Rupaliparda.com
ইউটিউব একটিভ হ'ব অংগৰাগ পাপন মহন্তঃ 1

ইউটিউব একটিভ হ’ব অংগৰাগ পাপন মহন্তঃ

“লক-ডাউন” ত বহুকেইজন জনপ্ৰিয় কন্ঠশিল্পীক চচিয়েল মিডিয়াত সক্ৰিয় হৈ পৰা দেখিবলৈ পোৱা গৈছিল। ইয়াৰ ভিতৰত উল্লেখনীয় আছিল অংগৰাগ পাপন মহন্তও। “লক-ডাউন” ৰ প্ৰথমটো ভাগত আচলতে বহু শ্ৰোতা ও দৰ্শকে উপভোগো কৰিছিল পাপনে নিজ ব্যক্তিগত ইউটিউব চেনেলত আপলোড কৰা গীতসমূহ। পাপনে শেহতীয়াকৈ এটি ভিডিঅ’ যোগে তেওঁৰ অনুৰাগী সমূহৰ আহ্বান অনুসৰি তেওঁৰ ইউটিউব চেনেলত আকৌ এবাৰ একটিভ থাকি বিভিন্ন গীত আপলোড কৰাৰ আশ্বাস প্ৰদান কৰে। তেওঁ কয় যে স্তব্ধতাৰ মাজতো শ্ৰোতা বা দৰ্শকৰ কাষ চপা মূল মাধ্যমটো বৰ্তমান ইউটিউব হৈ পৰিছে আৰু ইয়াতেই নিজৰ বিভিন্ন গীতক পুনৰ নতুন সংস্কৰণেৰে আপলোড কৰাৰ ব্যৱস্থা কৰিছে বুলি কন্ঠশিল্পী গৰাকীয়ে অনুৰাগীক জানিবলৈ দিয়ে। উল্লেখ্য যে, ৫০০ বছৰ পূৰণি কিছু সংখ্যক বৰগীতক লৈ তেওঁৰ কন্ঠৰেই মুক্তিপ্ৰাপ্ত “বৰগীত ঘোষা” ৰ প্ৰথমটো সংস্কৰণত অন্তৰ্ভূক্ত এটি বৰগীতৰ ভিডিঅ’ কিছুদিন পূৰ্বে মুকলি কৰে কন্ঠশিল্পী গৰাকীয়ে।

ইউটিউব একটিভ হ'ব অংগৰাগ পাপন মহন্তঃ 2


“ব্ৰহ্মাই আদি কৰি” শীৰ্ষক বৰগীতটি মুকলি কৰা হয় তেওঁৰ ব্যক্তিগত ইউটিউব চেনেল যোগে। উল্লেখ্য যে, পাপনৰ বৰগীতৰ শ্ৰৱ্য কেছেটখন মুক্তি দিয়াৰ এটাই মাত্ৰ মূল উদ্দেশ্যি আছিল যে গুৰু দুজনাৰ সৃষ্টিক নতুন প্ৰজন্মৰ মাজলৈ আগবঢ়াই দিয়া। সময়ৰ সোঁতত হেৰাই যোৱাৰ শংকা প্ৰকাশ কৰিয়েই তেওঁ এই পদক্ষেপ গ্ৰহণ কৰা বুলি জনাইছিল সংবাদ মাধ্যম যোগে। বৰগীতটিক ইতিমধ্যে সঁহাৰি জনোৱা দেখিবলৈ পোৱা গৈছে জনসাধাৰণক।

Add comment

Leave a Reply

Your Header Sidebar area is currently empty. Hurry up and add some widgets.