Rupaliparda.com
"ছেল্ফী ৰাণী" গীতালিৰ জন্মদিনঃ 1

“ছেল্ফী ৰাণী” গীতালিৰ জন্মদিনঃ

কন্ঠশিল্পী গীতালিৰ জন্মদিন। তেজপুৰত জন্মগ্ৰহণ কৰা গীতালি সংগীতৰ সমান্তৰালকৈ জড়িত অভিনয়ৰ লগতো। সৰুৰ পৰাই সাংস্কৃতিক ক্ষেত্ৰৰ সৈতে জড়িত কন্ঠশিল্পী গৰাকীয়ে সত্ৰীয়া নৃত্যৰ লগতে ২০০০ চনত বিহু কুঁৱৰীৰো খিতাপ লাভ কৰিবলৈ সক্ষম হৈছিল। ২০০৬-০৭ চনত “নাহৰ কলি” শীৰ্ষক এটি গীতৰ দ্বাৰা সংগীত ক্ষেত্ৰখনত প্ৰফেচনেলি অন্তৰ্ভূক্ত হোৱা গীতালি বৰ্তমান এই ক্ষেত্ৰখনৰ চিনাকী নাম। সংগ্ৰাম, সংঘৰ্ষ সদায় সকলোৰে জীৱনতেই থাকে, কিন্তু এই সংঘৰ্ষ মাজেৰেই আগবাঢ়ি কন্ঠশিল্পী গৰাকীয়ে লাভ কৰিছে বৰ্তমানৰ স্থান। উল্লেখ্য যে, এইবাৰ গীতালি সাজু হৈছে তেওঁৰ আন এক প্ৰকল্পক লৈ। “গুটীয়া নাও” শীৰ্ষক এটি গীতৰ সৈতে অনুৰাগীৰ মাজলৈ আহিবলৈ সাজু হৈছে কন্ঠশিল্পী গৰাকী।

"ছেল্ফী ৰাণী" গীতালিৰ জন্মদিনঃ 2
"ছেল্ফী ৰাণী" গীতালিৰ জন্মদিনঃ 3


দিগন্ত ভাৰতীৰ কথা আৰু সুৰেৰে ৰচিত উক্ত গীতটিত সংগীত দিছে মুম্বাই প্ৰতিষ্ঠিত হৰ্জিৎ দিয়াজে। জানিব পৰা মতে, অতি শীঘ্ৰেই গীতটিৰ সৈতে অনুৰাগীৰ কাষ চাপিব কন্ঠশিল্পী গৰাকী। তেওঁৰ জন্মদিনত ৰূপালীপৰ্দাৰ ফালৰ পৰাও জনাইছো জন্মদিনৰ অশেষ শুভকামনা।কন্ঠশিল্পী গীতালীৰ কেৱল মাত্ৰ সংগীতেই নহয়; তেওঁৰ মহানুভৱতাৰো পূৰ্ণ নিদৰ্শন পাবলৈ সক্ষম হৈছিল দৰ্শক ও শ্ৰোতা। চচিয়েল মিডিয়াত বিভিন্ন জন অনুৰাগীয়ে আজি তেওঁলৈ যাঁচিছে জন্মদিনৰ শুভকামনা।

Add comment

Leave a Reply

Your Header Sidebar area is currently empty. Hurry up and add some widgets.