Rupaliparda.com
সুবাসনা দত্ত আৰু আইমীয়ে মনত পেলাইছে নিজ কৰ্মক্ষেত্ৰখনকঃ 1

সুবাসনা দত্ত আৰু আইমীয়ে মনত পেলাইছে নিজ কৰ্মক্ষেত্ৰখনকঃ

নিজ কৰ্মক্ষেত্ৰলৈ মনত পেলাইছে দুই অসমীয়া তাৰকাই। এগৰাকীয়ে যদি মনত পেলাইছে নিজ গীত পৰিৱেশনৰ মঞ্চখন; আনহাতে এগৰাকীয়ে মনত পেলাইছে নিজৰ শ্বুটিং সময়ছোৱাক। সুবাসনা দত্তৰ সমান্তৰালকৈ আইমী বৰুৱাইও একোটা চচিয়েল মিডিয়া পোষ্টৰ জৰিয়তে অনুৰাগীক দেখুৱাইছে তেওঁলোকৰ মনত পৰা কৰ্মসমূহক। বিগত কেইবামাহৰ পৰাই স্তব্ধ হৈ থকা মনোৰঞ্জন ক্ষেত্ৰখনক লৈ বিভিন্নজন শিল্পীয়ে বিভিন্ন ধৰণে পোষ্ট কৰা দেখিবলৈ পোৱা গৈছিল।

https://www.instagram.com/p/CCEAhpKJRM3/?utm_source=ig_web_copy_link

ৰঙালী বিহুৰ সময়ছোৱাত এগৰাকী শিল্পীৰ থাকিবলগীয়া ব্যস্ততাক এইবাৰ পাহৰি একাংশ কন্ঠশিল্পী থাকিবলগীয়া হৈছিল ঘৰতেই; ইয়াৰ মাজতেই কন্ঠশিল্পী সুবাসনাই মঞ্চখন নাপালেও দৰ্শকক মনোৰঞ্জন কৰোৱাবলৈ গ্ৰহণ কৰিছিল চচিয়েল মিডিয়াক। লাইভ অনুষ্ঠানেই হওঁক অথবা নিজ পেজৰ দ্বাৰা একোটা গীত পৰিৱেশন কৰি মুক্তি কৰাই হওঁক; কন্ঠশিল্পী গৰাকীয়ে প্ৰায়ে চেষ্টা কৰিছিল নিজ অনুৰাগীৰ কাষ চাপিবলৈ। ঠিক তেনেদৰে; বহু দিনৰ অন্তত সুবাসনাৰ আকৌ এবাৰ মনত পৰিছে নিজ কৰ্মক্ষেত্ৰলৈ।

View this post on Instagram

আপোনালোক সকলোৱে আদৰি লোৱা ধাৰাবাহিক "বিধাতা" ৰ সময়ৰ ভিডিঅ' এইটো। ৰূপ সজ্জাকাৰে অতি নিপুন কৈ মই অভিনয় কৰা"পূৰ্ণিমা" চৰিত্ৰটি গঢ় দিছিল। উল্লেখ্য যে কাহিনীৰ দাবী অনুসৰিয়েই চৰিত্ৰটিত মোৰ মুখৰ এটা ফাল নষ্ট আছিল। মুখখনত আৰু এটি অবয়ব আঠা লগোৱাৰ ফলত ৰাতিপুৱা পৰা গধূলিলৈ খোৱা বোৱাত, কথা বতৰাত যথেষ্ট কষ্ট হৈছিল যদিও অাপোনাসৱৰ মৰমৰ, আগ্ৰহ অাৰু অাশীৰ্বাদৰ বাবে সেইবোৰ নিমিষতে পাহৰি পেলাইছিলোঁ। সময়বোৰ সোনকালে আগৰ দৰে হওক, ভাল লগা কামবোৰে বাৰে বাৰে হাত বাউল দি মাতি আছে। The video is from the making of all of our beloved serial 'Bidhata'. My character (purnima) had to cover one side of the face as she was displayed demolished and for that I was unable to take meal during the shooting time. It was a great experience with the team workers.I miss those passionate working days . And I presume everyone does. I hope those days return soon. #theowback #bidhata #megaserial #shooting #makeup #character #love #acting #memory #throughback #assameseactress #aimee #aimeebaruah #aimeebaruahbaruahofficial

A post shared by Aimee Baruah (@aimeebaruahofficial) on


ঠিক একেদৰেই নিজৰ পূৰ্বৰ ধাৰাবাহিক “বিধাতা” ৰ শ্বুটিং সময়খিনিক মনত পেলাইছে অভিনেত্ৰী আইমী বৰুৱাই। ধাৰাবাহিক খনত তেওঁ ৰূপায়ন কৰা চৰিত্ৰটোৰ মেক-আপ কৰি থকা অৱস্থাৰ এটা ভিডিঅ’ আপলোড কৰি তেওঁ শ্বেয়াৰ কৰে চচিয়েল মিডিয়াত। চচিয়েল মিডিয়াত নিজৰ সন্তান ও কিছুমান ফিটনেছ ভিডিঅ’ শ্বেয়াৰ কৰি দৰ্শকৰ মাজত সক্ৰিয় হৈ থকা দেখিবলৈ পোৱা যায় অভিনেত্ৰী আইমী বৰুৱাক।

Add comment

Leave a Reply

The Ultimate Managed Hosting Platform