Rupaliparda.com
কৰ্মক্ষেত্ৰলৈ মনত পেলাইছে বৰষা ৰাণী বিষয়াইঃ 1

কৰ্মক্ষেত্ৰলৈ মনত পেলাইছে বৰষা ৰাণী বিষয়াইঃ

এজন শিল্পীৰ বাবে নিত্য-নৈমিত্তিক কৰ্মৰ পৰা আঁতৰি থকাটো বৰ আমনিদায়ক। “লক-ডাউন” ৰ এই দীঘলীয়া সময়টোৱেই বৰ্তমান একাংশ কৰ্মপ্ৰিয় শিল্পীক বঞ্চিত কৰি ৰাখিছে নিজ সৃষ্টিশীল কৰ্মৰ পৰা; সেইবাবেই হয়টো প্ৰত্যেকেই এতিয়া অপেক্ষা কৰিছে ভাল দিনৰ লগতে বাট চাইছে তেওঁলোকৰ শ্বুটিং সময়ছোৱাৰ দৰে ব্যস্ততাৰ। প্ৰায়ে নিজ কৰ্মলৈ মনত পেলাই একোজন অভিনেতা-অভিনেত্ৰীয়ে পোষ্ট কৰা দেখিবলৈ পোৱা গৈছে; এইবাৰ এনে এক পোষ্ট কৰিছে অভিনেত্ৰী বৰষা ৰাণী বিষয়াই। কন্ঠশিল্পী ৰিংকু প্ৰিয়মৰ কিছুদিন পূৰ্বে মুক্তিপ্ৰাপ্ত এটি গীতৰ ভিডিঅ’ আপলোড কৰি তেওঁ নিজ কৰ্মস্থানক মনত পেলাইছে। চচিয়েল মিডিয়াত একটিভ থকা বৰষা ৰাণী বিষয়াই কৰ্মক্ষেত্ৰলৈ নগ’লেও কিন্তু নিজ বাসগৃহতেই থাকি বিভিন্ন উপায়েৰে অনুৰাগীক আপ্লুত কৰাৰ মাধ্যম বিচাৰি লৈছিল।

https://www.instagram.com/p/CCd4GRrB2S4/?utm_source=ig_web_copy_link


বৰষা ৰাণী বিষয়াই ভিডিঅ’টোত আপলোড কৰা এটা দৃশ্যাংশ আছিল “হুৰৈ ৰাঙলী” শীৰ্ষক গীতটিৰ। মেছ কছাৰী সকলৰ লোকগীতৰভ সুৰৰ আধাৰত ৰচনা কৰা এই গীতটিত ৰিংকু প্ৰিয়মৰ সৈতে যুঁটীয়াভাৱে কন্ঠদান কৰিছে সুবাসনা দত্তই। এই গীতটিক লৈ সেইটো সময়ত উৎসাহিত হৈ পৰা দেখিবলৈ পোৱা গৈছিল বৰষা ৰাণী বিষয়াকো। তলত গীতটি দি দিয়া হ’লঃ

Add comment

Leave a Reply

Your Header Sidebar area is currently empty. Hurry up and add some widgets.