Rupaliparda.com
"ইণ্ডাষ্ট্ৰীটোত বাহিৰৰ আৰু ভিতৰৰ এই দুটা অংশত বিভাজন হৈ আছে"- ঋষা চড্ডা 1

“ইণ্ডাষ্ট্ৰীটোত বাহিৰৰ আৰু ভিতৰৰ এই দুটা অংশত বিভাজন হৈ আছে”- ঋষা চড্ডা

অভিনেতা সুশান্ত সিং ৰাজপুতৰ বাবে কেৱল মাত্ৰ সৰ্বসাধাৰণ ৰাইজে নহয়; তেওঁৰ হকে মাত দিছে কেইবাগৰকীও অভিনেতা-অভিনেত্ৰীয়ে। অভিনেতা গৰাকীৰ মৃত্যুৰ পিছত “নেপোটিজিম” শব্দটোৰ বহুল চৰ্চা হৈছিল। বিভিন্নজনে ইয়াক লৈ মন্তব্য কৰাওঁ দেখিবলৈ পোৱা গৈছিল। এনে ক্ষেত্ৰতে নিজ মত ব্যক্ত কৰে অভিনেত্ৰী ঋষা চড্ডাইও। সামাজিকৰ পৰা ৰাজনৈতিকলৈ প্ৰতিটো ক্ষেত্ৰতো নিজৰ মন্তব্য দাঙি ধৰা এই অভিনেত্ৰী গৰাকীয়ে নিজ ব্লগত বলীউডৰ ভিন্ন তিক্ত সত্যৰ ব্যক্ত কৰে। টুইটাৰত নিজ ব্লগৰ লিংক শ্বেয়াৰ কৰি তেওঁ নিজৰ কথাখিনি পঢ়িবলৈ ৰাইজক অনুৰোধ জনায়। তেওঁ কয় যে, “ইণ্ডাষ্ট্ৰীটোত বাহিৰৰ আৰু ভিতৰৰ এই দুটা অংশত বিভাজন হৈ আছে; ই দয়ালু আৰু নিৰ্দয়ী এই দুটা ভাগত বিভক্ত।”


অভিনেত্ৰী গৰাকীয়ে নিজৰ দীঘলীয়া ব্লগটোৰ মাজতে লিখে যে, “বিগত মাহত বহু পৰিচালকে সুশান্তৰ মৃত্যুত আচম্বিত হোৱা বুলি পোষ্ট শ্বেয়াৰ কৰিছিল। তেওঁলোকে কেতিয়াবা এনে তাৰকাক নিজৰ ছবিৰ পৰা বাহিৰ কৰি দিছিলে যিসকল তাৰকাই কেৱল মাত্ৰ পৰিচালকৰ সুবিধানুযায়ী কাম কৰিব খোজা নাছিল।” ঋষা চড্ডাই এনে ধৰণে বহুখিনি কথা ব্যক্ত কৰি নিজৰ ব্লগত সুশান্তৰ সৈতে নিজৰ এখন ফটোও শ্বেয়াৰ কৰে। “ঔ লাক্কী, লাক্কী ঔ” ত এটা সৰু চৰিত্ৰ ৰূপায়ন কৰা পিছত ঋষা চড্ডাই বহু ছবিত সহযোগী চৰিত্ৰ ৰূপায়ন কৰে। তেওঁ দৰ্শকক অধিক আকৰ্ষিত কৰে অনুৰাগ কাশ্যপৰ ছবি “গেংগছ অৱ ৱাছিপুৰ” ৰ পৰাহে। ১৯৮৮ চনত জন্মলাভ কৰা এই গৰাকী অভিনেত্ৰীয়ে প্ৰথমতে মডেলিঙৰ পৰা আৰম্ভ কৰিছিল নিজ কেৰিয়াৰ।

Add comment

Leave a Reply

Your Header Sidebar area is currently empty. Hurry up and add some widgets.