Rupaliparda.com
বিদ্যুৎ আৰু কুণালক সমৰ্থন এইবাৰ তনুশ্ৰী দত্তৰঃ 1

বিদ্যুৎ আৰু কুণালক সমৰ্থন এইবাৰ তনুশ্ৰী দত্তৰঃ

বিদ্যুৎ জামৱাল আৰু কুণাল খেমুৰ সমৰ্থনত এতিয়া আগবাঢ়িছে কেইবাগৰাকীও বলীউডৰ অভিনেতা-অভিনেত্ৰী। ডিজনী+হটষ্টাৰৰ সৈতে হোৱা উক্ত অভিনেতা দুগৰাকীৰ মনোমালিন্যই এতিয়া অইন দিশে গতি কৰা দেখিবলৈ পোৱা গৈছে। চলিত বৰ্ষৰ অক্টোবৰ মাহলৈ ডিজনী+ হটষ্টাৰৰ প্লেটফৰ্মটোত মুকলি কৰা হ’ব ৭ খনকৈ ছবিক। ছবিকেইখন হৈছে ক্ৰমে লক্ষ্মী বোম্ব, সড়ক, ভূজঃ দা প্ৰাইড অৱ ইণ্ডিয়া, খুদা হাফিজ, দা বিগ বুল আৰু ল্যুটকেছ। কিন্তু এই আটাইকেইখন ছবিৰ মুক্তিৰ খবৰ ওলোৱা পিছতেই উক্ত প্লেটফৰ্মটোৱে ভাৰ্ছুৱেলি এক কাৰ্যসূচী অনুষ্ঠিত কৰিছিল; য’ত উপস্থিত আছিল মুক্তি পাবলগীয়া ৫ খন ছবিৰ তাৰকা।


কিন্তু, এই কাৰ্যক্ৰমত অংশগ্ৰহণ কৰিবলৈ আমন্ত্ৰণ জনোৱা হোৱা নাছিল বাকী থকা দুই ছবিৰ তাৰকা ক্ৰমে বিদ্যুৎ জামৱাল আৰু কুণাল খেমুক। ইয়াক লৈয়ে দুই গৰাকীয়ে নিজ নিজ প্ৰতিক্ৰিয়া ব্যক্ত কৰে আৰু প্ৰতিক্ৰিয়াকে সঁহাৰি জনোৱা দেখা পোৱা যায় একাংশ আন তাৰকাক। তেওঁলোকৰ সমৰ্থনত এইবাৰ আহিল অভিনেত্ৰী তনুশ্ৰী দত্ত; তেওঁ এটি টুইটৰ দ্বাৰা কয় যে, ” মই প্ৰত্যেককে খুডা হাফিজ আৰু ল্যুটকেছ চাবলৈ অনুৰোধ জনাম। আহকচোন এনে প্ৰতিভাক সমৰ্থন কৰো যিসকলে পূৰ্বতে হিট ছবি দিয়াৰ সলনি এটা ভাল ভৱিষ্যৎ গঢ় দিবলৈ সংগ্ৰাম কৰি আছিল। কিয় উৎসাহ আৰু প্ৰশংসা দিয়াটো ইমানেই কঠিন নেকি?” তনুশ্ৰীৰ বাহিৰেও কুইন কংগনাইও অভিনেতা দুগৰাকীক সমৰ্থন কৰে।

Add comment

Leave a Reply

The Ultimate Managed Hosting Platform