Rupaliparda.com
কল্পনাই কেনেদৰে ল'ব পাৰে আপোনাৰ বাস্তৱিকতাক আগ্ৰাসনতঃ চাওঁক "Airdrop 2.0"- 1

কল্পনাই কেনেদৰে ল’ব পাৰে আপোনাৰ বাস্তৱিকতাক আগ্ৰাসনতঃ চাওঁক “Airdrop 2.0”-

আপুনি কেতিয়াবা নিজৰ মানসিক স্থিতিৰ খেলি-মেলি অনুভৱ কৰি পাইছেনে? কেতিয়াবা কাৰোবাৰ কাল্পনিক ছবিখনক বাস্তৱলৈ লৈ অনাৰ কথা ভাবিছেনে? কেতিয়াবা অনুভৱ কৰিছেনে উদাসহীনতা ও নিৰ্জনতা? আচলতে, এনে অনুভৱবোৰ একোজন ব্যক্তিয়ে প্ৰায়ে অনুভৱ কৰে। আমাৰ কল্পনাৰ ৰাজ্যখন বাস্তৱ সময়ৰ পৰা আঁতৰি খুব সন্দৰ হৈ পৰে কেতিয়াবা; তাত থকা মানুহবোৰে আমি ভবাৰ দৰেই ক্ৰিয়া কৰে প্ৰত্যেকটো সময়ত। কল্পনা পৃথিৱীৰ প্ৰত্যেকটো বস্তু আমাৰ ভাবৰ দৰেই সুন্দৰ হৈ পৰাৰ বাবেই কেতিয়াবা ই ইমান অধিককৈ জনসাধাৰণক আগ্ৰাসনত ল’ব পাৰে যে ইয়াৰ ফলত এজন ব্যক্তি মানসিকভাৱে দূৰ্বল হৈ পৰে। এনে এক বিষয়বস্তুৰে নিৰ্মিত এখন চুটি ছবিয়ে লাভ কৰিছে দৰ্শকৰ সমাদৰ; V Six Motion নিবেদিত চুটি ছবি Airdrop 2.0 য়ে দৰ্শকৰ হৃদয়ত স্থান বনাবলৈ সক্ষম হৈছে। স্বাধীনভাৱে নিৰ্মিত এই ছবিখনত দৰ্শকে অনুভৱ কৰিছে থ্ৰীলাৰৰ।


অভিনৱ কাশ্যপৰ দ্বাৰা পৰিচালিত ১১ মিনিট দৈৰ্ঘ্যৰ উক্ত চুটি ছবিখনত অন্তৰ্ভূক্ত কাহিনী যথোপযুক্ত প্ৰতিফলন কৰাত সফল হৈছে ইয়াত অভিনীত অভিনেতা-অভিনেত্ৰীয়ে।কেতিয়াবা একোজন ব্যক্তি বিশেষে নিজ কল্পনাৰে অইন এজন ব্যক্তিৰ এনেদৰে নিৰ্মাণ কৰি লয় যে পিছলৈ সেই কল্পনা ৰাজ্যত থকা ব্যক্তিগৰাকীয়ে বাস্তৱত তেওঁক নিজ আগ্ৰাসনত লৈ পেলায়। ছবিখনৰ দৃশ্যগ্ৰহণ অথবা চিত্ৰনাট্যৰ ক্ষেত্ৰত আৰু অধিক পৰিপক্কতা আনিব পৰা গ’লহেঁতেন যদিও চুটি ছবিখনৰ কাহিনীভাগে ইয়াক ঢাকি পেলোৱাত সক্ষম হৈছে যেন অনুভৱ হয়। এনেবোৰ ক্ষেত্ৰতেই মনোৰঞ্জন জগতখনত আগন্তুক সময়ত আৰু অধিক প্ৰতিভাৰ সন্নিৱিষ্ট হোৱাৰ কথাটোক অমান্য কৰিব পৰা নাযায়।

কল্পনাই কেনেদৰে ল'ব পাৰে আপোনাৰ বাস্তৱিকতাক আগ্ৰাসনতঃ চাওঁক "Airdrop 2.0"- 2


Airdrop 2.0 ত অভিনয় কৰিছে আয়ানজিৎ দেৱ শৰ্মা, থুঁৰীয়া শইকীয়া। ছবিখনৰ কাহিনী ধৃতিমান বৰোৰ আৰু চিত্ৰনাট্য হৈছে কুলদীপ আহান গোস্বামীৰ। চিনেমেটো’গ্ৰাফী আৰু সম্পাদনা হাৰ্ডিক কাশ্যপৰ লগতে সহঃ চিনেমেটো’গ্ৰাফাৰৰ দায়িত্বত আছিল যুগল শইকীয়া। ছবিখনৰ সংগীত আৰু আৱহ সংগীত নিবিড় ৰয় কলিতাৰ আৰু ইয়াত গীতাৰ বজাইছিল জগদীশ শইকীয়াই। ৰূপসজ্জা নিৰ্মালী কাশ্যপ দাসৰ আৰু ভইচ অভাৰ নৱাৰুণ চৌধুৰীৰ। পোষ্টাৰ ডিজাইন কৰিছিল ইফতিকাৰ আলি আহমেদে।

Add comment

Leave a Reply

The Ultimate Managed Hosting Platform