Rupaliparda.com
অসম্পূৰ্ণ ভঞ্চালিৰ আশাঃ নোৱাৰিলে নিজ ছবিত সুশান্ত সিং ৰাজপুতক ল'বলৈ- 1

অসম্পূৰ্ণ ভঞ্চালিৰ আশাঃ নোৱাৰিলে নিজ ছবিত সুশান্ত সিং ৰাজপুতক ল’বলৈ-

ছবি নিৰ্দেশক সঞ্জয় লীলা ভঞ্চালিয়ে অভিনেতা সুশান্ত সিং ৰাজপুতক লৈ নিৰ্মাণ কৰিবলৈ বিচাৰিছিল চাৰিখনকৈ ছবি। অভিনেতা গৰাকীৰ আত্মহত্যাৰ পিছত বান্দ্ৰা আৰক্ষী চকীত নিজ মত ব্যক্ত কৰিবলৈ উপস্থিত হৈছিল পৰিচালক ও প্ৰযোজক সঞ্জয় লীলা ভঞ্চালিও। আৰক্ষী চকীত উপস্থিত হৈ তেওঁ জনাইছিল যে তেওঁ সুশান্তৰ সৈতে মুঠ চাৰিখন ছবি নিৰ্মাণৰ কথা আছিল যদিও তাৰিখৰ সাল-সলনিৰ ফলত এয়া সম্ভৱ হোৱা নাছিল দুয়োগৰাকীৰ বাবে। মুম্বাই পুলিচৰ ডি.চি.পি অভিষেক ত্ৰিমুখেৰ ভাষ্যনুসৰি, সুশান্তৰ বাসগৃহত কোনো ধৰণৰ চি.চি.টি.ভিৰ ব্যৱস্থা নাছিল; কিন্তু আৰক্ষী প্ৰশাসনে বৰ্তমান ফৰেঞ্চিক ৰিপোৰ্ট অহালৈ অপেক্ষা কৰিছে। মুম্বাই পুলিচে সুশান্তৰ আত্মহত্যাৰ সৈতে জড়িত প্ৰতিটো মহত্বপূৰ্ণ বিষয়ত গুৰুত্ব প্ৰদান কৰিছে।

অসম্পূৰ্ণ ভঞ্চালিৰ আশাঃ নোৱাৰিলে নিজ ছবিত সুশান্ত সিং ৰাজপুতক ল'বলৈ- 2


সুশান্ত সিং ৰাজপুত ক্ষন্তেকতে বলীউড ক্ষেত্ৰৰ এক জনপ্ৰিয় হৈ নাম পৰিছিল। পবিত্ৰ ৰিষ্টা ধাৰাবাহিকখনৰ পৰা অভিনয় যাত্ৰা আৰম্ভ কৰা এই অভিনেতা গৰাকীৰ আগন্তুক সময়ত মুক্তি পাবলৈ গৈ আছে তেওঁৰ শেষৰখন ছবি “দিল বেছাৰা”। ইতিমধ্যে উক্ত ছবিখনৰ ট্ৰেইলাৰটোৱে সকলো ৰেকৰ্ড ভাঙিবলৈ সক্ষম হৈছে।

Add comment

Leave a Reply

Your Header Sidebar area is currently empty. Hurry up and add some widgets.