Rupaliparda.com
ভগ্নীয়ে শ্বেয়াৰ কৰিলে সুশান্ত সিং ৰাজপুতৰ ভিডিঅ'ঃ আকৌ এবাৰ শোকাহত অনুৰাগী- 1

ভগ্নীয়ে শ্বেয়াৰ কৰিলে সুশান্ত সিং ৰাজপুতৰ ভিডিঅ’ঃ আকৌ এবাৰ শোকাহত অনুৰাগী-

সুশান্ত সিং ৰাজপুতৰ আকস্মিক মৃত্যুয়ে বৰ্তমানলৈ তেওঁৰ অনুৰাগীক মৰ্মাহত কৰি ৰাখিছে। প্ৰায় এমাহৰ পিছতো য’ত অভিনেতাগৰাকীৰ খবৰে শিৰোনাম দখল কৰিছে; তাতেই আকৌ একাংশই তেওঁৰ মৃত্যুৰ বিষয়টোক লৈ চি.বি.আই তদন্তৰ দাবী জনাইছে। এনে সময়তে, তেওঁৰ ভগ্নী শ্বেতা সিং কীৰ্তিয়ে শ্বেয়াৰ কৰিছে এটি ভিডিঅ’; যিটোৰ দ্বাৰা এতিয়া প্ৰত্যেকজন জনসাধাৰণ আৱেগিক হৈ পৰা দেখিবলৈ পোৱা গৈছে। উক্ত ৩ মিনিট দৈৰ্ঘ্যৰ এই ভিডিঅ’টোত সুশান্ত সিং ৰাজপুতৰ ভিতৰত থকা প্ৰত্যেকটো বস্তুৰ জ্ঞান, তেওঁ বিভিন্ন ক্ষেত্ৰত দিয়া নিজ ফেচিয়েল এক্সপ্ৰেছন; এই আটাইবোৰকেই লৈ নিৰ্মিত সুশান্ত সিঙৰ ভিডঅ’টোৱেই এতিয়া আকৌ এবাৰ শোকাহত কৰি তুলিছে অভিনেতা গৰাকীৰ অনুৰাগীক।

ভগ্নীয়ে শ্বেয়াৰ কৰিলে সুশান্ত সিং ৰাজপুতৰ ভিডিঅ'ঃ আকৌ এবাৰ শোকাহত অনুৰাগী- 2


উল্লেখ্য, সুশান্তৰ ভগ্নী শ্বেতা নিজ স্বামীৰ সৈতে আমেৰিকাত বসবাস কৰে। সুশান্তৰ ভগ্নীয়ে প্ৰায়ে নিজ ভাতৃৰ বিভিন্ন ফটো আপলোড কৰি ৰাখে নিজ চচিয়েল মিডিয়া একাউন্টত। ১৪ জুন তাৰিখে হোৱা অভিনেতাগৰাকীৰ অকাল মৃত্যুয়ে প্ৰত্যেকজন ব্যক্তিৰ ওপৰত প্ৰভাৱ পেলোৱা দেখিবলৈ পোৱা গৈছিল। বৰ্তমানলৈ অভিনেতা গৰাকীৰ বিভিন্ন ভিডিঅ’ ও ফটো ভাইৰেল হৈ আছে চচিয়েল মিডিয়াত।

Add comment

Leave a Reply

The Ultimate Managed Hosting Platform