Rupaliparda.com
হেমা মালিনীৰ শাৰিৰীক অসুস্থতাৰ অপপ্ৰচাৰঃ অভিনেত্ৰীৰ স্পষ্টীকৰণ- 1

হেমা মালিনীৰ শাৰিৰীক অসুস্থতাৰ অপপ্ৰচাৰঃ অভিনেত্ৰীৰ স্পষ্টীকৰণ-

বচ্চন পৰিয়ালৰ দেহত “ক’ৰোণা” ৰ লক্ষণ পোৱা পিছতেই এতিয়া বলীউডত খলকনি লগা দেখিবলৈ পোৱা গৈছে। খলকনিৰ লগাৰ উপৰিও একাংশ ভূৱা বাতৰিৰো প্ৰচাৰ হৈছে বলীউড ক্ষেত্ৰখনত; এইবাৰ অভিনেত্ৰী ও বলীউডৰ ড্ৰীম গাৰ্ল হেমা মালিনীৰ গা বেয়া হোৱাৰ অপপ্ৰচাৰ আৰম্ভ কৰিছে একাংশই। এনেবোৰ ক্ষেত্ৰতেই বৰ্তমান নিজ মুখ খুলিছে হেমা মালিনীৰ জীয়ৰী তথা অভিনেত্ৰী ইশা দেউলে; ইশা দেউলে এক টুইটৰ দ্বাৰা ভূৱা বাতৰিক লৈ নিজ প্ৰতিক্ৰিয়া ব্যক্ত কৰে। ইশাই টুইট কৰি লিখে যে, “মোৰ মাতৃ হেমা মালিনী একেবাৰেই সূস্থ ও সৱল হৈ আছে। মোৰ মাক উদ্দেশ্যি যিসমূহ খবৰ চচিয়েল মিডিয়াত চলি আছে সেইসমূহ একেবাৰেই অসত্য আৰু ভূৱা। এইবাবেই এনেবোৰ বাতৰিৰ পৰা আঁতৰি থাকক আৰু তাত আপোনালোকে কোনো ধৰণৰ প্ৰতিক্ৰিয়া ব্যক্ত নকৰিব। আপোনালোকৰ মৰমৰ বাবে ধন্যবাদ।”


ইয়াৰ উপৰিও, হেমা মালিনীয়ে নিজেও এটা ভিডিঅ’ যোগে তেওঁ নিজৰ সূস্থতাৰ বাতৰি প্ৰকাশ কৰিছে। বচ্চন পৰিয়ালৰ “ক’ৰোণা পজিটিভ” হোৱাৰ পিছত এতিয়া শংকাত পৰিছে বলীউড ক্ষেত্ৰখন। কিন্তু, বৰ্তমান সূস্থ হৈ পৰিছে বুলি জানিব পৰা গৈছে অভিনেতা অমিতাভ ও অভিষেক বচ্চন।

Add comment

Leave a Reply

The Ultimate Managed Hosting Platform