’পিক খনে প্ৰথমটো দিনাই ২১ কোটি টকাৰ লাভেৰে আগবাঢ়ি পিছলৈ ই ১০০ কোটিৰ বস্ক অফিচ কালেকচনৰ শাৰীত সোমাইছিল আৰু এইখনেই আছিল সুশান্তৰ জীৱনৰ প্ৰথমখন সফল ছবি। প্ৰায়ে ১০ খন ছবিত অভিনীত অভিনেতা গৰাকীয়ে নিজৰ বাবে যথেষ্ট অনুৰাগী গোটাই ৰাখিছিল কিন্তু মাজবাটতে অনুৰাগীক এৰি যোৱাত এতিয়া শোকাহত হৈ পৰিছে সকলো।

Add comment

Leave a Reply

Your Header Sidebar area is currently empty. Hurry up and add some widgets.