Rupaliparda.com
"সূৰ্য়ৱংশী" ৰ পৰা বাহিৰ কৰা হ'ল নেকি কৰণ জহৰক?? জানক সত্যঃ 1

“সূৰ্য়ৱংশী” ৰ পৰা বাহিৰ কৰা হ’ল নেকি কৰণ জহৰক?? জানক সত্যঃ

অভিনেতা সুশান্ত সিং ৰাজপুতৰ মৃত্যুৰ পিছত ক্ৰমান্বয়ে কৰণ জহৰ চচিয়েল মিডিয়াত ট্ৰোল হৈ গৈ আছে। এনে সময়তে, খবৰ আহিছিল যে অক্ষয় কুমাৰৰ আগন্তুক ছবি “সূৰ্য়ৱংশী” ৰ পৰা কৰণ জহৰক বাহিৰ উলিয়াই দিয়া হৈছে। ছবিখনৰ সৈতে কৰণ জহৰ প্ৰযোজক ৰূপে জড়িত হৈ আছিল। চচিয়েল মিডিয়াত কৰণ জহৰক বাহিৰ ওলাই দিয়া কথাটো এতিয়া একাংশই ভাইৰেল কৰি তুলিছে; কিন্তু এই কথাৰ সত্যতা এতিয়াহে বাহিৰ ওলাই অহা দেখিবলৈ পোৱা গৈছে। চলচিত্ৰ সমালোচক তৰণ আদৰ্শে এই কথাৰ সত্যাসত্যতা এটি পোষ্ট যোগে ব্যক্ত কৰে, তেওঁ কয় যে, “ৰিয়ালেন্স এন্টাৰটেইনমেন্টে কৰণ জহৰক “সূৰ্য়ৱংশী” ৰ পৰা বাহিৰ উলিয়াই দিয়া কথাটো একেবাৰেই অসত্য।” উক্ত ছবিখনৰ পৰা ধৰ্মা প্ৰডাকচনক বাহিৰ উলিয়াই দিয়া কথাটো জনাইছিলে আন এজন ছবি সমালোচক সলিল সন্দে। সলিল সন্দৰ এই টুইটৰ পিছতেই ই ভাইৰেল হোৱাৰ উপৰিও কংকনা ৰাণাওঁটেও কৰণ জহৰক বাহিৰ উলিয়াই দিয়া কথাটোক লৈ প্ৰশংসা কৰিছিল অক্ষয় কুমাৰৰ।


উল্লেখ্য যে,”সূৰ্য়ৱংশী” ছবিখন ধৰ্মা প্ৰডাকচন আৰু ৰিয়ালেন্স এন্টাৰটেইমেন্টে যুঁটীয়াভাৱে নিৰ্মাণ কৰি উলিয়াইছে। ছবিখন মুক্তি দিয়াৰ কথা আছিল যদিও ক’ৰ’ণা ভাইৰাছৰ বাবে ইয়াৰ মুক্তি ডিচেম্বৰ মাহলৈ লৈ পিছুৱাই দিয়া হ’ল। ছবিখনক লৈ একাংশ পূৰ্বৰে পৰা উৎসাহিত হৈ থকা দেখিবলৈ পোৱা গৈছিল; ট্ৰেইলাৰ মুক্তি পিছতেই ছবিখনক লৈ দৰ্শক আৰু অধিক আকৰ্ষিত হৈছিল।

Add comment

Leave a Reply

Your Header Sidebar area is currently empty. Hurry up and add some widgets.