Rupaliparda.com
"মই থলুৱা গীত সমূহৰ বিষয়ে গৱেষণা কৰি আছো যাতে এই নতুন প্ৰজন্মৰ সৈতে খাপ খোৱাঁকৈ মই গীত সমূহ উলিয়াব পাৰো"- নিখিল জ্যোতি শৰ্মা 1

“মই থলুৱা গীত সমূহৰ বিষয়ে গৱেষণা কৰি আছো যাতে এই নতুন প্ৰজন্মৰ সৈতে খাপ খোৱাঁকৈ মই গীত সমূহ উলিয়াব পাৰো”- নিখিল জ্যোতি শৰ্মা

এনে বহু গীত আছে; যিটো গীতৰ কন্ঠশিল্পী গৰাকী সকলোৰে পৰিচিত নহ’লেও তেওঁৰ গীতৰ কথা আৰু উক্ত গীতটি ভাইৰেল হৈ পৰে ক্ষন্তেকতে। শেহতীয়াকৈ ভাইৰেল হৈ পৰা এটি গীত হৈছে “তুমি সুবাস”। য’ত গীতটিয়ে মুক্তিৰ দুদিন পিছতেই লাভ কৰিছিল ৩ লাখতকৈও অধিক ভিউৱাৰচ। গীতটিৰ আঁৰৰ কন্ঠশিল্পী গৰাকীৰ নাম হৈছে নিখিল জ্যোতি শৰ্মা; নিখিলৰ নামটোৱে যদিও শ্ৰোতা- দৰ্শকৰ মাজত বহুল জনপ্ৰিয়তা লাভ কৰা নাই তৎস্বত্বেও তেওঁৰ সৃষ্টিয়ে মুগ্ধ কৰিছে বৰ্তমান সকলোকে। ২০১৭ চনত “এধানি মৰম” শীৰ্ষক গীতটিৰে সংগীত ক্ষেত্ৰখনত খোজ পেলোৱা নিখিলৰ “তুমি সুবাস” গীতটিয়ে তেওঁক এই ক্ষেত্ৰখনত আৰু অধিক আগবঢ়াত সহায় কৰিব। আজিৰ ৰূপালীপৰ্দাৰ দেওঁবৰীয়া বিশেষত আমি এই গৰাকী কন্ঠশিল্পী নিখিল জ্যোতি শৰ্মাৰ সৈতে পাতিম কিছু কথা। চাওঁচোন আহকঃ

প্ৰশ্নঃ সংগীতৰ সৈতে তুমি কেতিয়াৰ পৰা আৰু কেনেদৰে জড়িত?

নিখিলঃ সংগীতৰ সৈতে কেতিয়াৰ পৰা জড়িত বুলি ক’লে মই সৰুৰ পৰাই বুলিয়ে ক’ব লাগিব; মোৰ ককা গানৰ ওস্তাদ আছিল আৰু মোৰ দেউতাও সংগীতৰ প্ৰতি আকৰ্ষিত হৈছিল গতিকে তেওঁয়ো গীত কিছু জানিছিল। মই সৰু থাকোতে মোৰ দেউতাৰ পৰাই বিভিন্ন বৰগীত-লোকগীতবোৰ শিকিছিলো; পিছলৈ মই পঞ্চম শ্ৰেণীত থাকোতে মোক ক্লাচিকেল গীত শিকিবলৈ সংগীত স্কুলত নাম লগাই দিয়া হৈছিল। ২০১৭ চনত মই মোৰ প্ৰথমটো গীত “এধানি মৰম” ক মুক্তি দিছিলো আৰু তেতিয়াৰ পৰাই মোৰ সংগীতৰ যাত্ৰা আৰম্ভ হৈছিল। নাজানো, সংগীত ক্ষেত্ৰখনত মোৰ এই যাত্ৰা কিমান দূৰলৈ যাব কিন্তু সদায় দৰ্শক-শ্ৰোতাক একোটা “ভাল” বস্তু দিয়াৰ চেষ্টা অব্যাহত ৰাখিম।

"মই থলুৱা গীত সমূহৰ বিষয়ে গৱেষণা কৰি আছো যাতে এই নতুন প্ৰজন্মৰ সৈতে খাপ খোৱাঁকৈ মই গীত সমূহ উলিয়াব পাৰো"- নিখিল জ্যোতি শৰ্মা 2

প্ৰশ্নঃ শেহতীয়াকৈ তোমাৰ কন্ঠৰে মুক্তিপ্ৰাপ্ত “তুমি সুবাস” ৰ জনপ্ৰিয়তা নুই কৰিব পৰা নাযায়। গীত সমূহ নিৰ্মাণৰ আঁৰত কিবা ষ্ট্ৰেটেজি থাকে নেকি??

নিখিলঃ একোটা সংগীত নিৰ্মাণৰ আঁৰত এটাই ষ্ট্ৰেটেজি থাকে যে ই কেনেদৰে ৰাইজৰ দৃষ্টি আৰু মনোযোগ আকৰ্ষণ কৰিব পাৰিব। এটা সংগীত নিৰ্মাণ কৰা সময়ত গীতটো যিগৰাকীয়ে ৰচনা কৰে আৰু গীতত কন্ঠদান কৰোতা জন লগতে গীতটোত সংগীত দিয়া সংগীতকাৰ জন; নিৰ্মাণ কৰি থকা গীতটো ৰাইজৰ মাজত উলিয়াই দিয়া আগতে গীতটোৰ সৈতে জড়িত এই শিল্পী কেইগৰাকী মনৰ অনুভৱটো কেনে; তাক বিচাৰ কৰাটো প্ৰয়োজনীয়। তেওঁলোকৰ অনুভৱৰ ওপৰতেই নিৰ্ভৰ কৰে গীতটোৰ সৃষ্টি।

"মই থলুৱা গীত সমূহৰ বিষয়ে গৱেষণা কৰি আছো যাতে এই নতুন প্ৰজন্মৰ সৈতে খাপ খোৱাঁকৈ মই গীত সমূহ উলিয়াব পাৰো"- নিখিল জ্যোতি শৰ্মা 3

প্ৰশ্নঃসংগীতত থকা কি উপাদানৰ শ্ৰোতাক তুমি আকৰ্ষণৰ চেষ্টা কৰা?

নিখিলঃ বিশেষকৈ, এটি গীতৰ মনকৰিবলগীয়া বিষয়টো হ’ল ইয়াত থকা “কথা”। যদি গীতটোৰ কথাই ভাল নহয় তেতিয়া গীতটোক লৈ শ্ৰোতাই প্ৰকৃত অনুভৱটো নাপায়। কথাৰ পিছতেই আহে গীতটিৰ পৰিচালনা; গীতটিত থকা কথাখিনিৰ উপৰিও ইয়াত থকা সুৰ আৰু সংগীতটো যদি হৃদয়স্পৰ্শী হয় তেনেহ’লে ইয়াক শ্ৰোতাই একেবাৰতেই আকোঁৱালি ল’ব বিচাৰে। মোৰ গীত সমূহত আচলতে মই এইকেইটা উপাদানৰ ওপৰত অধিক প্ৰাধান্য দিওঁ।

"মই থলুৱা গীত সমূহৰ বিষয়ে গৱেষণা কৰি আছো যাতে এই নতুন প্ৰজন্মৰ সৈতে খাপ খোৱাঁকৈ মই গীত সমূহ উলিয়াব পাৰো"- নিখিল জ্যোতি শৰ্মা 4

প্ৰশ্নঃভৱিষ্যতে কোন গৰাকী কন্ঠশিল্পীৰ সৈতে মঞ্চ ভাগ কৰাৰ মন??

নিখিলঃ সপোন বহুত আছে; এই সপোন বোৰ দিঠকত কেতিয়ালৈ পৰিণত হ’ব সেয়াহে ক’বলৈ টান হয়। মোৰ নিচিনা বহুতেই জুবিন গাৰ্গ আৰু অংগৰাগ পাপন মহন্তৰ গীত শুনি ডাঙৰ হৈছে; তেওঁলোকৰ গীত সমূহ শুনি ৰাতিপুৱা উঠিছো আৰু ৰাতিলৈ নিদ্ৰাদেৱীৰ কোলালৈও গৈছো। গতিকে এই দুইগৰাকী ব্যক্তিৰ সৈতে কেতিয়াবালৈ মঞ্চ ভাগ কৰা বৰ ইচ্ছা আছে; আৰু যদি মই বাহিৰৰ কোনো শিল্পীৰ কথা কওঁ তেতিয়াহ’লে তেওঁ হ’ব এ.আৰ.ৰহমান। এই আটাইকেইগৰাকীৰ গীতে মোক সৰুৰ পৰাই আকৰ্ষণ কৰিছে গতিকে এওঁলোকৰ লগত এবাৰ হ’লেও যদি কাম কৰিবলৈ সুবিধা পাওঁ তেতিয়াহ’লে মই ধন্য।

"মই থলুৱা গীত সমূহৰ বিষয়ে গৱেষণা কৰি আছো যাতে এই নতুন প্ৰজন্মৰ সৈতে খাপ খোৱাঁকৈ মই গীত সমূহ উলিয়াব পাৰো"- নিখিল জ্যোতি শৰ্মা 5

প্ৰশ্নঃ আগন্তুক প্ৰকল্পৰ বিষয়ে জানিব খুজিম।

নিখিলঃ আগন্তুক পৰিকল্পনা বুলি ক’বলৈ গ’লে আকৌ মোৰ এটা নতুন গীত আহি আছে সান্নিধ্য ভূঞাৰ সৈতে; আগষ্টলৈ মুক্তি দিম হয়টো এই গীতটো। নিজৰ কিছু প্ৰকল্পৰ সৈতে জড়িত হোৱাৰ উপৰিও মই থলুৱা গীত সমূহৰ বিষয়ে গৱেষণা কৰি আছো যাতে এই নতুন প্ৰজন্মৰ সৈতে খাপ খোৱাঁকৈ মই গীত সমূহ উলিয়াব পাৰো।

"মই থলুৱা গীত সমূহৰ বিষয়ে গৱেষণা কৰি আছো যাতে এই নতুন প্ৰজন্মৰ সৈতে খাপ খোৱাঁকৈ মই গীত সমূহ উলিয়াব পাৰো"- নিখিল জ্যোতি শৰ্মা 6

… ধন্যবাদ নিখিল। তোমাৰ সকলো পৰিকল্পনা সফল হোৱাৰ কামনা কৰিছো।

নিখিলঃ ধন্যবাদ তোমাৰ লগতে ৰূপালীপৰ্দালৈও।

Add comment

Leave a Reply

The Ultimate Managed Hosting Platform