Rupaliparda.com
হিমাক্ষী কলিতাৰ ন-ধাৰাবাহিক "ৰাধিকা"- 1

হিমাক্ষী কলিতাৰ ন-ধাৰাবাহিক “ৰাধিকা”-

“বৈদেহী” আৰু “পৰিণীতা” শীৰ্ষক দুই ধাৰাবাহিকৰ সফল সমাপ্তিৰ পিছত আকৌ এবাৰ আন এখন ধাৰাবাহিকৰ সৈতে দৰ্শকৰ মাজলৈ আহি আছে অভিনেত্ৰী হিমাক্ষী কলিতা। শীঘ্ৰে ৰেঙণি চেনেল যোগে সম্প্ৰচাৰ হ’বলগীয়া ধাৰাবাহিকখনৰ ইতিমধ্যে মুক্তি দিয়া হৈছে ট্ৰেইলাৰ; “ৰাধিকা” শীৰ্ষক ধাৰাবাহিকখনৰ সৈতে ৰাইজৰ মাজলৈ আহিবলৈ সাজু হৈছে অভিনেত্ৰী গৰাকী। বিগত দুই ধাৰাবাহিকৰে বহুল জনপ্ৰিয়তা নুই কৰিব পৰা নাযায়; দৰ্শকৰ এনে সঁহাৰিৰ ফলতেই বৰ্তমানেও বৈদেহীৰ পুনঃসম্প্ৰচাৰ কৰি থকা হৈছে। “বৰ্ষা মুখৰ সন্ধ্যা” ৰ দ্বাৰা অভিনয় জীৱনৰ পাতনি মেলা এই গৰাকী অভিনেত্ৰীৰ বাবে জুবিন গাৰ্গ আৰু বৰ্ণালী কলিতাই কন্ঠদান কৰা “হিৰাদৈ” আছিল টাৰ্ণিং পইন্ট।

View this post on Instagram

‘RADHIKA’ coming soon on Channel Rengoni.

A post shared by Himakshi Kalita (@kalitahimakshi321) on

হিমাক্ষী কলিতাৰ ন-ধাৰাবাহিক "ৰাধিকা"- 2


কিছুদিন পূৰ্বে ৰাইজৰ ৰোষত সোমোৱা হিমাক্ষীক প্ৰায় কেইবাদিনলৈ চচিয়েল মিডিয়াত একাংশই ট্ৰোল কৰি থকা দেখিবলৈ পোৱা গৈছিল; “একুৱামেন” ৰ নাম লৈ হৈছিল অভিনেত্ৰী গৰাকীৰ খেলি-মেলি। পিছলৈ সাম কাটে এনে বিষয়বোৰৰ; প্ৰায় কেইবাটাও মিউজিক ভিডিঅ’ত অভিনীত হিমাক্ষী সক্ৰিয় চচিয়েল মিডিয়াতো। ট্ৰোল সমূহক লৈ বিভিন্ন সময়ত নিজ স্পষ্টীকৰণো সুন্দৰতাৰে দাঙি ধৰিছিল অভিনেত্ৰী গৰাকীয়ে। উল্লেখ্য যে, তেওঁৰ আগন্তুক ধাৰাবাহিকখনৰ শীৰ্ষ গীতটিত কন্ঠদান কৰিছে কন্ঠশিল্পী ও হাৰ্টথ্ৰৱ জুবিন গাৰ্গে। সম্পৰ্কৰ জটিলতাৰ কাহিনীৰ আধাৰত নিৰ্মিত এই ধাৰাবাহিকখন ট্ৰেইলাৰৰ পৰাই লাভ কৰিব পৰা যায় এক চমু আভাষ।

Add comment

Leave a Reply

The Ultimate Managed Hosting Platform