Rupaliparda.com
" নিজক এঘন্টাকৈ সময় দিওঁ; যাতে মই সেইখিনি সময়ত নিজক উন্নত কৰি তুলিব পাৰো"- তনভী শৰ্মা 1

” নিজক এঘন্টাকৈ সময় দিওঁ; যাতে মই সেইখিনি সময়ত নিজক উন্নত কৰি তুলিব পাৰো”- তনভী শৰ্মা

অভিনেতা-অভিনেত্ৰী সমূহ বৰ্তমান আৱদ্ধ হৈ থাকিবলগীয়া হৈছে নিজ বাসগৃহত। “ক’ৰ’ণা” ৰ সংক্ৰমণ অথবা “লক-ডাউন” ৰ স্তব্ধতাৰ ফলত বন্ধ হোৱা শ্বুটিং চেড্যুলে এতিয়া গৃহবন্দী কৰি থৈছে অভিনেতা-অভিনেত্ৰী সমূহক। এই সময়খিনিত বিভিন্ন জনে চচিয়েল মিডিয়াত সক্ৰিয় হৈ নিজৰ ভিন্ন ভিডিঅ’ অথবা পোষ্ট শ্বেয়াৰ কৰা দেখিবলৈ পোৱা গৈছে। অসমীয়া অভিনেতা-অভিনেত্ৰী সমূহৰ ভিতৰত উল্লেখনীয়ভাৱে থকা তনভী শৰ্মাই প্ৰায়ে নিজ এক্সপ্ৰেছনেৰে ভিন্ন ভিডিঅ’ চচিয়েল মিডিয়াত আপলোড কৰা দেখিবলৈ পোৱা যায়। “লক-ডাউন” ৰ সময়ত তেওঁ কেনেদৰে নিজক সময় দিছে বুলি প্ৰশ্ন কৰাত অভিনেত্ৰী গৰাকীয়ে ৰূপালীপৰ্দাক জনাইছিল যে, “উমম… মই এক্সেপ্ৰেছনৰ ক্ষেত্ৰত নিজক আৰু অকণমান বেছিকৈ উন্নত কৰিব খুজিছো। মোক যেতিয়া দৰ্শক বা মোৰ অনুৰাগীয়ে মেছেজ কৰি কয় যে তেওঁলোকে মোৰ ভিডিঅ’বোৰৰ বাবে অপেক্ষা কৰি থাকে লগতে তেওঁলোকৰ মোৰ এক্সপ্ৰেছন ভাল লাগে বুলি তেতিয়া আচলতে মই আৰু বেছিকৈ উৎসাহিত হওঁ।”


অভিনেত্ৰী গৰাকীয়ে আগলৈ কয় যে, “অনুৰাগীয়ে যেতিয়া এনেধৰণে মোৰ এক্সপ্ৰেছনৰ প্ৰশংসা কৰে তেতিয়া মই আৰু বেলেগ বেলেগ গানৰ শব্দৰ সৈতে খেলিবলৈ বিচাৰো। এতিয়া কোনো অভিনেতা-অভিনেত্ৰীয়ে শ্বুটিঙৰ কথা ভাবিব পৰা নাই কাৰণ সম্প্ৰতি পৰিস্থিতিটোত এইবোৰ একোৱে ভাবিব পৰা নাযায়। গতিকে এতিয়া শুই উঠি কেৱল ঘৰৰ কাম থাকে; যেনে ধৰা ঘৰটোকে ছাফা কৰা, বস্তুবোৰ ধুনীয়াকৈ সুন্দৰকৈ আকৌ এবাৰ ৰখা। গতিকে এইবোৰৰ মাজত মই সদায় নিজক এঘন্টাকৈ সময় দিওঁ; যাতে মই সেইখিনি সময়ত নিজক উন্নত কৰি তুলিব পাৰো। কেমেৰাৰ আগত থাকি মই বহুত ভাল পাওঁ গতিকে কেমেৰাৰ আগত এটা গীতৰ কথাক কেনেদৰে ভিন্ন ধৰণে বুজাব পাৰি তাক চেষ্টা কৰো। মানুহে জানে মই নাচো,কিন্তু নাচিলেও কেতিয়াবা কিছুমানে কয় যে তেওঁলোকে আৰু অধিক সমুখৰ পৰা মোক এক্সপ্ৰেছন চাব বিচাৰে; সেইবাবেই মই তেওঁলোকৰ বাবে কিছুমান ক্ল’জ ভিডিঅ’ শ্বুট কৰিবলৈ বিচাৰো।

" নিজক এঘন্টাকৈ সময় দিওঁ; যাতে মই সেইখিনি সময়ত নিজক উন্নত কৰি তুলিব পাৰো"- তনভী শৰ্মা 2


মোৰ কেইটামান সৰু সৰু ছাত্ৰ-ছাত্ৰী আছে; সিহঁত মোৰ এপাৰ্টমেন্টৰ কাষতেই থাকে। অনলাইন ক্লাছ দি আছো এইকেইদিন, এগৰাকীহে আহে ঘৰলৈ গতিকে তেওঁলোকক শিকাই মিলি মোৰ অকণমান সময় গুচি যায়। আচলতে, মই সুখী যে জনসাধাৰণে এনে পৰিস্থিতিতো মোৰ পৰা অকণমান সময় মনোৰঞ্জনৰ অৱসাদ পাইছে। মই এইবোৰ লৈয়ে এইকেইদিন ব্যস্ত হৈ আছো; মই আগতে কোনোদিন ৰন্ধা-বঢ়া কৰা নাছিলো। কিন্তু এতিয়া সময় পাইছো যিহেতু ইউটিউবতেই কিবা-কিবি শিকি লৈ ৰান্ধিবলৈ চেষ্টা কৰো। এইখিনিতে, এটা কথা ক’বই লাগিব যে এনে পৰিস্থিতিত সুখী থকাটো সম্ভৱপৰ নহয়; বহুতেই বিচাৰে যদিও কোনোবাখিনিত গৈ ৰৈ যায়। তেওঁলোকক মই ক’ম যে নিজক ব্যস্ত ৰাখক; যেতিয়াই ব্যস্ত হৈ থাকিব তেতিয়া আপুনি বেয়া চিন্তা কৰিবলৈ সময় নাপাব। বহুতে ইতিমধ্যে হতাশগ্ৰস্ততাৰো চিকাৰ হৈ কিছুমান বেয়া পদক্ষেপ গ্ৰহণ কৰিছে গতিকে তেওঁলোকে এনেবোৰ পৰিস্থিতিত কথাবোৰ পাতিব লাগে। মই বিচাৰো, এইখিনি সময়ত সকলোৱে যাতে ইজনে সিজনক অকণমান সঁহাৰি জনাই পাৰ কৰে সময়বোৰ।”

Add comment

Leave a Reply

The Ultimate Managed Hosting Platform