এখন চিনেমা নিৰ্মাণ কৰি দৰ্শকৰ সমুখত ইয়াক উপস্থাপন কৰাটো সহজ কাম নহয়। ইয়াত থকা চৰিত্ৰ সমূহৰ অভিনয়ৰ পুংখানুপুংখতা, কাহিনী, চিত্ৰনাট্য আদিৰ ধাৰাবাহিকতা অত্যাধিক মনকৰিবলগীয়া। আজি আমি অসমীয়া ছবিৰ নহয়; পাতিম এখন বড়ো ভাষাৰ ছবিৰ কথাহে। মহামাৰী ক’ৰ’ণাই প্ৰভাৱ পেলোৱা প্ৰত্যেকটো বিভাগৰ সমান্তৰালকৈ চলচিত্ৰ ক্ষেত্ৰতো প্ৰভাৱ বিস্তাৰ কৰা আমি দেখিবলৈ পাইছো। সেয়া কেৱল মাত্ৰ অসমীয়া বুলিয়ে নহয়, প্ৰত্যেকখন ছবি ক্ষেত্ৰত ই পেলাইছে ঋণাত্মক প্ৰভাৱ। ইয়াৰ মাজতে এখন বড়ো ছবিৰ মুকলি কৰা হৈছে টিজাৰ; এম ওখ্ৰাং পিস্কাৰচৰ বেনাৰত ওখ্ৰাং দা স্কাইৰ সহযোগিতাত ছবিখনৰ পৰিচালনা কৰিছে এম ওখ্ৰাং বড়োই। লগতে, কবিতা ৰামছিয়াৰী আৰু ওখ্ৰাঙৰ যুঁটীয়া প্ৰযোজনাৰে নিৰ্মাণ কৰি উলিওৱা হৈছে বড়ো ছবি “বেকাৰ ৰ’মিঅ”। ইতিমধ্যে টিজাৰ মুকলি হোৱা এই ছবিখনত জানিব পৰা মতে অন্তৰ্ভূক্ত কৰা হৈছে বিভিন্নজন নতুন কলা-কুশলী। বাস্তৱধৰ্মী কাহিনী অৰ্থাৎ ৰাজনৈতিক, সামাজিক আৰু ৰোমান্টিক কাহিনীৰ কিছু কিছু ঘটনাৰ ভিত্তিতেই নিৰ্মাণ কৰি উলিওৱা হৈছে “বেকাৰ ৰমিঅ”। চলিত বৰ্ষতেই এই ছবিখনক মুকলি কৰি দিয়া কথা আছিল যদিও ক’ৰ’ণা ভাইৰাছৰ ত্ৰাসৰ ফলত ই বৰ্তমান স্তব্ধ হৈ পৰিছে। উক্ত ছবিখন প্ৰথমতে নাটক ৰূপে ৰৱীন্দ্ৰ ভৱন, কোকৰাঝাৰ লগতে বিজনীতো মঞ্চস্থ কৰা হৈছিল।
ছবিখনৰ নিৰ্মাণ কাৰ্যক লৈ ইয়াৰ পৰিচালনাৰ দায়িত্বত থকা বাক্সা জিলাৰ তামুলপুৰ মহকুমাৰ অন্তৰ্গত বানগুড়ি নামে ঠাইৰ নিবাসী ওখ্ৰাঙৰ সৈতে হোৱা ৰূপালীপৰ্দাৰ কথা-বতৰা যোগে তেওঁ জনাই যে “এই চিনেমাখন আমাৰ চাৰি বছৰীয়া প্ৰচেষ্টা; আমাৰ ঠাইখিনিত চিনেমা বুলি ক’লে মানুহখিনিয়ে বৰ সহজভাৱে ল’বলৈ চেষ্টা কৰে। তেওঁলোকে প্ৰায়ে ভাৱে যে “চিনেমা নিৰ্মাণ বৰ সহজ; এটা মাত্ৰ কেমেৰা হ’লেই হৈ যায়”। আমাৰ ছবিখনৰ সৈতে শিল্পী, কলা-কুশলীয়ে প্ৰথমতে এই মানসিকতাটোৰ সৈতে যুঁজি ইয়াক সলনি কৰিব লাগিব। আমাৰ ইয়াত মানুখিনিয়ে বুজিবলৈ চেষ্টা নকৰে যে এখন “চিনেমা” বুলি ক’লে কেৱল নাচ-গান, বাজানা, প্ৰেমময় অনুভূতি, হূলস্থূল আদিয়ে নাথাকে; ইয়াত আৱেগ থাকে লগতে এখন সমাজ ব্যৱস্থাৰ বাস্তৱধৰ্মী প্ৰতিফলন ইয়াত থাকে। আমাৰ ইয়াত কিছুমান বস্তু বৰ বেবেৰিবাং; প্ৰযোজক বিচৰাৰ ক্ষেত্ৰতো মই বহুখিনি কষ্টৰ সন্মুখীন হৈছো। ইয়াৰ উপৰিও, আমাৰ প্ৰমোচন অথবা পাব্লিচিটী কৰিবলৈ বাজেট নাথাকে ফলত আমি চচিয়েল মিডিয়াকে নিজৰ অস্ত্ৰ ৰূপে ব্যৱহাৰ কৰো।”

ইয়াৰ উপৰিও, পৰিচালকগৰাকীয়ে ছবিখনৰ কাহিনীক উদ্দেশ্যি কয় যে, “আমাৰ ছবিখন এখন ৰাজনৈতিক ও সামাজিক ছবি; ইয়াত আমাৰ লগত সচৰাচৰ সংঘটিত প্ৰত্যেকটো ঘটনাৰ সঁচা কাহিনীৰ আধাৰ লৈয়ে ছবিখন নিৰ্মাণ কৰিছো। যদিও ইয়াৰ নাম “বেকাৰ ৰমিঅ” ৰখা হৈছে তৎস্বত্বেও ইয়াত ৰাজনৈতিক কাহিনী সন্নিৱিষ্ট কৰা হৈছে। এইখিনিতে মই এটা কথা উল্লেখ কৰিম যে, আমাৰ এই ছবিখন বৰ্তমানলৈ আমি কৰা সংঘৰ্ষৰ এয়া এক বহিঃপ্ৰকাশহে মাত্ৰ। আমি কিবা এটা কৰিব খুজিলে ইয়াক বহু সময়ত বান্ধি ৰখা হয়। আচলতে চচিয়েল মিডিয়াতো সেই একেটাই হয় নহয়, ভাল বস্তু এটা দিলে ইয়াক কোনোদিন ভাইৰেল কৰা নহয় কিন্তু বেকাৰ কিছু ভিডিঅ’ ভাইৰেল কৰি পেলোৱা হয়। গতিকে এইখিনিয়েই আৰু, ছবিখন এতিয়া মুক্তিৰ কথা ভৱা নাই কাৰণ দেশৰ এই অৱস্থা; ছবি সমাৰোহলৈ পঠিয়াবলৈ চেষ্টা কৰি থকা হৈছে ছবিখনক। চাওঁচোন আগলৈ কি হয়…”


উল্লেখ্য যে, এই ছবিখনত অভিনয় কৰিছে ওখ্ৰাং বড়ো, ৰুবুল বড়ো, ফুলেন মুছাহাৰী, নিৰিবিলি ৰামছিয়াৰী, বকুল বড়ো, পিংকি বসুমতাৰী, কিষাণ বসুমতাৰী, মায়া বসুমতাৰী আৰু আন কেইবাগৰাকীও ন-পূৰণি শিল্পীয়ে। ছবিখনত সংগীত দিছে জুতিমালা বুঢ়াগোঁহাইয়ে আৰু ছবিখনৰ ৰূপসজ্জাৰ দায়িত্ব আছিল প্ৰাঞ্জল বসুমতাৰ লগতে ছবিখন চাউণ্ডৰ দায়িত্ব বহন কৰিছে প্ৰণৱ বড়োয়ে।
Add comment