Rupaliparda.com
অভয় দেউলৰ বাক্যবানঃ ভ্ৰষ্টাচাৰক কেন্দ্ৰ কৰি নিৰ্মাণ হ'ব চিনেমা- 1

অভয় দেউলৰ বাক্যবানঃ ভ্ৰষ্টাচাৰক কেন্দ্ৰ কৰি নিৰ্মাণ হ’ব চিনেমা-

অভয় দেউল বলীউডৰ প্ৰতিভাশালী তাৰকাৰ মাজৰ এজন। তেওঁক বহু কম ছবিত দেখিবলৈ পোৱা গৈছে যদিও তেওঁ চচিয়েল মিডিয়াত প্ৰায়ে সক্ৰিয় হৈ থাকে আৰু বিভিন্ন ক্ষেত্ৰত নিজ মন্তব্য বিনা দ্বিধাই ব্যক্ত কৰে। অভয় দেউলে ২০১২ চনত মুক্তিপ্ৰাপ্ত তেওঁৰ ছবি “সংঘাই” ৰ এখন পোষ্টাৰ নিজ একাউন্টত পোষ্ট কৰে আৰু কয় যে, “সংঘাই মুক্তি লাভ কৰিছিল ২০১২ চনত। লেখক বাসিলিস বাসিলিকোৰ গ্ৰীক উপন্যাস “জেদ” ৰ কাহিনীৰ ওপৰত আধাৰিত এই ছবিখনৰ নিৰ্দেশনা দিবাকৰ বেনাৰ্জীৰ; ইয়াত সমকালীন ভাৰতীয় ছবি ক্ষেত্ৰত থকা বিনাশকাৰী প্ৰভাৱ আৰু ৰাজনীতি ও ভ্ৰষ্টাচাৰক কেন্দ্ৰ কৰি নিৰ্মাণ কৰা হৈছিল। এইখন আজিও উপযুক্ত; এইসময়ত বলীউডৰ বহু ভ্ৰষ্ট প্ৰথাৰ ওপৰত ছবি নিৰ্মাণ কৰিব পৰা যায়।”

https://www.instagram.com/p/CB2FOCzpmdX/?utm_source=ig_web_copy_link


ইয়াৰ উপৰিও উক্ত ছবিখনৰ সৈতে জড়িত একাংশক টেগ কৰি সম্প্ৰতি সময়ত বলীউডত চলি থকা পৰিস্থিতি আৰু এই পৰিস্থিতিৰ আঁৰত থকা তাৰকাক বাক্যবান মাৰিবলৈ চেষ্টা কৰে অভিনেতা অভয় দেউলে। উল্লেখ্য যে, “সংঘাই” এখন ৰাজনৈতিক থ্ৰীলাৰ ছবি আছিল য’ত অভয় দেউলৰ বাহিৰেও অভিনয় কৰিছিল ইমৰাণ হাছমী, কাল্কি আৰু প্ৰসেনজিৎ চেতাৰ্জীয়ে।

Add comment

Leave a Reply

The Ultimate Managed Hosting Platform