অসমত এনে বহু প্ৰতিভা আছে যিয়ে নিজৰ ইচ্ছাৰে সৰুৰ পৰাই আগবাঢ়ে এটা সৃষ্টিশীল কৰ্মৰ পিনে। অৱশেষত ই তেওঁলোকৰ বৃত্তিলৈ পৰিণত হৈ এনে এক স্থানলৈ লৈ যায় য’ৰ পৰা তেওঁলোকৰ প্ৰতিভাত প্ৰশংসাৰ মোহৰ লাগিবলৈ আৰম্ভ হয়। অসম সন্তান এগৰাকীয়ে মুম্বাইত প্ৰতিষ্ঠা লাভ কৰি ঘৰুৱা দৰ্শকৰ লগতে বিভিন্ন জন ৰাষ্ট্ৰীয়-আন্তঃৰাষ্ট্ৰীয় প্ৰেক্ষাপটৰ শিল্পীৰ সৈতে জড়িত হৈ দৰ্শকৰ পৰা প্ৰশংসা লাভ কৰাটো আচলতে অসমৰ বাবেই গৌৰৱৰ কথা। এনে বহু শিল্পী আছে যাৰ অবিৰত ভাৱে কৰা যোগদানে অসমলৈ গৌৰৱ কঢ়িয়াই আনিবলৈ সক্ষম হৈছে। এনে এগৰাকী শিল্পীৰ সৈতে পতা ৰূপালীপৰ্দাৰ কথা বতৰাই হয়টো আপোনাকো উৎসাহিত কৰিবলৈ সক্ষম হ’ব; তেওঁ হৈছে তেজপুৰৰ (বৰ্তমান মুম্বাইস্থিত) মৃন্ময় শৰ্মা। ২০০৩-০৪ চনত সংগীত ক্ষেত্ৰৰ উল্লেখনীয় বাদ্য “কী-বোৰ্ড” ৰ শিক্ষা গ্ৰহণ কৰি ক্ৰমান্বয়ে এই ক্ষেত্ৰখনত অন্তৰ্ভূক্ত হোৱা মৃন্ময়ৰ সৈতে হোৱা ৰূপালীপৰ্দাৰ কথা-বতৰা যোগে তেওঁ কৈছিল যে,

“মই যেতিয়া পোনপ্ৰথমবাৰৰ বাবে তেজপুৰৰ বাণ ৰংগমঞ্চত “কী-বৰ্ড” পৰিৱেশন কৰিবলৈ আগবাঢ়িছিলো সেই উক্ত দিনটোতেই তাত উপস্থিত হৈছিল ড° ভূপেন হাজৰিকা ছাৰ। কিন্তু মই ইমানেই উৎসাহী হৈ পৰিছিলো যে সংগীতৰ মাজত ৰৈ দিবলগীয়া সময়খিনিতো মই কী-বোৰ্ড বজাই গৈছিলো। আৰু সেইটো সময়ত নীলিম শইকীয়া নামে মোৰ ছাৰ এগৰাকীয়ে মোক যথেষ্ট গালি দিছিল; আচলতে সেইদিনাৰ পৰাই সংগীত ক্ষেত্ৰখনত জড়িত হোৱাৰ লগতে ইয়াত থকা নিয়মানুৱৰ্তিতা আৰু মই সংগীত ও এগৰাকী সংগীত শিল্পীক শ্ৰদ্ধা কৰিবলৈ শিকিছিলো।”

মৃন্ময় শৰ্মাৰ পৰিয়ালৰ কোনো সদস্য সাংস্কৃতিক ক্ষেত্ৰৰ সৈতে জড়িত নহ’লেও মৃন্ময়ে সৰুৰ পৰাই নিজ পিতৃ-মাতৃৰ উৎসাহ আৰু তত্ত্বাৱধানৰ মাজেৰে সংগীত শিকিবলৈ আৰম্ভ কৰিছিল। মৃন্ময়ে কয় যে, “সংগীতৰ সৈতে জড়িত হোৱা আৰম্ভণি সময়ত মই আমাৰ থলুৱা কন্ঠশিল্পী সমূহৰ লগতে বিহু গীতত বজাবলৈ আৰম্ভ কৰিছিলো আৰু উচ্চতৰ মাধ্যমিক শিক্ষা সমাপ্ত কৰি মই গুচি আহিছিলো গুৱাহাটীলৈ। এইখিনিতে, এটা কথা মই উল্লেখ কৰিবই লাগিব যে মই কোনোদিনেই সংগীত কৰি জীৱন নিৰ্বাহ কৰিম অথবা ইয়াক এটা বৃত্তিৰূপে গ্ৰহণ কৰিবলৈ বিচৰা নাছিলো।

মই নিজৰ ইচ্ছা অথবা স্ফূৰ্তিৰ বাবেই সংগীতত মনোনিৱেশ কৰিছিলো। মই যেতিয়া গুৱাহাটীলৈ আহিলো; তেতিয়া মই ভদ্ৰকান্ত দাসৰ ছাৰৰ তত্ত্বাৱধানলৈ আহিলো যাৰ সংগীত পৰিচালনাৰে কেইবাটাও বিহু গীতে মুক্তি লাভ কৰিছিল। এটা অনুষ্ঠানৰ মাজেৰে তেওঁক লগ পোৱাৰ পিছতেই মই সংগীতক প্ৰফেচনেলি ল’বলৈ আৰম্ভ কৰিলো; তেওঁ বিভিন্ন ধৰণে মোক গীতৰ কথা বুজাইছিলে। ইজন-সিজনৰ গীত শুনি শিকিবলৈ কৈছিল; গতিকে তাৰ পৰাই মোৰ সংগীতৰ ক্ষেত্ৰত “প্ৰফেচনিলিজিম” টো সোমাই পৰিছিল।”

ইয়াৰ পিছত মৃন্ময় শৰ্মাই গীতাৰিষ্ট শান্তনু বৰুৱাৰ কথামৰ্মে শ্বিলংস্থিত এটা সংগীত ব্ৰেণ্ড “Shillong Midnight Garden Factor” ত অডি’শ্বন দি যোগদান কৰে। মুম্বাইলৈ গৈ প্ৰথম ক্ষেত্ৰত হতাশাতো ভুগিছিল শিল্পী গৰাকী; তৎস্বত্বেও নিজৰ দৃঢ়প্ৰতিজ্ঞাৰ ফলত সংগীতৰ ক্ষেত্ৰখনত আগুৱাই গৈ মৃন্ময়ে এতিয়ালৈ জয় বৰুৱাকে আৰম্ভ কৰি ইবচন লাল বৰুৱা, দীক্ষু শৰ্মা, নীলোৎপল বৰা আদি বিভিন্ন গৰাকী অসমৰ কন্ঠশিল্পীৰ উপৰিও তেওঁ বলীউডৰ জনপ্ৰিয় কন্ঠশিল্পী সুনীধি চৌহান ও নীৰজ শ্ৰীধৰৰ সৈতেও কাম কৰি প্ৰশংসিত হৈছে। বলীউড ছবি “ইৰাডা” ত সহঃ সংগীত পৰিচালক ৰূপে কাম কৰা মৃন্ময়ে আগন্তুক সময়ত মায়ানগৰীৰ আশিষ কৌৰৰ উপৰিও কেইবাগৰাকীও অইন শিল্পীৰ গীতত পৰিচালকৰ দায়িত্ব গ্ৰহণ কৰিছে।
All the best bro…U are a star always. Keep learning..
Great Brother..