Rupaliparda.com
জুবলীৰ ভক্তিঃ "নম" ক পুনৰ ন-ৰূপত উপস্থাপন- 1

জুবলীৰ ভক্তিঃ “নম” ক পুনৰ ন-ৰূপত উপস্থাপন-

“লক-ডাউন” ত জুবলীৰ অনুৰাগীলৈ আন এক সুখবৰ। তেওঁৰ কন্ঠৰে পূৰ্বতে মুক্তি লাভ কৰা “নম” এলবামটোত অন্তৰ্ভূক্ত ১০ টা বৰগীতক পুনৰ বাৰ একত্ৰিত কৰি মুকলি কৰি দিছে ইউটিউবত। বিগত ২০১৬ চনতে মুক্তি লাভ কৰা “নম” এলবামটোৰ মুঠ ১০ টা বৰগীতক সঁহাৰিও জনাইছিল জনসাধাৰণে। অনুৰাগীৰ আহ্বানমৰ্মেই কন্ঠশিল্পী গৰাকীয়ে এই ১০ টা বৰগীতক একত্ৰিত কৰি মুকলি কৰি দিয়া হৈছে তেওঁৰেই ব্যক্তিগত ইউটিউব চেনেলত। দহটা বৰগীতৰ কোনোধৰণৰ সাল-সলনি নকৰি অনুৰাগীক ভক্তি ৰসেৰে আপ্লুত কৰিবলৈ জুবলীয়ে “লক-ডাউন” ৰ সময়ত এই প্ৰচেষ্টা হাতত লোৱা দেখিবলৈ পোৱা গৈছে। বৰগীতটিত শব্দ সংমিশ্ৰণৰ দায়িত্বত আছিল দীপকেশ বৰগোঁহাই লগতে ইয়াত বাঁহী বজাইছে অঞ্জন মেধিয়ে। বৰগীত কেইটি বাণীবদ্ধ কৰা হৈছে Studio Rising ত মাধুৰ্য্য গগৈৰ দ্বাৰা।

https://www.instagram.com/p/CCBmD0pFq3b/?utm_source=ig_web_copy_link


“লক-ডাউন” ৰ সময়ত বিভিন্ন ধৰণৰ প্ৰচেষ্টা হাতত লোৱা দেখিবলৈ পোৱা গৈছিল জুবলীক। তেওঁৰ কন্ঠৰে কিছুদিন পূৰ্বে মুক্তিপ্ৰাপ্ত “শুই থাক গুৱাহাটী” ও লাভ কৰিছিল সফলতা। আনহাতে, কন্ঠশিল্পীৰ ফাউণ্ডেছনৰ দ্বাৰা হোৱা #Newnormalinlife ক লৈও উৎসাহী হৈছিল কেইবাগৰাকীও তাৰকা ও শিল্পী।

Add comment

Leave a Reply

Your Header Sidebar area is currently empty. Hurry up and add some widgets.