ৰাষ্ট্ৰীয় প্ৰেক্ষাপটৰ চুকে-কোণে থকা প্ৰতিভাই কোনেও নজনাকৈয়ে কঢ়িয়াই আছে অসমলৈ গৌৰৱ। এখন ছবি অথবা এটা গীত নাইবা কোনো ধৰণৰ ৰাষ্ট্ৰীয় প্ৰেক্ষাপটৰ বিজ্ঞাপনেই নহওঁক কিয়! এই আটাইবোৰ ক্ষেত্ৰতেই নিজ প্ৰতিভাৰে আগবাঢ়ি গৈছে অসমৰেই একাংশ যুৱক-যুৱতী। এনেধৰণে নিজৰ প্ৰবল ইচ্ছাশক্তি আৰু দৃঢ়প্ৰতিজ্ঞাৰে মনোৰঞ্জন ক্ষেত্ৰখনত অন্তৰ্ভূক্ত হৈছে অসমৰ যোৰহাটত জন্মগ্ৰহণ কৰা এগৰাকী যুৱতী অন্বেষা কটকী। সৰুৰ পৰাই এই মনোৰঞ্জন ক্ষেত্ৰৰ প্ৰতি আকৰ্ষিত হোৱা অন্বেষা বৰ্তমান ছবি পৰিচালনাৰ সৈতে বুলিয়ে নহয়; তেওঁ শাস্ত্ৰীয় সংগীতৰ শিক্ষা গ্ৰহণ কৰি তাত সৰুতেই বিষাৰদো গ্ৰহণ কৰিছে। চিনেমা চাই ভালপোৱাৰ বাবে ইয়াক পৰিচালনা কৰাৰ বাবেও আগ্ৰহী হৈছিল উক্ত শিল্পী গৰাকী। এই ক্ষেত্ৰখনত আচলতে কেৱল ইচ্ছা থাকিলেই যে সকলো সম্পন্ন হ’ব তেনে নহয়; ইয়াৰ বাবে সম্যক জ্ঞান অথবা দক্ষতা আৰু কাৰিকৰী দিশত কিছু জ্ঞান থকাটো অত্যন্ত প্ৰয়োজনীয়। সেইবাবে হয়টো অন্বেষাই মুম্বাইলৈ গৈ প্ৰথমচোৱাত ছবিখনৰ পৰিচালনাত নোৱাৰিলেও অন্যান্য দিশৰ সৈতে জড়িত হৈছিল; ইয়াৰ আঁৰত মাত্ৰ এটাই কথা আছিল যে কেনেদৰে তেওঁ চিনেমা অথবা মনোৰঞ্জন ক্ষেত্ৰখনৰ প্ৰতিটো দিশৰ জ্ঞান অৰ্জন কৰিব পাৰে।

তেওঁ কৈছিল যে, “ফিল্ম মেকিঙৰ শিক্ষা গ্ৰহণৰ বাবে মই যেতিয়া মুম্বাইলৈ গৈছিলো তেতিয়া তাত ফিল্ম মেকিঙত মাষ্টাৰ ডিগ্ৰী প্ৰদান কৰা প্ৰতিষ্ঠান এখনেই আছিল; যিখন হ’ল Zima। তাত অন্তৰ্ভূক্তি লৈ দেখিছিলো যে মোৰ অধ্যয়নৰত বিষয়ৰ শ্ৰেণীটোত সকলো ছাত্ৰহেই আছিল; ছোৱালী কেৱল মইয়ে আছিলো। তথাপিও, প্ৰতিষ্ঠানটোত প্ৰতিটো সপ্তাহত দিয়া কৰ্ম সমূহে মোক প্ৰতিটো সময়ত অভিজ্ঞতা দি যাবলৈ ধৰিছিলে। পৰিচালনাৰ শিক্ষাৰ্থী আছিলো যদিও প্ৰতিষ্ঠানটোত থকা পাঠ্যদান বোৰৰ প্ৰতিটো বিষয়ত মই শিকাৰ সুযোগ পাইছিলো আৰু সেইবাবেই হয়টো মই শিক্ষা সাং কৰাৰ পূৰ্বেই এখন ছবিৰ সাজসজ্জাৰ দিশটো চাবলৈ মোক সুবিধা দিয়া হৈছিল; যিখন বলীউড ছবিত অভিনয় কৰিছিল প্ৰতীক বব্বৰ আৰু ৰাইমা সেনে।” উক্ত প্ৰকল্পটোৰ পিছতেই অন্বেষাৰ কৰ্মৰ এঢোপ এঢোপ উৰ্দ্ধগামীতা হৈছিল বুলি প্ৰকাশ কৰে তেওঁ। এ.আৰ.ৰহমানৰ পৰা আদি কৰি নীতি মোহন, বেনী ডয়াল, ৰঞ্জিত বেৰত, জনিতা গান্ধীৰ আদিৰ বিভিন্ন সাংগীতিক কৰ্মৰ লগতো অন্বেষা বৰ্তমান জড়িত।

ছবি অথবা সংগীতৰ বাদে তেওঁ কেইবাগৰাকীও জনপ্ৰিয় চিলেব্ৰেটী ক্ৰমে শ্বাহৰুখ খান, শচীন তেণ্ডুলকাৰ, শিল্পা চেট্টি, তাপসি পান্নু, আয়ূসমান খুৰানাৰ বিজ্ঞাপনৰ পৰিচালনাৰ সৈতেও জড়িত। সম্প্ৰতি দৰ্শকৰ হৃদয়ত ঠাই বিস্তাৰ কৰা ৱেব চিৰিজ সমূহ পৰিচালনাৰ দিশত জড়িত হ’বলৈও সুবিধা লাভ কৰিছে অন্বেষা কটকীয়ে। অসম সন্তান ৰূপে লাভ কৰা এনেধৰণৰ সুবিধা আৰু অসমলৈ আহি কি কাম কৰিব বুলি প্ৰশ্ন কৰাত তেওঁ কয় যে, “এগৰাকী ছোৱালী হিচাপে মুম্বাইলৈ আহি কাম কৰিবলৈ হ’লে বহু প্ৰত্যাহ্বানৰ সন্মুখীন হোৱাটো স্বাভাৱিক। ইয়াৰ মাজতে নিজৰ সুৰক্ষা আৰু কোনোৱে যাতে ক’ৰ’বাত কোনো ধৰণৰ ঋণাত্মক মানসিকতালৈ প্ৰশ্ন কৰিব নোৱাৰে তাক লৈ সক্ৰিয় হৈ থাকিবলগীয়া হয়। আনহাতে, এখন ছবি নিৰ্মাণৰ সময়ত প্ৰায় ১৫/১৬ ঘন্টা কাম কৰিবলগীয়া হয়; এইখিনি সময়ত নিজক সষ্টম কৰি ৰখাৰ উপৰিও দৈহিক আৰু মানসিক সক্ষমতাৰ বহুল প্ৰয়োজন হয়।কিন্তু এগৰাকী অসম সন্তান হৈ মই এতিয়ালৈ কাম বুলি ক’লে তাত সৰু ডাঙৰ বিচাৰ নকৰি কেৱল কিবা এটা শিকাৰ আশাৰে আগবাঢ়ি গৈছো। প্ৰত্যেকটো প্ৰকল্পত জড়িত হৈ মই শিকিবলৈ ইচ্ছা কৰিছিলো।”

ইয়াৰ উপৰিও অন্বেষাই কয় যে, “অসমত কাম কৰা খুব ইচ্ছা আছে; এতিয়া অসমত কাম কৰাৰ যথেষ্ট সুবিধা আছে যিটো কিছুদিন আগলৈ বৰ বেছি নাছিলে। শেহতীয়াকৈ মই দুখন ছবি ক্ৰমে মঞ্জুল দাৰ “অন্তৰীণ” আৰু অনুপম দাৰ “বৰনদী ভঁটিয়ায়” উপভোগ কৰিলো অনলাইন; সাংঘাতিক ভাল লাগিল। এনেধৰণৰ বিষয়বস্তু অথবা কাম দেখি অসমত কাম কৰা ইচ্ছা এতিয়া মোৰ দুগুণে বাঢ়িছে। আচলতে, মই ভালপোৱা লেখক এজনৰ এটা প্ৰিয় গল্প লৈ মই এখন চুটি ছবি নিৰ্মাণৰ কথা ভাৱিছো; চাওঁচোন কি হয়।” উল্লেখ্য যে, নৱাজুদ্দিন চিড্ডিকীৰ এখন জনপ্ৰিয় ছবি “বাবুমছাই বান্দুকবাজ” টো অন্বেয়া ওতঃপ্ৰোতভাৱে জড়িত হৈ আছিল। “Blink To Speak” নামে এখন তথ্যচিত্ৰৰ সৈতে জড়িত আছিল অন্বেয়া কটকী; যিখন তথ্য চিত্ৰই লাভ কৰিছিল “Cannes Lion” ত “Grand Prix” শীৰ্ষক এটা আন্তঃৰাষ্ট্ৰীয় প্ৰেক্ষাপটৰ বঁটা।
Add comment