Rupaliparda.com
"ক'ভিড" ৰ পূৰ্বেও আছিল প্ৰত্যাহ্বানঃ সুন্দৰ বিষয়বস্তুৰে চাওঁক "CAUTION"- 1

“ক’ভিড” ৰ পূৰ্বেও আছিল প্ৰত্যাহ্বানঃ সুন্দৰ বিষয়বস্তুৰে চাওঁক “CAUTION”-

“লক-ডাউন”; “কভিড ১৯” য়ে চলিত বৰ্ষটোৰ অধিকাংশ সময় নিজ আগ্ৰাসনত লৈ চাৰিওফালে স্তব্ধতা সানিছে। জনসাধাৰণৰ জীয়াই থকাৰ উৎস আদিৰ ক্ষেত্ৰতো প্ৰত্যাহ্বানৰ সৃষ্টি কৰিছে ই।কিন্তু,এইবোৰৰ মাজতো হাৰ মনা নাই একাংশ শিল্পীয়ে; নিজৰ প্ৰতিভাৰে জনসাধাৰণক কিছু সময়ৰ মনোৰঞ্জন প্ৰদানৰ চেষ্টা কৰা দেখিবলৈ পোৱা গৈছে এওঁলোকক। কাহিনীভাগতগ প্ৰতিফলিত কৰা অনুসৰি ২০১৯ ত হে “ক’ভিড ১৯” য়ে ব্যক্তিবিশেষৰ দেহৰ শ্বাস তন্ত্ৰত সংক্ৰমিত হয় বুলি কোৱা হৈছে। মহামাৰী “ক’ভিড ১৯” ৰ পূৰ্বে দেশত সংঘটিত অঘটনৰ সংখ্যাও আছিল সৰ্বাধিক; শুকান কাঁহ অথবা চৰ্দি আদি বিভিন্ন লক্ষণ যদিও বৰ্তমান “ক’ভিড ১৯” ত আক্ৰান্ত লক্ষণত পৰিগণিত হৈছে তৎস্বত্বেও ইয়াৰ পূৰ্বে এনেবোৰ বেমাৰে লক্ষণ কঢ়িয়াইছিল আন ভিন্ন বেমাৰৰহে। কিন্তু, ইয়াক লৈ গুৰুত্ব প্ৰদান কৰা নাছিল জনসাধাৰণে।


বিগত ১৯২০ দশকতেই প্ৰমাণ কৰা হৈছিল যে চিগাৰেটৰ দ্বাৰা ব্যক্তিৰ হাঁওফাঁও নষ্ট হয়। ১৯২০ দশকত প্ৰমাণ হোৱা এই কথাটোক লৈ কিন্তু সেইটো সময়ৰ পৰা বৰ্তমানলৈ গুৰুত্ব প্ৰদান কৰা হোৱা নাই। এতিয়াও, অধিকাংশ জনসাধাৰণে হাতত চিগাৰেট লৈ কোনো ধৰণৰ সংকোচ নথকাকৈ জীৱন যাপন কৰা দেখিবলৈ পোৱা যায়। পূৰ্বে “কৰ্কট ৰোগ” ৰ বিভিন্ন লক্ষণৰ বিষয়ে বাখ্যা কৰাৰ লগতে “চিগাৰেট” এৰিবলৈও ভিন্ন উপদেশেৰে বিজ্ঞাপন প্ৰচাৰ কৰা হৈছিল; কিন্তু এইবোৰক লৈ সহজতে গা লৰা নাছিল একাংশৰ। এনে এক কাহিনী তথা জনসাধাৰণৰ ভয় আৰু আওঁকানীয়া মনোভাৱৰ ক্ষেত্ৰত কৰ্কট ৰোগ আৰু বৰ্তমানৰ ‘ক’ভিড-19’ৰ সাদৃশ্যৰ ভিত্তিত নিৰ্মাণ কৰি উলিওৱা হৈছিল এখন পৰীক্ষামূলক চুটি ছবি “CAUTION”। সম্প্ৰতি পৰিৱেশৰ মাজতেই নিৰ্মিত এই ছবিখনে কেৱল মাত্ৰ “ক’ভিড ১৯” য়ে দিয়া প্ৰত্যাহ্বান সমূহকেই উপস্থাপন কৰা নাই; ইয়াৰ কাহিনীত অন্তৰ্ভূক্ত কৰা হৈছে এক উল্লেখনীয় বিষয়বস্তুও। প্ৰতিফলিত কৰা হৈছে জনসাধাৰণৰ দায়িত্বজ্ঞানহীন আচৰণ সমূহো।

"ক'ভিড" ৰ পূৰ্বেও আছিল প্ৰত্যাহ্বানঃ সুন্দৰ বিষয়বস্তুৰে চাওঁক "CAUTION"- 2
"ক'ভিড" ৰ পূৰ্বেও আছিল প্ৰত্যাহ্বানঃ সুন্দৰ বিষয়বস্তুৰে চাওঁক "CAUTION"- 3


চুটি ছবিখনৰ কাহিনী ভাগ অথবা ইয়াৰ বিষয়বস্তু ব্যতিক্ৰমী আছিল যদিও ইয়াৰ উপস্থাপনত ক্ৰুটি থকা যেন অনুভৱ হয়। অভিনয়ৰ ক্ষেত্ৰতো হয়টো চুটি ছবিখনত কিছু উন্নত কৰিব পৰা গ’লহেঁতেন। পৰীক্ষামূলক আছিল যদিও চুটি ছবিখনৰ বিষয়বস্তুটো আছিল হৃদয়স্পৰ্শী; ছবিখনৰ পৰিচালনা আৰু চিত্ৰনাট্যৰ দায়িত্বত আছিল কুলদীপ আহান গোস্বামী। আনহাতে, চুটি ছবিখনৰ দৃশ্যগ্ৰহণকে ধৰি ইয়াৰ সম্পাদনা, শব্দ আৰু সংগীত আছিল ৰিকু পাঠক। ছবিখনৰ সহঃপৰিচালনা কৰিছিল মাধুৰ্য্য ডেকাই। ছবিখনত অভিনয় কৰিছিল কুলদীপ আহান গোস্বামীয়ে।

Add comment

Leave a Reply

Your Header Sidebar area is currently empty. Hurry up and add some widgets.