Rupaliparda.com
"এটা প্ৰডাকচন হাউচ খুলি নিজৰ মানুহকেই কাম কৰাৰ সুবিধা দিলে"- কৰণ পটেল 1

“এটা প্ৰডাকচন হাউচ খুলি নিজৰ মানুহকেই কাম কৰাৰ সুবিধা দিলে”- কৰণ পটেল

বলীউড অভিনেতা সুশান্ত সিং ৰাজপুতৰ মৃত্যুৰ পিছত কেৱল মাত্ৰ এটা শব্দৰ উচ্চাৰণ বাৰম্বাৰ হোৱা শুনিবলৈ পোৱা গৈছে আৰু সেয়া হৈছে “নেপটিজিম”। কংগনা ৰাণাওঁটকে ধৰি বিভিন্ন জনে এই ক্ষেত্ৰত নিজ মন্তব্য ব্যক্ত কৰিছে; কংগনা ৰাণাওঁটে পূৰ্বৰে পৰাই এইক্ষেত্ৰত নিজ মত ব্যক্ত কৰি আহিছিল। কিন্তু, বৰ্তমান নেপটিজিমক লৈ চলা চৰ্চাত নিজ প্ৰতিক্ৰিয়া ব্যক্ত কৰে টিভি ষ্টাৰ কৰণ পটেলে; তেওঁ কোনো ধৰণৰ নাম নোলোৱাকৈয়ে অভিনেত্ৰী গৰাকীক ওলোটাই প্ৰশ্ন কৰা দেখিবলৈ পোৱা যায়।

টাইমছ অৱ ইণ্ডিয়াক দিয়া এক সাক্ষাৎকাৰত অভিনেতা কৰণ পটেলে কয় যে, “তেওঁ এই ক্ষেত্ৰত মাত মতাটো মই যুক্তিসংগত বুলি নাভাৱো। এগৰাকী অভিনেত্ৰীয়ে বৰ্তমান “নেপটিজিম” ৰ বিৰুদ্ধে বিভিন্ন কথা কয় আছে। যদি মই ভুল নহয়; তেনেহ’লে তেওঁ কিছুমান দিন পূৰ্বে নিজৰ ফালৰ পৰা এটা প্ৰডাকচন হাউচ খুলিছিল।যদি তেওঁ খুলিছিল তেতিয়াহ’লে তেওঁ কিয় সুশান্ত সিং ৰাজপুতক নিজৰ ছবিত অভিনয়ৰ অফাৰ নিদিলে? তেওঁ সুন সোদক অফাৰ দিলে আৰু তাৰ পিছত অইন কাৰোবাক দিলে! মই কেতিয়াও কোনো নতুন নিৰ্দেশক অথবা পৰিচালকৰ সৈতে কংগনাক কাম কৰা দেখা নাই।”

"এটা প্ৰডাকচন হাউচ খুলি নিজৰ মানুহকেই কাম কৰাৰ সুবিধা দিলে"- কৰণ পটেল 2


অভিনেতা গৰাকীয়ে এনেদৰেও কয় যে সুশান্তৰ মৃত্যুৰ পিছত তেওঁৰ ক্ষেত্ৰত এনে কিছু লোকেও মাত মাতিছে যিসকলৰ কোনো সম্পৰ্ক সুশান্তৰ সৈতে নাছিল। ইয়াৰ উপৰিও কৰণে কয় যে, “আপুনি নতুন এটা প্ৰডাকচন হাউচ খুলিলে আৰু নিজৰ মানুহবোৰকেই তাত কাম কৰাৰ সুবিধা দিলে। মেনেজাৰ হিচাপে নিজৰ ভগ্নীক ৰাখিছে। কিন্তু এইবোৰ দায়িত্ব এজন এম.বি.এ পঢ়া লোকক দিয়া নহ’ল??

Add comment

Leave a Reply

The Ultimate Managed Hosting Platform