Rupaliparda.com
" বহেমিয়ান ব্লুজে শ্ৰোতা-দৰ্শকৰ ৰুচিবোধৰ উত্তৰণৰ বাবে কাম কৰিব বিচাৰে"- মৃণাল পি জ্যোতি 1

” বহেমিয়ান ব্লুজে শ্ৰোতা-দৰ্শকৰ ৰুচিবোধৰ উত্তৰণৰ বাবে কাম কৰিব বিচাৰে”- মৃণাল পি জ্যোতি

সদ্যমুক্তিপ্ৰাপ্ত “ৰুমমেট” শীৰ্ষক এটি গীতে খলকনি লগাবলৈ সক্ষম হৈছিল চচিয়েল মিডিয়াত। গীতটিক শ্বেয়াৰ কৰিছিল বিভিন্নজনে; গীতটি ৰচনা আৰু মুক্তিৰ আঁৰত আছিল কেইগৰাকীমান শিল্পীৰ যুঁটীয়া প্ৰচেষ্টা। প্ৰতিভাৰ ক্ষেত্ৰত অসম কোনোদিন পিছ পৰা নাই; ইজনতকৈ সিজন প্ৰতিভাসম্পন্ন শিল্পীৰ জন্ম হৈছে ইয়াত। এই সমষ্ট কথাৰ আমি নুই কৰিব নোৱাৰো; প্ৰায়ে বিভিন্ন জনৰ সৃষ্টি আমি দেখিছো আৰু তেওঁলোকৰ সৃষ্টিক লৈ উৎসাহিতও হৈছে প্ৰতিজন অসমীয়া কলাপ্ৰেমী ৰাইজ। উক্ত “ৰুমমেট” শীৰ্ষক গীতটিৰ আঁৰত আছিল এটি বেণ্ড; এই বেণ্ডটো ২০১৫ চনত কেইগৰাকী মান শিল্পীৰ দ্বাৰা সৃষ্টি হৈছিল। নিত্য নৈমিত্তিক সংগীতৰ আড্ডাৰ পৰা উৎপন্ন হোৱা এই বেণ্ডটোৰ নাম হৈছে “বহেমিয়ান ব্লুজ”। একঘেয়ামী অসমীয়া গীতৰ পৰা সামান্য আঁতৰি প্ৰায়ে মৌলিক গীতৰ চৰ্চা কৰা এই কেইগৰাকী শিল্পীয়ে অসমৰ দুই ঠাই ক্ৰমে গুৱাহাটী আৰু বৰপেটাত নিজৰ সংগীত প্ৰক্ৰিয়াবোৰৰ আৰম্ভণি কৰিছিল যদিও সেইটো সময়ত তেওঁলোকে তেওঁলোকৰ নিজস্ব কোনো নাম দিয়া নাছিল। উক্ত বেণ্ডটোৰ সৈতে জড়িত লগতে বেণ্ডটোৰ দ্বাৰা সৃষ্ট গীত সমূহৰ লিখক মৃণাল পি জ্যোতিৰ সৈতে হোৱা ৰূপালীপৰ্দাৰ কথা-বতৰাত তেওঁ জনাইছিল যে,


“আমি ভাৱিছিলো যে আমাৰ এই নিৰ্দ্দিষ্ট মানুহ কেইজনেই যদি কন্ঠদান কৰাৰ লগতে গীতত কথা দিয়া, সংগীত পৰিচালনা কৰা বা শব্দ সংমিশ্ৰণ আদি অৰ্থাৎ সংগীতৰ লাগতিয়াল উপাদান সমূহ কৰিবলৈ সক্ষম হওঁ গতিকে আমি এটা বেণ্ড খুলি লওঁ বুলি ভাৱিছিলো। এই আটাইবোৰ দিশলৈ লক্ষ্য ৰাখিয়ে আমি “বহেমিয়ান ব্লুজ” নামৰ বেণ্ডটোৰ আনুষ্ঠানিক ভাৱে স্থাপন কৰিছিলো। আমাৰ গ্ৰুপটোৰ প্ৰথমটো গীত আছিল ২০১৭ চনত মুক্তিপ্ৰাপ্ত “জেপত গুজি দিওঁতে বকুল”; তাৰ পিছৰ পৰা বৰ্তমানলৈ আমি “শীৰ্ণ কফিন”, “নীলা শিয়াল”, “তোমাৰ জোনাকেৰে, “নীড়হাৰা” শীৰ্ষক ৬ টা গীতৰ সৃষ্টি কৰিছো।” মৃণালক ৰূপালীপৰ্দাই প্ৰশ্ন কৰিছিল যে সংগীত ক্ষেত্ৰখনত আগবাঢ়ি যোৱাৰ ক্ষেত্ৰত কেনে প্ৰচেষ্টা চলাইছে “বহেমিয়ান ব্লুজে”? এই প্ৰশ্নৰ উত্তৰত তেওঁ কৈছিল যে, “সম্ভৱতঃ অসমীয়া গানৰ প্ৰত্যাহ্বানমূলক সময়তে জন্ম হৈছিল “বহেমিয়ান ব্লুজ” ৰ। যিটো সময়ত কিছু অসমীয়া গান আৰু গীতৰ কথা সম্পৰ্কে অসমীয়া শ্ৰোতা ৰাইজে মুকলি আক্ষেপ প্ৰকাশ কৰিছিল তেতিয়া।”

" বহেমিয়ান ব্লুজে শ্ৰোতা-দৰ্শকৰ ৰুচিবোধৰ উত্তৰণৰ বাবে কাম কৰিব বিচাৰে"- মৃণাল পি জ্যোতি 2


আগলৈ শিল্পী গৰাকীয়ে কয় যে, “এটি ব্যক্তিগত সংবাদ মাধ্যমত যেতিয়া আমাক এনে এক প্ৰশ্ন সুধিছিল তেতিয়া আমি কৈছিলো যে “বহেমিয়ান ব্লুজে” শ্ৰোতা-দৰ্শকৰ বাবে কাম কৰিব বিচাৰে; তেওঁলোকৰ ৰুচিবোধৰ উত্তৰণৰ বাবে কাম কৰিব বিচাৰে।” উল্লেখ্য যে, উক্ত বেণ্ডটোৱে ইতিমধ্যে Blues, Jazz, Indian Classical, Fusion আদি সংগীতৰ ভিন্ন সংস্কৰণত পৰীক্ষামূলকভাৱে কাম কৰি আছে। আগন্তুক পৰিকল্পনাৰ বিষয়ে সোধাত তেওঁ কৈছিল যে, “Street Music” বিষয়বস্তুটোৰে “ফুটপাথৰ গান” বুলি এটা এলবামৰ কাম কৰি থকা হৈছে। এয়া এক জীৱনমুখী গানৰ প্ৰকল্প।”

Add comment

Leave a Reply

The Ultimate Managed Hosting Platform