Rupaliparda.com
যুৱপ্ৰজন্ম আৰু নীল আকাশৰ যুঁটীয়া প্ৰচেষ্টা "প্ৰহেলিকা"- 1

যুৱপ্ৰজন্ম আৰু নীল আকাশৰ যুঁটীয়া প্ৰচেষ্টা “প্ৰহেলিকা”-

নতুনত্ব বিচাৰি তথা যুৱপ্ৰজন্মৰ কাম কৰাৰ ইচ্ছা তথা প্ৰতিভাৰ প্ৰতি আকৰ্ষিত হৈ একাংশ প্ৰতিষ্ঠিত শিল্পীয়ে চেষ্টা কৰে দৰ্শকক কিবা এটা ব্যতিক্ৰমী সোঁৱাদ দিবলৈ। পুনৰ বাৰ আন এক ৰোমান্টিক গীতৰ সৈতে আহিছে কন্ঠশিল্পী নীল আকাশ। “প্ৰহেলিকা” শীৰ্ষক গীতটিৰ জৰিয়তে আকৌ শ্ৰোতাই শুনিবলৈ পোৱা গৈছে নীল আকাশৰ কন্ঠ। “প্ৰহেলিকা” শীৰ্ষক এই গীতটিত কথা সুশান্ত মনৰ লগতে ইয়াত সুৰ, সংগীত আৰু কম্পোজ কৰিছে ত্ৰিয়ন মহন্তই। গীতটিত শব্দ সংমিশ্ৰন কৰিছে ইবছন লাল বৰুৱাই। গীতটিৰ ভিডিঅ’ পৰিচালনা ও সম্পাদনা কৰিছে তিৰাপ সীমান্ত মেধিয়ে। গীতটিৰ ভিডিঅ’টোত অভিনয় কৰিছে ক্ৰমাৎ জনপ্ৰিয় হৈ উঠা অভিনেতা দীপজ্যোতি মহন্তই। তেওঁৰ সৈতে উক্ত গীতটিত পোনপ্ৰথমবাৰৰ দৰ্শকে দেখিবলৈ পাব যাব এগৰাকী নৱাগতা তনয়া ফুকনক।


গীতটি মুক্তি লাভ কৰা পিছতেই ই জনপ্ৰিয় হৈ উঠা দেখবলৈ পোৱা গৈছে। বৰ্তমান সময়ত জনসাধাৰাণক অকণমান প্ৰশান্তি দিয়াটো অত্যন্ত জৰুৰী হৈ পৰিছে। ঋণাত্মক খবৰ সমূহৰ মাজত দুই এটা ভাল খবৰে দৰ্শকক অকণমান শান্তি দিয়াৰ হেতু শিল্পী সকলে তেওঁলোকৰ ফালৰ পৰা পাৰ্যমানে চেষ্টা কৰা আমি দেখিবলৈ পাইছো

Add comment

Leave a Reply

Your Header Sidebar area is currently empty. Hurry up and add some widgets.