Rupaliparda.com
"এইবাৰ Moviesaint.com ত উপলদ্ধ "ৰাগঃ দা ৰিদম অৱ লভ"- 1

“এইবাৰ Moviesaint.com ত উপলদ্ধ “ৰাগঃ দা ৰিদম অৱ লভ”-

Moviesaint.com ত উপলদ্ধ কৰা হ’ল আন এখন অসমীয়া ছবি “ৰাগঃ দা ৰিদম অৱ লভ”; অসমীয়া ৰোমান্টিক ছবি সমূহৰ ভিতৰত অন্যতম এই ছবিখনক লৈ প্ৰায়ে অভিনেত্ৰী জেৰিফা ৱাহিদে পোষ্ট কৰি থকা দেখিবলৈ পোৱা যায়। এইবাৰো এক ভিডিঅ’ যোগে ছবিখন উপলদ্ধ হোৱা বাতৰি দৰ্শকক জনাইছে অভিনেত্ৰী গৰাকীয়ে। ছবিখনত “ৰাধিকা” নামৰ এটি চৰিত্ৰ ৰূপায়ন কৰা জেৰিফা ৱাহিদে এটি সৰু সংলাপেৰে ছবিখনৰ উপলদ্ধতাৰ বাতৰি দিয়ে অসমীয়া ছবিপ্ৰেমী দৰ্শকক। ২০১৪ চনত মুক্তিপ্ৰাপ্ত উক্ত অসমীয়া ছবিখনত কেইবাগৰাকীও জনপ্ৰিয় অসমীয়া শিল্পীৰ অভিনয়েৰে নিৰ্মিত কৰা হৈছিল। ৰজনী বসুমতাৰীৰ কাহিনী, চিত্ৰনাট্য তথা পৰিচালনাৰে নিৰ্মিত এই ছবিখন মুক্তি লাভ কৰিছিল ২০১৪ চনত।

View this post on Instagram

MovieSaints.com

A post shared by Zerifa Wahid (@zerifa_wahid) on


কেইবাটাও ভিন্ন ক্ষেত্ৰত পাৰ্গত চৰিত্ৰৰ সৈতে আগবঢ়োৱা হৈছে ছবিখনৰ কাহিনীভাগ। এগৰাকী শাস্ত্ৰীয় কন্ঠশিল্পী, এজন চিত্ৰশিল্পী, বেচৰকাৰী খণ্ডত কৰ্মৰত এগৰাকী বিষয়া লগতে এজন বাঁহীবাদকৰ জীৱনযাত্ৰা তথা জীৱন দৰ্শনৰ কাহিনীৰে আৰম্ভ কৰা হৈছে ছবিখনৰ কাহিনীভাগ।

"এইবাৰ Moviesaint.com ত উপলদ্ধ "ৰাগঃ দা ৰিদম অৱ লভ"- 2


দিল্লীৰ বিভিন্ন লোকেশ্বনত চিত্ৰগৃহণৰ কাম সম্পন্ন হোৱা এই ছবিখনত অভিনয় কৰিছে আদিল হুছেইন, জেৰিফা ৱাহিদ, কেনী দেউৰী বসুমতাৰী আৰু কপিল বৰাই। অসম চলচিত্ৰ বিত্ত আৰু উন্নয়ন নিগমৰ প্ৰযোজনাৰ এই ছবিখনত সংগীত পৰিচালক হিচাপে কাম কৰিছে অৱিনাশ ৱাঘেলে।

Add comment

Leave a Reply

Your Header Sidebar area is currently empty. Hurry up and add some widgets.