Rupaliparda.com
মনোজ কুমাৰ দাসৰ প্ৰচেষ্টা "সংস্কৃতি প্ৰৱাহ"- উপকৃত নৱপ্ৰজন্মঃ 1

মনোজ কুমাৰ দাসৰ প্ৰচেষ্টা “সংস্কৃতি প্ৰৱাহ”- উপকৃত নৱপ্ৰজন্মঃ

“ক’ভিড – ১৯” ৰ দৰে মহামাৰীয়ে জনসাধাৰণক বহুল ৰূপে আতংকিত কৰাৰ সমান্তৰালকৈ বৰ্তমান বলৱৎ কৰা “লকডাউন” ৰ এনে জটিল সময়ত জনসাধাৰণে চাৰিবেৰৰ মাজতেই আৱদ্ধ হৈ বহুতো অভূতপূর্ব পৰিস্থিতিৰ সন্মুখীন হ’বলগীয়া হৈছে। সেই সময়চোৱাত বহুতো সৃষ্টিশীল লোকে ব্যক্তিগত স্তৰত অথবা সামূহিক ভাৱে তেওঁলোকৰ সৃষ্টি সমাজৰ আগত আগবঢ়াবলৈ প্ৰয়াস কৰিছে। তেওঁলোকৰ বিভিন্ন সৃষ্টিশীল অনুষ্ঠান সামাজিক মাধ্যম অৰ্থাৎ চচিয়েল মিডিয়াৰ বিভিন্ন প্লেটফৰ্মৰ জৰিয়তে জনসাধাৰণৰ আগত আগবঢ়াইছে। অসমৰ সত্ৰীয়া আৰু লোকসংস্কৃতিৰ লগত সংগতি ৰাখি চলিত মাহৰ বিগত ১৮ তাৰিখৰ পৰা “সংস্কৃতি প্ৰৱাহ” নামেৰে ফে’চবুক লাইভৰ এক বিশেষ অনুষ্ঠান আয়োজন কৰা হৈছে। সংগীত নাটক অকাডেমীৰ ওস্তাদ বিসমিল্লাহ খাঁ যুৱ বঁটা প্ৰাপ্ত, বিশিষ্ট খোলবাদক অসমৰ সুযোগ্য সন্তান ‘মনোজ কুমাৰ দাস’ৰ ফে’চবুক পেজৰ মাধ্যমেৰে এই অনুষ্ঠান অনুষ্ঠিত কৰা হৈছে।

মনোজ কুমাৰ দাসৰ প্ৰচেষ্টা "সংস্কৃতি প্ৰৱাহ"- উপকৃত নৱপ্ৰজন্মঃ 2
মনোজ কুমাৰ দাসৰ প্ৰচেষ্টা "সংস্কৃতি প্ৰৱাহ"- উপকৃত নৱপ্ৰজন্মঃ 3

অনুষ্ঠানটোত প্ৰতিদিনে একোজনকৈ বিশিষ্ট শিল্পী উপস্থিত থাকি তেওঁলোকৰ নিজৰ নিজৰ সাধনাৰ কিছু অংশ ৰাইজৰ আগত পৰিৱেশন কৰি আহিছে । উক্ত অনুষ্ঠানটিত ইতিমধ্যে লাইভ আগবঢ়োৱা শিল্পী সকলে যথেষ্ট সমাদৰ লাভ কৰিছে। তাৰোপৰি গৃহবন্দী বহু ছাত্ৰ – ছাত্ৰী তথা উঠি অহা নৱপ্ৰজন্মই অসমৰ কলা- সংস্কৃতিৰ বিষয়ে কিছু জ্ঞান লাভ কৰাৰ ক্ষেত্রত যথেষ্ট সহায় আগবঢ়োৱাত “সংস্কৃতি প্ৰৱাহ” সফল হৈছে বুলি ক’লেও হয়টো ভুল কোৱা নহ’ব। লগতে, সংগীত নাটক একাডেমী বঁটা প্ৰাপক সত্ৰভূষণ জগন্নাথ বায়ন , বিশিষ্ট সত্ৰীয়া শিল্পী গুৰু প্ৰসাদ ওজা আৰু বৰগীতৰ ওজাশিল্পী নীলকান্ত সূত্ৰধাৰদেৱে অনুষ্ঠানটো সুকলমে পাৰ হোৱাৰ বাবে আশীষ বচন আগবঢ়ায়।

মনোজ কুমাৰ দাসৰ প্ৰচেষ্টা "সংস্কৃতি প্ৰৱাহ"- উপকৃত নৱপ্ৰজন্মঃ 4
মনোজ কুমাৰ দাসৰ প্ৰচেষ্টা "সংস্কৃতি প্ৰৱাহ"- উপকৃত নৱপ্ৰজন্মঃ 5


সংস্কৃতি প্ৰৱাহ অনুষ্ঠানত অংশগ্ৰহণ কৰা শিল্পী সকলৰ ভিতৰত প্ৰথম খণ্ডত আছিল – পৰম শ্ৰদ্ধাৰ দ্বিতীয় বৈকুণ্ঠপুৰী বৰপেটা সত্ৰৰ বুঢ়া সত্ৰীয়া, শংকৰদেৱ বঁটা প্ৰাপ্ত, পৰমপূজ্য বশিষ্ঠ দেৱ শৰ্মা। অনুষ্ঠানত উপস্থিত থাকি তেখেতে বৰপেটাৰ সত্ৰীয়া সংস্কৃতিৰ বিষয়ত আলোকপাত কৰাৰ লগতে বহুতো উপযুক্ত তথ্য আগবঢ়াই, দ্বিতীয় খণ্ডত আছিল বৰগীত বিশিষ্ট ওজা শিল্পী শ্ৰদ্ধাৰ গুনীন্দ্ৰ নাথ ওজাদেৱ আৰু তেওঁৰ সংগীবৃন্দ , তেওঁলোকে বৰপেটা শৈলীত অংকীয়া নাটৰ গীত কেনেদৰে গোৱা হয় যাক বৰপেটা সত্ৰত “গীতৰ পালা” বুলি কোৱা হয় তাৰ ওপৰত এক অমৃতবৰ্ষী প্ৰদৰ্শন আগবঢ়ায়।

মনোজ কুমাৰ দাসৰ প্ৰচেষ্টা "সংস্কৃতি প্ৰৱাহ"- উপকৃত নৱপ্ৰজন্মঃ 6
মনোজ কুমাৰ দাসৰ প্ৰচেষ্টা "সংস্কৃতি প্ৰৱাহ"- উপকৃত নৱপ্ৰজন্মঃ 7

তৃতীয় খণ্ডত আছিল সুন্দৰীদিয়া সত্ৰৰ বুঢ়া সত্ৰাধিকাৰ, বিশিষ্ট সত্ৰীয়া শিল্পী শ্ৰদ্ধাৰ জগন্নাথ অধিকাৰীদেৱ। তেখেতে কুলুপীয়া প্ৰসংগৰ ওপৰত বিভিন্ন তথ্য আলোকপাত কৰি তেওঁৰ সংগীতবৃন্দৰ সৈতে অমৃতবৰ্ষী প্ৰদৰ্শন আগবঢ়ায় । ঠিক তেনেদৰে চতুৰ্থ খণ্ডত বিশিষ্ট সত্ৰীয়া শিল্পী ৰবীন্দ্ৰনাথ আৰু তেওঁৰ সংগীবৃন্দই বৰপেটা শৈলীৰ যুগল প্ৰসংগ , পঞ্চম খণ্ডত বিশিষ্ট সত্ৰীয়া শিল্পী বিপুল ওজা আৰু তেওঁৰ সংগীবৃন্দই সত্ৰীয়া ওজাপালি বা ব্যাহ কীৰ্তন, ষষ্ঠ খণ্ডত – শংকৰী সংস্কৃতিৰ গৱেষক শিল্পী ড০ বাবুল দাস চন্দ্র দাসদেৱ বৰপেটা সত্ৰত প্ৰচলিত কৃষ্ণ আৰাধনাৰ চৈধ্য প্ৰসংগৰ যি সাংগীতিক পৰিক্ৰমা তাৰ ওপৰত উৎকৃষ্ট পৰিৱেশন আগবঢ়ায়।

মনোজ কুমাৰ দাসৰ প্ৰচেষ্টা "সংস্কৃতি প্ৰৱাহ"- উপকৃত নৱপ্ৰজন্মঃ 8


সংস্কৃতি প্ৰৱাহৰ সপ্তম খণ্ডত বিশিষ্ট শিল্পীদ্বয় হেমেন দাস আৰু গীতাঞ্জলি গায়নে মৌবৰষা কন্ঠেৰে বৰপেটাৰ পৰম্পৰাগত বৈঠকী অনুষ্ঠানৰ এক সুন্দৰ চানেকী দাঙি ধৰে, অনুষ্ঠানটোৰ আঁতধৰোতা ড০ বাবুল চন্দ্ৰ দাস দেৱে বৰপেটাৰ বৈঠকীৰ বিশিষ্টতাৰ ওপৰত বহুতো তথ্য দাঙি ধৰে। অষ্টম খণ্ডত বিশিষ্ট সত্ৰীয়া শিল্পী ভূদেৱ দাস দেৱ আৰু তেওঁৰ সংগীবৃন্দই ভোৰতাল নৃত্য, নৱম খণ্ডত নকুল দাস দেৱ আৰু তেওঁৰ সংগীবৃন্দই বৰপেটাৰ থিয় নাম আৰু নাওঁখেলৰ গীতৰ ওপৰত মোহময়ী প্ৰদৰ্শন আগবঢ়ায়। দশম খণ্ডত বিশিষ্ঠ নাট্য শিল্পী কুমুদ ৰায়চৌধুৰীয়ে বৰপেটাৰ নাট্য জগত সন্দৰ্ভে এক আলোকপাত আগবঢ়ায় । একাদশ আৰু দ্বাদশ খণ্ডত হৰিদেৱ পাঠক আৰু দুগ্ধনাথ হাজৰিকাই ক্ৰমে চৈধ্য প্ৰসংগত পাঠৰ সুৰ আৰু কামৰূপী লোকগীতৰ ওপৰত মনোমোহা পৰিৱেশন আগবঢ়ায়।

মনোজ কুমাৰ দাসৰ প্ৰচেষ্টা "সংস্কৃতি প্ৰৱাহ"- উপকৃত নৱপ্ৰজন্মঃ 9
মনোজ কুমাৰ দাসৰ প্ৰচেষ্টা "সংস্কৃতি প্ৰৱাহ"- উপকৃত নৱপ্ৰজন্মঃ 10

“সংস্কৃতি প্ৰৱাহ ” শীর্ষক অনুষ্ঠানে সত্ৰীয়া আৰু লোক সংস্কৃতিৰ বৰ্ণালী চমুকৈ হ’লেও ৰাইজৰ আগত প্ৰকাশ কৰিবলৈ সক্ষম হৈছে। পাছলৈ এই অনুষ্ঠানত অসমৰ বহু বিশেষজ্ঞ, শিল্পী জড়িত হৈ সংস্কৃতিৰ অসীম ভঁৰালৰ দিশসমূহ আপোনালোকৰ আগত আগবঢ়াব বুলি ব্যক্ত কৰে পেজখনৰ দায়িত্বত থকা শিল্পী মনোজ কুমাৰ দাসে।

Add comment

Leave a Reply

The Ultimate Managed Hosting Platform