Rupaliparda.com
বিগত বৰ্ষৰ পৰা ধৰি বৰ্তমানলৈ নিজ গীতৰ পৰ্যালোচনা ভৃগু কাশ্যপৰঃ 1

বিগত বৰ্ষৰ পৰা ধৰি বৰ্তমানলৈ নিজ গীতৰ পৰ্যালোচনা ভৃগু কাশ্যপৰঃ

বিগত বৰ্ষৰ পৰা কন্ঠশিল্পী ভৃগু কাশ্যপৰ প্ৰায় কেইবাটাও গীতে লাভ কৰিছে মু্ক্তি। বিগত বৰ্ষৰ চেপ্তেম্বৰ মাহৰ পৰা এক পৰ্যালোচনা আগবঢ়ায় কন্ঠশিল্পী গৰাকীয়ে। “ৰামধেনু” ৰ পৰা আৰম্ভ কৰি কন্ঠশিল্পী গৰাকীৰ শেহতীয়াকৈ মুক্তিপ্ৰাপ্ত “হিটছ অৱ ফৌৰ” লৈ মুক্তিপ্ৰাপ্ত গীতকেইটিত থকা ভিউৱাৰচৰ সংখ্যাও পোষ্ট যোগে দিয়ে ভৃগুৱে। প্ৰায়ে গীত সমূহক লৈ ভিন্ন জনৰ সমালোচনাৰ সন্মুখীন হ’লেও কন্ঠশিল্পী গৰাকীৰ অনুৰাগীৰ সংখ্যাও লেখত ল’বলগীয়া; তেওঁ নিজ অনুৰাগী ও শুভকাংক্ষী সমূহক পোষ্টযোগে তেওঁৰ গীতত হোৱা ভুল সমূহ শুধৰাই দিবলৈও আহ্বান জনায়। প্ৰায়ে চচিয়েল মিডিয়াত সক্ৰিয় হৈ থকা ভৃগু কাশ্যপে প্ৰায়ে তেওঁৰ হ’বলগীয়া অৰ্ধাগিংনী ও পত্নী প্ৰিয়ম পল্লৱীৰ সৈতে বিভিন্ন পোষ্ট দি থকা দেখিবলৈ পোৱা যায়। ইয়াৰ উপৰিও, কন্ঠশিল্পী গৰাকীয়ে সামাজিক দায়বদ্ধতাৰ প্ৰতিও ৰাখিছে লক্ষ্য। “শিল্পীয়ে শিল্পীৰ বাবে” হোৱা এক লাইভ অনুষ্ঠানত তেওঁ আৰ্থিক ভাৱে পিছ পৰি ৰোৱা একাংশ শিল্পীৰ সুবিধাৰ্থে আগবঢ়াই ১০ হাজাৰ ১ শ ১ টকা।

https://www.instagram.com/p/CCkiG4qJgP3/?utm_source=ig_web_copy_link
বিগত বৰ্ষৰ পৰা ধৰি বৰ্তমানলৈ নিজ গীতৰ পৰ্যালোচনা ভৃগু কাশ্যপৰঃ 2


আগন্তুক সময়ত “ক’ভিড ১৯” ৰ পৰা সমগ্ৰ মানৱ গোষ্ঠী সোনকালে হাত সাৰি আহিব বুলিও আশ্বাস দিয়ে তেওঁ। উল্লেখ্য যে, চলিত বৰ্ষৰ প্ৰথম ভাগতেই অগ্ৰণী সাংস্কৃতিক সংস্থা “প্ৰহেলিকা” ৰ দ্বাৰা আয়োজিত “অসম সূৰ্য্য বঁটা ২০২০” ত শ্ৰেষ্ঠ পুৰুষ কন্ঠশিল্পীৰ খিতাপ লাভ কৰিবলৈ সক্ষম হয় ভৃগু কাশ্যপে।

Add comment

Leave a Reply

Your Header Sidebar area is currently empty. Hurry up and add some widgets.