Rupaliparda.com
70mmFlix ত উপলদ্ধ আন এখন নতুন ছবি "NEFA 1953, The Hidden War"- কাৰ যুদ্ধ; কাৰ সংগ্ৰাম! কি আছে ইয়াত? 1

70mmFlix ত উপলদ্ধ আন এখন নতুন ছবি “NEFA 1953, The Hidden War”- কাৰ যুদ্ধ; কাৰ সংগ্ৰাম! কি আছে ইয়াত?

ব্ৰিটিছ শাসন কালত ভাৰতত বিপ্লৱৰ সৃষ্টি কৰা অধিকাংশ লোকেই আছিল একোগৰাকী যোদ্ধা। যদিও তেওঁলোকে যুদ্ধ কৰাৰ কোনো প্ৰশিক্ষণ লোৱা নাছিল তৎস্বত্বেও তেওঁলোকৰ বিপ্লৱী কন্ঠ ও দেশ ৰক্ষাৰ স্বাৰ্থত কৰা সংগ্ৰাম আছিল লেখত ল’বলগীয়া। “NEFA” অৰ্থাৎ North East Frontier Agency; অসম বিভাজন হোৱাৰ পূৰ্বে ইয়াৰ গাত লাগি কেইবাখনো অইন ৰাজ্যৰ ভাষা-ভাষী লোকে একগোট হৈ সংগ্ৰাম কৰিছিল নিজ দেশ অথবা নিজ স্বাভিমান ৰক্ষাৰ স্বাৰ্থত। এই সময়ছোৱাৰ কিছু ঘটনা-পৰিঘটনাক আধাৰ ৰূপে লৈ ২০১৯ চনত মুক্তি লাভ কৰিছিল এখন ছবি “NEFA 1953, The Hidden War”; এই ছবিখন অৰুণাচল প্ৰদেশত বসবাস কৰা জনজাতীয় লোকৰ ভাষা প্ৰয়োগেৰে নিৰ্মাণ কৰি উলিওৱা হৈছিল। এটা নিৰ্দ্দিষ্ট জনজাতীয় লোকে ভাৰত স্বাধীন কৰিবলৈ কৰা সংগ্ৰাম ও যুদ্ধৰ কিছু ঘটনাক লৈ নিৰ্মাণ কৰা হৈছে এই ছবিখন। এইখিনিতে, আপোনালোকলৈ লৈ আনিছো এক ভাল খবৰ; দৰ্শকে এই ছবিখন এতিয়া উপভোগ কৰিবলৈ সক্ষম হ’ব উত্তৰ-পূৰ্বাঞ্চলৰ প্ৰথমটো ছবি উপলদ্ধ এপ “70mmFlix” ত। গুগল প্লে-ষ্টোৰত উপলদ্ধ এই এপটোত আপোনালোকে উপভোগ কৰিবলৈ সক্ষম হ’ব উক্ত ছবিখন।

70mmFlix ত উপলদ্ধ আন এখন নতুন ছবি "NEFA 1953, The Hidden War"- কাৰ যুদ্ধ; কাৰ সংগ্ৰাম! কি আছে ইয়াত? 2


Tapen Natam ৰ দ্বাৰা নিৰ্মিত এই ছবিখন নিৰ্মাণত ৯ মাহ সময়ৰ প্ৰয়োজন হৈছিল বুলি ব্যক্ত কৰে পৰিচালকগৰাকীয়ে। তেওঁৰ মতে, “নেফা” ৰ সময়ছোৱাত বাস কৰা জনজাতীয় লোক সকলৰ এক চমু আভাষ দৰ্শকে পোৱাৰ লগতে দৰ্শকে নিশ্চয়কৈ সঁহাৰি জনাব ছবিখনৰ বিষয়বস্তুক। পশ্চিম কামেং, পাপুম পেৰ আৰু সোঁৱনশিৰিৰ বিভিন্ন লোকেশ্বনত দৃশ্যগ্ৰহণ সম্পন্ন হোৱা উক্ত ছবিখনৰ নিৰ্মাণকাৰ্য্যৰ বাবেও অধিক ব্যায় হৈছিল বুলি প্ৰকাশ কৰে ছবিখনৰ পৰিচালকগৰাকীয়ে। ছবিখনৰ প্ৰযোজনাৰ দায়িত্বত আছিল ক্ৰমে Tar App Tana, Tar Yokom Maya, Taw Ania আৰু Tapen Natam য়ে।

70mmFlix ত উপলদ্ধ আন এখন নতুন ছবি "NEFA 1953, The Hidden War"- কাৰ যুদ্ধ; কাৰ সংগ্ৰাম! কি আছে ইয়াত? 3

“NEFA 1953, The Hidden War” ছবিখনৰ ভিন্ন গুৰুত্বপূৰ্ণ চৰিত্ৰ অভিনয় কৰিছে Tarh Gungte, Rana Koni, Nabam Soni, Anna Taying আৰু Dr Techi Upen Tara য়ে। ছবিখনত মূখ্য অভিনেতাৰ চৰিত্ৰ ৰূপায়ন কৰিছে Nabam Soni য়ে আৰু মূখ্য অভিনত্ৰী চৰিত্ৰত আছিল Anna Taying; আনহাতে ইয়াত খলনায়ক ৰূপে আছে Dr Techi Upen Tara। উল্লেখ্য যে, এই ছবিখনে ছবি সমাৰোহত ইতিমধ্যে ৭ টাকৈ বঁটা পাবলৈ সক্ষম হৈছে; ৪৭ সংখ্যক অৰুণাচল ছবি সমাৰোহত এই ছবিখনে লাভ কৰা বঁটা সমূহ হৈছে ক্ৰমে শ্ৰেষ্ঠ ছবি, শ্ৰেষ্ঠ পৰিচালক, শ্ৰেষ্ঠ অভিনেত্ৰী, শ্ৰেষ্ঠ সহ অভিনেতা, শ্ৰেষ্ঠ সম্পাদনা, শ্ৰেষ্ঠ সংগীত আৰু শ্ৰেষ্ঠ খলনায়ক। অৰুণাচলী অভিনেত্ৰী আৰু এগৰাকী মডেল Anna Taying Tarh ৰ মতে, একোখন ছবি এখন সমাজ ব্যৱস্থাৰ আইনা; যি আইনাৰ দ্বাৰা দৰ্শকক ভিন্ন কথাৰ আভাষ দিব পাৰি। পূৰণি ইতিহাসৰ পৰা আদি কৰি এখন ছবিৰ দ্বাৰা দৰ্শকক এখন ঠাইৰ জ্ঞান আৰু সচেতন নাগৰিকৰ বিষয়েও ক’ব পৰা যায়।

70mmFlix ত উপলদ্ধ আন এখন নতুন ছবি "NEFA 1953, The Hidden War"- কাৰ যুদ্ধ; কাৰ সংগ্ৰাম! কি আছে ইয়াত? 4


ডাঙৰ পৰ্দালৈ অহাৰ পূৰ্বে উক্ত অভিনেত্ৰী গৰাকীয়ে ৬ বছৰলৈ বিভিন্ন ঠাইৰ মডেলিং ক্ষেত্ৰখনৰ সৈতে জড়িত হৈ আছিল। তেওঁৰ প্ৰথম খন ছবি আছিল “Gangs Of NorthEast”। বৰ্তমানেও তেওঁ আন কেইবাখনো ছবিত ভিন্ন চৰিত্ৰ ৰূপায়নত ব্যস্ত হৈ আছে।

ছবিখন যদি আপোনালোকেও উপভোগ কৰিবলৈ বিচাৰিছে তেন্তে তলত দিয়া লিংকটোত ক্লিক কৰি আজিয়ে ডাউনলোড কৰক 70mmFlix এপটোঃ

70mmFlix ত উপলদ্ধ আন এখন নতুন ছবি "NEFA 1953, The Hidden War"- কাৰ যুদ্ধ; কাৰ সংগ্ৰাম! কি আছে ইয়াত? 5
https://play.google.com/store/apps/details?id=com.seventymmflix.ionic

Add comment

Leave a Reply

The Ultimate Managed Hosting Platform