Rupaliparda.com
চীনা সামগ্ৰীৰ প্ৰচাৰৰ পৰা আঁতৰিলে কাৰ্তিক আৰিয়নঃ 1

চীনা সামগ্ৰীৰ প্ৰচাৰৰ পৰা আঁতৰিলে কাৰ্তিক আৰিয়নঃ

ইটোৰ পিছত সিটোকৈ চীন দেশৰ সৈতে থকা সকলো সম্পৰ্কৰ পৰা নিজক আঁতৰাই ৰাখিছে ভাৰতবৰ্ষই। কেৱলমাত্ৰ চীনা এপেই নহয় বৰ্তমান চীনা সামগ্ৰীৰ প্ৰচাৰৰ দিশৰ পৰাও আঁতৰিছে বলীউড চিলেব্ৰেটী সকল। জানিব পৰা মতে, বলীউড অভিনেতা কাৰ্তিক আৰিয়ন “অ’প’ ফোন” ৰ ব্ৰেণ্ড এম্বেচাদৰ ৰূপে ফোন টোৰ প্ৰচাৰৰ সৈতে ব্যস্ত আছিল কিন্তু কাৰ্তিক আৰিয়নে নিজ ইনষ্টাগ্ৰামত এখন ফটো শ্বেয়াৰ কৰাৰ পিছত কিছু নতুন কথাৰ প্ৰকাশ কৰা দেখিবলৈ পোৱা গৈছে জনসাধাৰণে।

ৰিপোৰ্টনুসৰি, চীনা সামগ্ৰী “অ’প” ৰ সৈতে থকা নিজ চুক্তিক এৰি দিয়ে অভিনেতা গৰাকীয়ে। আচলতে, এই কথাৰ কোনোধৰণৰ আনুষ্ঠানিক ঘোষণা বৰ্তমানলৈ কৰা হোৱা নাই। কাৰ্তিক আৰিয়নেও এই বিয়য়ত কোনো ধৰণৰ মন্তব্য দিয়া নাই; কিন্তু যদিহে সঁচাকৈ কাৰ্তিকে এই প্ৰচাৰৰ পৰা নিজক আঁতৰাইছে তেতিয়াহ’লে তেওঁ প্ৰথম গৰাকী অভিনেতা হ’ব যিয়ে চীনা সামগ্ৰীৰ সৈতে থকা চুক্তিৰ পৰা নিজক আঁতৰাব।

চীনা সামগ্ৰীৰ প্ৰচাৰৰ পৰা আঁতৰিলে কাৰ্তিক আৰিয়নঃ 2


বৰ্তমান বলীউডৰ ব্যস্ত অভিনেতা ৰূপে পৰিগণিত কৰা হৈছে কাৰ্তিক আৰিয়নক। তেওঁৰ হাতত বৰ্তমান ইখনৰ পিছত সিখন ছবিৰ প্ৰকল্প দেখিবলৈ পোৱা গৈছে। য’ত জান্হৱী কাপুৰৰ সৈতে “দোস্তানা ২” ত দেখিবলৈ পোৱা যাব কাৰ্তিকক; তাতেই আকৌ অভিনেতাগৰাকীক দেখিবলৈ পোৱা যাব “ভূল ভূলেয়া ২” তো।

Add comment

Leave a Reply

The Ultimate Managed Hosting Platform