Rupaliparda.com
অনুৰাগ শইকীয়াৰ ন-প্ৰকল্পঃ লগত আছে ৰাহুল গৌতম শৰ্মা আৰু শংকুৰাজ- 1

অনুৰাগ শইকীয়াৰ ন-প্ৰকল্পঃ লগত আছে ৰাহুল গৌতম শৰ্মা আৰু শংকুৰাজ-

কিছুমান সময়ত আমি নিজৰ মাজত হেৰাই যাওঁ; ক্লান্ত হৈ পৰো। এই ক্লান্তি আৰু ভাগৰ অথবা কল্পনা-বাস্তৱৰ মাজত অহৰহ হৈ থকা খেলি-মেলিৰ সমীকৰণবোৰৰ উত্তৰ উলিয়াই ল’বলৈ কেতিয়াবা ব্যক্তিবিশেষৰ অসুবিধা হয়। মুম্বাই প্ৰতিষ্ঠিত অসম সন্তান জনপ্ৰিয় সংগীত পৰিচালক অনুৰাগ শইকীয়াক প্ৰায়ে চচিয়েল মিডিয়াত সক্ৰিয় হোৱা দেখিবলৈ পোৱা যায়; তেওঁ প্ৰায়ে তেওঁৰ আগন্তুক প্ৰকল্পসমূহৰ ব্যতিক্ৰমী প্ৰচাৰ চলোৱা দেখিবলৈ পোৱা যায়। এইবাৰো এনে প্ৰকল্পৰ আগজাননী দি দৰ্শক আৰু শ্ৰোতাক আকৰ্ষণ কৰিছে শিল্পী গৰাকীয়ে। “কুকুহা” শীৰ্ষক এটি গীতৰ সৈতে আহি আছে অনুৰাগ শইকীয়াকে ধৰি নৱপ্ৰজন্মৰ দুই শিল্পী ক্ৰমে ৰাহুল গৌতম শৰ্মা আৰু শংকুৰাজ। অনুৰাগ শইকীয়াই জানিবলৈ দিয়া মতে, আগন্তুক সকলো প্ৰকল্পৰ সমান্তৰালকৈ “কুকুহা” গীতটিও তেওঁৰ বাবে বৰ আকৰ্ষণপূৰ্ণ আৰু কৌতুহলজনিত কৰ্ম। চলিত মাহৰ ১২ তাৰিখে এই গীতটিক মুকলি কৰি দিয়া হ’ব; ইতিমধ্যে ইয়াৰ ফাৰ্ষ্ট মোশ্বন পিকছাৰ উলিয়াই দিয়া হৈছে।

অনুৰাগ শইকীয়াৰ ন-প্ৰকল্পঃ লগত আছে ৰাহুল গৌতম শৰ্মা আৰু শংকুৰাজ- 2


গীতটিত কথা ৰাহুল গৌতম শৰ্মাৰ আৰু ইয়াত কন্ঠদান কৰিছে শংকুৰাজে; সংগীত ব্যৱস্থাপনা ইশান দাসৰ। বস্তুগত পৃথিৱীৰ পৰা ওলাই আহি এজন ব্যক্তিৰ মানসিকতাক গীতটিৰ জৰিয়তে প্ৰতিফলনৰ চেষ্টা কৰা হৈছে বুলি জানিবলৈ দিয়ে গীতটিৰ লেখক ৰাহুল গৌতম শৰ্মাই। এজন ব্যক্তি বিশেষৰ মনস্তাত্বিক স্থিতিৰ ওপৰত সমাজৰ ভিন্ন বান্ধোনে পেলোৱা প্ৰভাৱ অথবা সমাজৰ ওপৰত পৰা একোজন মনুষ্যৰ চিন্তা-ধাৰাবোৰে এটা সময়ত গৈ অৱসাদ বিচাৰে। কোনো জটিলতা নিবিচৰাকৈ, কোনো আক্ষেপ সহ্য নকৰাকৈ কিছু সময়ৰ জিৰণিৰ আশাৰে জীয়াই থকা একাংশ জীৱনৰ উপস্থাপনেই হৈছে “কুকুহা”; উক্ত গীতটিক লৈ বৰ্তমান সকলোৰে উৎকন্ঠা।


উক্ত গীতটিৰ পোষ্টাৰ ডিজাইন কৰিছে কৌশিক বৰগোঁহাইয়ে আৰু আনহাতে ইয়াত এনিমেশ্বন ঋতুপৰ্ণ বৰাৰ। গীতটিৰ সৈতে জড়িত প্ৰত্যেকটা নামৰ সৈতে থকা অনুৰাগীৰ সংখ্যা লেখত ল’বলগীয়া। উল্লেখ্য যে, ইতিমধ্যে মুক্তি কৰি দিয়া গীতটিৰ নাম অথবা পোষ্টাৰখনৰ আঁৰৰ অৰ্থটোৱে দৰ্শকৰ মনত কৌতুহলৰ সৃষ্টি কৰিছে। এনে এটা শব্দৰ দ্বাৰা ৰচিত এটি গীতক লৈ এতিয়া অপেক্ষাৰত বহুজন। একোটা স্থানত প্ৰতিষ্ঠিত হৈ এই গীতটিৰ সৈতে জড়িত প্ৰত্যেকজনেই অসমলৈ কঢ়িয়াইছে গৌৰৱ।

Add comment

Leave a Reply

The Ultimate Managed Hosting Platform