Rupaliparda.com
সুশান্তক উদ্দেশ্যি সৰোজ খানে কৰিছিল শেষৰটো পোষ্টঃ 1

সুশান্তক উদ্দেশ্যি সৰোজ খানে কৰিছিল শেষৰটো পোষ্টঃ

বলীউডৰ নৃত্যশিল্পী সৰোজ খানৰ দেহাৱসান। ৭২ বছৰ বয়সত মৃত্যুবৰণ নৃত্যশিল্পী গৰাকীৰ। “এক দো তিন”, “ধক ধক কৰনে লগা”, “মাৰ ডালা” ৰ দৰে একাংশ জনপ্ৰিয় গীতৰ সৈতে জড়িত সৰোজ খানৰ মৃত্যুত এতিয়া কান্দোনৰ ৰোল উঠিছে। সৰোজ খান বৰ্তমান বলীউডৰ যি ঠাইত প্ৰতিষ্ঠিত তাক পাবলৈ তেওঁ বিভিন্ন সংগ্ৰামৰ মাজেৰে পা ৰহ’বলগীয়া হৈছিল। মৃত্যুৰ কিছুদিন পূৰ্বে সৰোজ খানে চচিয়েল মিডিয়াত তেওঁৰ শেষৰটো পোষ্ট কৰে; যি পোষ্টত সৰোজ খানে উল্লেখ কৰে সুশান্ত সিং ৰাজপুতৰ কথা। সুশান্ত সিঙৰ মৃত্যুৰ দিনা এই পোষ্ট কৰি চচিয়েল মিডিয়াত নিজ শোক ব্যক্ত কৰিছিল নৃত্যশিল্পী গৰাকীয়ে। এতিয়া উক্ত পোষ্টটোকে তেওঁৰ শেষৰটো পোষ্ট বুলি ক’ব পৰা যায়। তেওঁ সুশান্তক উদ্দেশ্যি লিখিছিল যে,

https://www.instagram.com/p/CBazhptBaWV/?utm_source=ig_web_copy_link
সুশান্তক উদ্দেশ্যি সৰোজ খানে কৰিছিল শেষৰটো পোষ্টঃ 2

“আমি একেলগে কাম কৰা নাই যদিও আমি বহুবাৰ লগ পাইছো। আপোনাৰ জীৱনত কি ক্ৰুটি আছিল? মই আচম্বিত হৈছো আপুনি নিজ জীৱনত এনে এক পদক্ষেপ গ্ৰহণ কৰিলে! আপুনি এই বিষয়ে কাৰোবাৰ সৈতে কথা পাতিব পাৰিলেহেঁতেন।” এই বুলি বিভিন্ন কথা কৈ তেওঁ নিজ পোষ্টটো কৰিছিল। উল্লেখ্য যে, কিছুদিন পূৰ্বে স্বাস্থ্যৰ অৱনতি ঘটাত সৰোজ খানক হাস্পাতাললৈ লৈ যোৱা হৈছিল। তেওঁ গম্ভীৰ মধুমেয় বেমাৰৰ দ্বাৰা পীড়িত হৈ আছিল।

Add comment

Leave a Reply

Your Header Sidebar area is currently empty. Hurry up and add some widgets.