Rupaliparda.com
কিয় চিকিৎসককো বিশ্বাস নকৰিছিল সুশান্ত সিং ৰাজপুতে??- 1

কিয় চিকিৎসককো বিশ্বাস নকৰিছিল সুশান্ত সিং ৰাজপুতে??-

জনপ্ৰিয় বলীউড অভিনেতা সুশান্ত সিং ৰাজপুতৰ মৃত্যুৰ বিয়য়টোক লৈ মুম্বাই পুলিচে এতিয়ালৈ তিনি জন মনোচিকিৎসক আৰু এগৰাকী মনোবৈজ্ঞানিকৰ মন্তব্য লোৱা দেখিবলৈ পোৱা গৈছে। মুম্বাই পুলিচ অনুসৰি সুশান্ত সিং ৰাজপুতে বিগত বৰ্ষৰ নৱেম্বৰ মাহৰ পৰা নিজৰ চিকিৎসা কৰোৱাই আছিল। সূত্ৰ অনুসৰি, এগৰাকী মনোচিকিৎসকে কয় যে সুশান্ত সিং ৰাজপুতৰ “বাইপোলাৰ ডিসঅৰ্ডাৰ” নামে এক বেমাৰ আছিল; কিন্তু আনহাতে আন ডাক্টৰৰ মতে অভিনেতাগৰাকীৰ জীৱন বহু হতাশাৰ মাজেৰে পাৰ হৈ আছিল। কিন্তু, ইয়াৰ কাৰণ কি আছিল এইক্ষেত্ৰত কোনো লোকে কোনোধৰণৰ উত্তৰ দিব পৰা নাই যাৰ ফলত এতিয়া মুম্বাই পুলিচেও কোনো সঠিক সিদ্ধান্ত কৰিব পৰা নাই। বৈজ্ঞানিক তথ্য মতে, Bipolar Disorder এনে এক বেমাৰ যিয়ে এজন ৰোগীৰ ব্যৱহাৰ সোনকালে সলনি কৰিবলৈ লয়; এই বেমাৰত ভুক্তভোগী লোক সমূহৰ ভাৱ ধাৰা সমূহ গভীৰ ভাৱে বিশৃংখল হ’বলৈ ধৰে।

কিয় চিকিৎসককো বিশ্বাস নকৰিছিল সুশান্ত সিং ৰাজপুতে??- 2
কিয় চিকিৎসককো বিশ্বাস নকৰিছিল সুশান্ত সিং ৰাজপুতে??- 3


ডাক্তৰৰ মন্তব্য মতে, অভিনেতা গৰাকীয়ে নিজ চিকিৎসকৰ ওপৰতো বিশ্বাস ৰখা নাছিল আৰু সেইবাবেই তেওঁ কেৱল ২-৩ বাৰ লগ কৰাৰ পিছত চিকিৎসক সলনি কৰি লৈছিল। সুশান্তৰ চিকিৎসা কৰা প্ৰায় প্ৰতিজন চিকিৎসকে কয় যে অভিনেতাগৰাকীয়ে সঠিক সময়ত ঔষধ বোৰ নলৈছিল। শেষৰ বাৰ অভিনেতা গৰাকী যিজন চিকিৎসকৰ কাষ চাপিছিল তেওঁয়ে Bipolar Disorder ট্ৰীটমেন্ট দি আছিল।

1 comment

Leave a Reply

Your Header Sidebar area is currently empty. Hurry up and add some widgets.