Rupaliparda.com
কন্ঠশিল্পী নীল আকাশ ক'ৰোণা নিগেটিভঃ 1

কন্ঠশিল্পী নীল আকাশ ক’ৰোণা নিগেটিভঃ

“ক’ৰোণা” বিভীষিকাই কোনো লোকক এৰি দিয়া নাই। প্ৰত্যেককে নিজ আগ্ৰাসনত সোমাই ৰাখিছে এই ভয়ংকৰ মহামাৰীটোৱে। সম্প্ৰতি পৰিস্থিতিত গুৱাহাটী মহানগৰীৰ লগতে সমগ্ৰ ৰাজ্য বলি হৈছে গণ সংক্ৰমণৰ। নিতৌ শ শ লোক এই মহামাৰী বিধৰ আগ্ৰাসনত সোমাইছে। কিন্তু এই আটাইবোৰৰ মাজতেই আছে নীল আকাশৰ অনুৰাগীৰ বাবে সুখবৰ। “ক’ৰোণা”ৰ স্বাব টেষ্টৰ পিছত কন্ঠশিল্পী গৰাকীৰ ৰিজাল্ট নিগেটিভ অহা দেখিবলৈ পোৱা গৈছে। প্ৰায় আটাইবোৰ গীতেৰেই জনপ্ৰিয় নীল আকাশ বৰ্তমানৰ এগৰাকী জনসাধাৰণৰ শীৰ্ষস্থানত থকা শিল্পী। তেওঁৰ গীত সমূহক লৈ উৎসাহিত হৈ থকাও দেখিবলৈ পোৱা যায় একাংশক। আচলতে, গীত সমূহৰ মাজেৰে জনসাধাৰণক কিবা এটা নতুন প্ৰদান কৰাৰ চেষ্টাও নকৰা নহয় তেওঁ।

কন্ঠশিল্পী নীল আকাশ ক'ৰোণা নিগেটিভঃ 2


প্ৰথম “হুঁচৰি বিহু” ত নাচি তাৰ পিছত কেইবাখনো বিহু মঞ্চত গীত পৰিৱেশন কৰি সংগীত জীৱনৰ আৰম্ভণি কৰিছিল নীল আকাশে। তেওঁৰ যাত্ৰাটোৰ মাজতেই লুকাই আছে তেওঁৰ কষ্ট ও সংগ্ৰাম; নীল আকাশৰ প্ৰথম একক এলবাম আছিল “বিহুৱান”; তাৰ পিছত একেটা বৰ্ষত অৰ্থাৎ ২০১৬ ত তেওঁ মুক্তি কৰে তেওঁৰ আনটো এলবাম “এনাজৰী।” উক্ত দুয়োটা এলবামতেই পোৱা জনসাধাৰণৰ বহুল সঁহাৰিয়ে নীল আকাশক বৰ্তমান এই স্থানত প্ৰতিষ্ঠিত কৰিছে। শেহতীয়াকৈ নীল আকাশ আৰু যুৱপ্ৰজন্মৰ যুঁটীয়া প্ৰচেষ্টাৰে মুক্তিপ্ৰাপ্ত “প্ৰহেলিকা” গীতটিয়েও লাভ কৰিছিল জনপ্ৰিয়তা।

Add comment

Leave a Reply

The Ultimate Managed Hosting Platform