মুকাভিনয়ৰ দ্বাৰা মিনাংক ডেকাই প্ৰায়ে জনসাধাৰণৰ মাজত সজাগতা ও সচেতনতা সৃষ্টিৰ প্ৰয়াস কৰি আহিছে। যিমানেই “ক’ভিড ১৯” য়ে ব্যক্তি বিশেষৰ জীৱনলৈ স্থৱিৰতা কঢ়িয়াইছে সিমানেই ন-ন প্ৰতিভাৰ বিকাশ হোৱা দেখিবলৈ পোৱা গৈছে। ৰাষ্ট্ৰীয় জলপানিপ্ৰাপ্ত এই গৰাকী মূকাভিনয় শিল্পীয়ে নীৰৱতাৰ ভাষাৰে গভীৰ বিষয় বস্তুও অতি সুন্দৰ ভাবে উপস্থাপন কৰি প্ৰায়ে আপ্লুত কৰি ৰাখে জনসাধাৰণক।। এক কথাত ক’বলৈ গ’লে, নৃত্য-গীত আদিৰ সমান্তৰালকৈ যদি দৰ্শকে কিছু ব্যতিক্ৰমীতাৰ উপভোগ কৰিবলৈ পাই তেনেহ’লে দৰ্শকেও ইয়াক বহুল হাৰত আকোঁৱালি লোৱা দেখিবলৈ পোৱা যায়। গুৱাহাটী মহানগৰীত দিয়া ১৪ দিনীয়া “লক-ডাউনে” ইয়াৰ জনসাধাৰণৰ ওপৰত স্তব্ধতা অনাৰ লগতে খাদ্য-বস্তুৰ ক্ষেত্ৰতো ই প্ৰত্যাহ্বানৰ সৃষ্টি কৰিছে। যোগানমন্ত্ৰীয়ে নিৰ্ধাৰিত কৰি দিয়া দামতকৈ অধিক দৰত বৰ্তমান বিক্ৰী কৰা হৈছে বজাৰত শাক-পাচলি সমূহ।

একাংশ ধনী ও ব্যয় কৰিব পৰা লোকে য’ত গাড়ী ভৰাই বস্তু কঢ়িয়াইছে তাতেই কিন্তু আন একাংশ জনসাধাৰণৰ মূৰত শাক-পাঁচলিৰ দামেৰেই পৰিছে ৰাম-টাঙোন। এই আটাইবোৰ কথাকেই উপস্থাপন কৰি মিনাংক ডেকাই নিজ পৰিচালনাৰে কৰিছে এক মাইম এক্ট; “BAZAR LOCKDOWN SPECIAL” শীৰ্ষক এক্টটোৱে লাভ কৰিছে দৰ্শকৰো সঁহাৰি। শিল্পী গৰাকীৰ সমাজৰ বিভিন্ন ক্ষেত্ৰত থকা সক্ৰিয়তাই তেওঁক লৈ আকৰ্ষণ কৰে জনসাধাৰণকো।
Add comment