Rupaliparda.com
"…নিজৰ লগতে নিজ আত্মীয়ক সুৰক্ষিত কৰিবলৈ দায়িত্বশীল হওঁক"- অভিশ্ৰুতি বেজবৰুৱা 1

“…নিজৰ লগতে নিজ আত্মীয়ক সুৰক্ষিত কৰিবলৈ দায়িত্বশীল হওঁক”- অভিশ্ৰুতি বেজবৰুৱা

২১ দিনীয়া সম্পূৰ্ণ “লক-ডাউন” ৰ অন্তত কাইলৈৰ পৰাই গুৱাহাটী মহানগৰীত দিয়া হৈছে আনলক ১.০; এই সময়ছোৱাত বিভিন্ন জন ব্যক্তিক এতিয়া নিজ কৰ্মক্ষেত্ৰলৈ আগবাঢ়ি যোৱা দেখিবলৈ পোৱা গৈছে। এই সময়ছোৱাত যদিও জনসাধাৰণে নিজে ল’বলগীয়া সজাগতা সমূহ গ্ৰহণ কৰিছে তৎস্বত্বেও একাংশ এনে শিল্পী আছে যিয়ে অহৰহ ৰাইজৰ মনত সজাগ আৰু সচেতনতা সৃষ্টিৰ প্ৰয়াস অব্যাহত ৰাখিছে। এনে শিল্পী সমূহৰ ভিতৰত এগৰাকী হৈছে কন্ঠশিল্পী অভিশ্ৰুতি বেজবৰুৱা। তেওঁ প্ৰায়ে জনসাধাৰণক উদ্দেশ্যি ভিন্ন বাৰ্তা প্ৰেৰণ কৰাৰ সমান্তৰালকৈ সম্প্ৰতি পৰিস্থিতিক লৈ সষ্টম হৈ থাকিবলৈ আহ্বান জনায় নিজ অনুৰাগী সকলক। কিছুদিন পূৰ্বে “আমি হ’মেই সফল” অথবা “We shall Overcome” তথা “হম হংগে কামিয়াব” শীৰ্ষক এই প্ৰেৰণামূলক গীতটিত অভিশ্ৰুতিয়ে নিজা কন্ঠ প্ৰদান কৰি “অসম পুলিচ” ক কৃতজ্ঞতা জ্ঞাপন কৰিছিল। গীতটিৰ ইংৰাজী সংস্কৰণটোক এৰি হিন্দী ও অসমীয়া সংস্কৰণটো দৰ্শকে শুনিবলৈ পোৱা গৈছিল অভিশ্ৰুতিৰ কন্ঠৰে। উল্লেখ্য যে, উক্ত গীতটিৰ অসমীয়া সংস্কৰণটোৰ কথাখিনিত কিছু নতুনত্ব প্ৰদান কৰি গীতটিত সংগীত আৰু শব্দ সংমিশ্ৰণ কৰিছিল ইবচন লাল বৰুৱাই।

https://www.instagram.com/p/CC2vDFony6M/?utm_source=ig_web_copy_link


শেহতীয়া সৰ্বসাধাৰণ ৰাইজক উদ্দেশ্যি আপলোড কৰা পোষ্টটোত অভিশ্ৰুতিয়ে লিখে যে “ঘৰৰ বাহিৰলৈ গ’লেই মাস্ক পৰিধান কৰক, নিজৰ লগতে নিজ আত্মীয়ক সুৰক্ষিত কৰিবলৈ দায়িত্বশীল হওঁক।” কন্ঠশিল্পী গৰাকীৰ গীতৰ লগতে তেওঁৰ ব্যক্তিত্বও বহু সময়ত আপ্লুত কৰে দৰ্শকক। ইয়াৰ পূৰ্বেও ৰূপালীপৰ্দাৰ সৈতে হোৱা এক সাক্ষাৎকাৰত তেওঁ কৈছিল যে, “সকলোকে ইয়াকেই অনুৰোধ কৰিম যে ঘৰতেই থাকক, সুৰক্ষিত থাকক। আপোনালোকক চাৰিওফালৰ পৰিৱেশটো চেনিটাইজ কৰি নিজেও হাতত ধুই থাকিবলৈ চেষ্টা কৰক। উক্ত কথাখিনি প্ৰত্যেকেই হয়টো আপোনালোকক কৈছে বা আপোনালোকেও নিজেই জানে। কিন্তু, মইও এবাৰ আপোনালোকক কোৱাটো উপযোগী বুলি ভাবো যিহেতু এই মাধ্যমেৰে মই আপোনালোকৰ কাষ চাপিছো।

"…নিজৰ লগতে নিজ আত্মীয়ক সুৰক্ষিত কৰিবলৈ দায়িত্বশীল হওঁক"- অভিশ্ৰুতি বেজবৰুৱা 2

লগতে, আশা কৰিছো যে আপোনালোক সকলোৱে চৰকাৰে যিখিনি নিয়মাৱলী আমাক বান্ধি দিছে সেইখিনি উলংঘা নকৰি যাতে চৰকাৰৰ কাম সঁহাৰি জনায়। কিয়নো, আমাৰ চৰকাৰে দিন-ৰাতি একাকাৰ কৰি যথেষ্ট কষ্ট কৰিছে। ইয়াৰ উপৰিও, মই বুলিয়ে নহয় আমি সকলোবে এনে সময়ত আমাৰ বাবে কষ্ট কৰি থকা প্ৰত্যেকজন ডাক্তৰ, নাৰ্চ, ক্লিনাৰ তথা প্ৰশাসন, গেলামাল দোকানী আদিলৈ আমি ধন্যবাদ জ্ঞাপন কৰিব লাগে। চৰকাৰ খনে যে ইমান সুন্দৰকৈ পৰিকল্পনা কৰি সকলোবোৰ কাম কৰি আছে গতিকে মই মোৰ ফালৰ পৰা আটাইলৈ কৃতজ্ঞতা জনাইছো।”

Add comment

Leave a Reply

The Ultimate Managed Hosting Platform