Rupaliparda.com
কেৰেলাৰ এফ এফ এছ আই অনলাইন ফিল্ম ফেস্টিভেল: মনোনীত হৈছে উৎপল দত্তৰ চুটি ছবি "বহুবৃত্ত"- 1

কেৰেলাৰ এফ এফ এছ আই অনলাইন ফিল্ম ফেস্টিভেল: মনোনীত হৈছে উৎপল দত্তৰ চুটি ছবি “বহুবৃত্ত”-

ক’ৰোণা ভাইৰাছে সমগ্ৰ জনসাধাৰণক আতংকিত কৰি ৰখা এনে পৰিস্থিতিৰ মাজত কোনোৱে সামাজিক অনুষ্ঠান সংঘটিত কৰিব নোৱাৰে। গণ সংক্ৰমণে ৰাজ্যখনক আগ্ৰাসনত লোৱাৰ মাজতেই এক জনপ্ৰিয় চলচিত্ৰ মহোৎসৱে অনলাইন অনুষ্ঠিত কৰিছে ছবি মহোৎসৱৰ। ফেদাৰেচন অব ফিল্ম ছোছাইটিজ অব ইণ্ডিয়াৰ কেৰালা শাখাই যোৱাকালিৰে পৰা আৰম্ভ কৰা এই ভাৰ্চুৱেল চলচিত্ৰ মহোৎসৱ খন সমাপ্ত হ’ব চলিত মাহৰেই ২৯ তাৰিখে। ফিপৰেস্কিৰ ভাৰত শাখাৰ সাধাৰণ সম্পাদক আৰু চলচ্চিত্ৰ সমালোচক প্ৰেমেন্দ্ৰ মজুমদাৰে উক্ত মহোৎসৱ খনৰ শুভ উন্মোচন কৰে। দেশ-বিদেশৰ বিভিন্ন চলচিত্ৰ সমাৰোহত অংশগ্ৰহণ কৰি সমাদৰ লাভ কৰা লেলিন ভাৰতী পৰিচালিত “ৱেষ্টাৰ্ণ ঘাট” শীৰ্ষক ছবিখন মহোৎসৱ খনত প্ৰদৰ্শিত হোৱা প্ৰথমখন ছবি আছিল। ইয়াৰ উপৰিও ইয়াত প্ৰদৰ্শিত কৰা হ’ব পাঁচখন মালায়লম ছবি ক্ৰমে মেৰকু থ’দাৰচি মালাই’, ‘ইৰুট্টু’, ‘ক খ গ ঘ ঙ’, থান্দিয়ানুম মুডিয়ানুম’, ‘কথন’, ওট্টাৰি ভেলিচম’ আৰু এখন বঙালী ছবি “আহাৰে”।

কেৰেলাৰ এফ এফ এছ আই অনলাইন ফিল্ম ফেস্টিভেল: মনোনীত হৈছে উৎপল দত্তৰ চুটি ছবি "বহুবৃত্ত"- 2
কেৰেলাৰ এফ এফ এছ আই অনলাইন ফিল্ম ফেস্টিভেল: মনোনীত হৈছে উৎপল দত্তৰ চুটি ছবি "বহুবৃত্ত"- 3


চুটি ছবি শিতানত প্ৰদৰ্শিত হ’বলগীয়া চুটি ছবি সমূহৰ ভিতৰত অন্তৰ্ভূক্ত কৰা হৈছে উৎপল দত্ত পৰিচালিত “বহুবৃত্ত”। ২৮ জুলাই তাৰিখে প্ৰদৰ্শিত কৰা হ’ব এই চুটি ছবিখন। উৎপল দত্তৰ দ্বাৰা শেহতীয়াকৈ নিৰ্মিত চুটি ছবি “বহুবৃত্ত” ই ইতিমধ্যে ৰাষ্ট্ৰীয়-আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত লাভ কৰিছে ৰাইজ তথা দৰ্শকৰ সমাদৰ। কেইবাখনো ছবি সমাৰোহত প্ৰদৰ্শিত হৈ এই ছবিখনে চলচিত্ৰ সমালোচকৰ পৰা প্ৰশংসা লাভ কৰিবলৈও সক্ষম হৈছে। অসম চৰকাৰৰ উচ্চপদস্থ প্ৰশাসনীয় বিষয়া আৰু লেখক স্বপ্না দত্তৰ একে নামৰ কবিতাটিৰ আধাৰত নিৰ্মিত এই ছবিখনে কিছুদিন পূৰ্বে কলিংগ গুৱাহাটী মহোৎসৱত প্ৰদৰ্শনৰ বাবেও নিৰ্বাচিত হৈছিল।

1 comment

Leave a Reply

The Ultimate Managed Hosting Platform