Rupaliparda.com
সনু সোদৰ নামেৰে "ৱেল্ডিং" ৰ দোকানঃ 1

সনু সোদৰ নামেৰে “ৱেল্ডিং” ৰ দোকানঃ

“লক-ডাউন” ৰ প্ৰথমটো ভাগৰ পৰা চৰ্চা লাভ কৰিছে এগৰাকী বলীউড অভিনেতাই। অভিনেতা গৰাকীয়ে কেইবাজনো মজদুৰক বিনা টকা-পইচাৰে নিজ নিজ ঘৰলৈ উভতাই পঠিওৱাৰ ব্যৱস্থা গ্ৰহণ কৰিছিল। য’ত একাংশ মজদুৰে লক-ডাউনৰ ফলত নিজৰ আগন্তুক জীৱনক লৈ শংকিত হৈ আছিল সেইটো সময়তে বলীউড অভিনেতা সনু সোদ তেওঁলোকৰ মাজত ভগৱান হৈ থিয় দিছিল বুলি মন্তব্য কৰিছিল মজদুৰ সকলে নিজেই। নিজ বাসগৃহলৈ উভতি যোৱাৰ পিছত একাংশ মজদুৰে ভিন্ন ভিন্ন ধৰণে নিজৰ মৰম ব্যক্ত কৰিছে অভিনেতা গৰাকীৰ প্ৰতি।

একাংশই য’ত নিজ সন্তানৰ নাম অভিনেতা গৰাকীৰ নামেৰে ৰাখিছে তাতেই আকৌ একাংশই অভিনেতা গৰাকীক পুনৰ বাৰ লগ পোৱাৰ আশ্বাস বিচাৰিছে। মুঠতে, সনু সোদৰ মহানুভৱতাই বাৰুকৈয়ে আকৰ্ষণ কৰিবলৈ সক্ষম হৈছিল তেওঁলোকক। এক কথাত ক’বলৈ গ’লে, এয়া নকৰিবওঁনো কিয়? “লক-ডাউন” ৰ ফলত বহু মজদুৰ খোজ কাঢ়ি গৈয়ে নিজ গন্তব্য স্থানলৈ আগবাঢ়িছিল আৰু তেনে এক সময়ত সনু সোদৰ এই সহায়ে তেওঁলোকৰ বাবে আশাৰ কিৰণ হৈ নামিছিল।

সনু সোদৰ নামেৰে "ৱেল্ডিং" ৰ দোকানঃ 2


উক্ত মজদুৰ সকলৰ মাজৰেই এগৰাকীক সনু সোদে নিজ ঘৰলৈ পঠিয়াইছিল; যাৰ “ৱেল্ডিং” ৰ দোকান আছে। মজদুৰ গৰাকীয়ে নিজ দোকান খনৰ নাম এতিয়া সনু সোদৰ নামলৈ পৰিৱৰ্তিত কৰে। অভিনেতা গৰাকীয়ে যেতিয়া এই বিষয়ে গম পাই তেতিয়া তেওঁয়ো উৎসাহিত হৈ পৰে আৰু টুইট কৰা দেখিবলৈ পোৱা যায়। তেওঁ কয় যে, “এয়া আটাইতকৈ ডাঙৰ ব্ৰেণ্ড; যিটোক এতিয়া মই প্ৰমোট কৰিম। ভগৱানে কৰক; এদিন তুমি সকলোতকৈ ডাঙৰ উদ্যোগপতি হোৱা ভাই।”

1 comment

Leave a Reply

The Ultimate Managed Hosting Platform