Rupaliparda.com
দুইগৰাকী তাৰকাৰ মহামিলনঃ "ক্ৰীচ ৪" ত ঋত্বিক ৰোশন ও শ্বাহৰুখ খান- 1

দুইগৰাকী তাৰকাৰ মহামিলনঃ “ক্ৰীচ ৪” ত ঋত্বিক ৰোশন ও শ্বাহৰুখ খান-

ঋত্বিক ৰোশনৰ “ৱাৰ” ছবিখনৰ পিছত তেওঁৰ আগন্তুক ছবিৰ ঘোষণাৰ বাবে অপেক্ষাৰত হৈ আছে অভিনেতা গৰাকীৰ অনুৰাগী আৰু ইয়াৰ বিপৰীতে কিং শ্বাহৰুখ খানকো ডাঙৰ পৰ্দাত পুনৰ বাৰ চাবলৈ বাট চাই ৰৈছে তেওঁৰ অনুৰাগী। গতিকে, আমি এই দুয়োগৰাকী তাৰকাৰ অনুৰাগীৰ বাবে লৈ আনিছো এক সুখবৰ। “ক্ৰীচ” চিৰিজৰ চতূৰ্থটো সংস্কৰণৰ প্ৰস্তুতিত বৰ্তমান ব্যস্ত এই ছবিখনৰ নিৰ্মাতা ও নিৰ্দেশক। ছবিখনৰ প্ৰি-প্ৰডাকচনৰ লগতে ছবিখনৰ স্ক্ৰীপ্টৰ কাম কৰি থকা হৈছে। কিন্তু, এইখিনিতে আছে আন এক ভাল খবৰ; ছবিখনৰ বাবে শ্বাহৰুখ খানৰ সৈতে হাত মিলাইছে ঋত্বিক ৰোশনে। হয়,আপোনালোকে ঠিকেই শুনিছে। এইবাৰ “ক্ৰীচ ৪” ত এক গুৰুত্বপূৰ্ণ চৰিত্ৰ ৰূপায়ন কৰিব শ্বাহৰুখ খানে। খবৰ অনুসৰি, ছবিখনৰ বাবে কৰিবলগীয়া গ্ৰাফিক্স আৰু ভিজুৱেল ইফেক্টচৰ দায়িত্বও দিয়া হৈছে শ্বাহৰুখ খানৰ কোম্পানী ৰেড চিলিজক।

দুইগৰাকী তাৰকাৰ মহামিলনঃ "ক্ৰীচ ৪" ত ঋত্বিক ৰোশন ও শ্বাহৰুখ খান- 2


ছবিখনত নিশ্চিতভাৱে ভিলেইনৰ চৰিত্ৰ ৰূপায়ন কৰিব শ্বাহৰুখ খানে। জানিব পৰা মতে, “ক্ৰীচ ৪” ত এইবাৰ “যাদু” ৰো সংযোজন ঘটিব পাৰে। গতিকে আহিবলগীয়া সময়ত “ক্ৰীচ ৪” যে এখন সফল ছবি ৰূপে পৰিগণিত হ’ব সেয়া এতিয়াৰ পৰা আশা কৰিব পৰা যায়।

Add comment

Leave a Reply

Your Header Sidebar area is currently empty. Hurry up and add some widgets.