Rupaliparda.com
প্ৰেমৰ সম্পৰ্কত যেতিয়া লাগে খেলি-মেলি!! উপভোগ কৰক নিবিড়ৰ "নিমিলা অংক"- 1

প্ৰেমৰ সম্পৰ্কত যেতিয়া লাগে খেলি-মেলি!! উপভোগ কৰক নিবিড়ৰ “নিমিলা অংক”-

“প্ৰেম” কোনো এটা নিৰ্দ্দিষ্ট সংজ্ঞাৰ উৰ্দ্ধত বুলি কোৱা হয়; কাৰোবাৰ বাবে ই যদি স্বৰ্গীয় অনুভৱ আনহাতে কাৰোবাৰ বাবে এক বুজাব নোৱাৰা আমেজ। মুঠতে, প্ৰেম নহ’লে জীয়াই থকাটো অসম্ভৱ; সেয়া লাগিলে প্ৰেমিক/প্ৰেমিকাই হওঁক অথবা মাতৃ- পিতৃৰ পৰা পোৱা ভালপোৱাই হওঁক; ই নহ’লে জীৱনৰ অধিকাংশ আমোদ হেৰাই যায় বুলিয়ে বিভিন্ন জনে মন্তব্য কৰে। যেতিয়া এজন পুৰুষ আৰু এগৰাকী স্ত্ৰীৰ মাজৰ ভালপোৱাৰ আৰম্ভণি হয় তেতিয়া প্ৰতিটো সময়ত এক শিহৰণে চুই যায়। দুয়ো দুয়োৰে মাজত ইমান বেছি সোমাই পৰে যে ভৱিষ্যতৰ বহু পৰিকল্পনা তেওঁলোকে একেটা মূহুৰ্ততে কৰি ল’বলৈ বিচাৰে। প্ৰেমৰ কাহিনীক লৈ আচলতে বৰ্তমানলৈ অসমীয়া মনোৰঞ্জন ক্ষেত্ৰখনত হাজাৰটা গীত, শ শ ছবিৰ নিৰ্মাণ হৈছে; প্ৰতিটো সৃষ্টিত প্ৰেমক এক নতুন ৰূপত উপস্থাপন কৰা হৈছে। এতিয়া হৈছে চুটি ছবিৰ সময়, ক’ভিড ১৯ য়ে যেতিয়াৰ পৰাই কিছু ভাল নলগা পৰিস্থিতিৰ সৃষ্টি কৰিছে সেই তেতিয়াৰ পৰাই দৰ্শকক মনোৰঞ্জন কৰোৱাবলৈ নিজ বাট উলিয়াই লৈছে চুটি ছবি নিৰ্মাতা সমূহে। এনে এক প্ৰেমৰ বিষয়ক লৈয়ে নিবিড় আকাশ বৰুৱাই নিৰ্মাণ কৰি উলিয়াইছে এখন চুটি ছবি “নিমিলা অংক”। ছবিখনৰ চিত্ৰনাট্যৰ দায়িত্বতো আছে পৰিচালক নিবিড়।

প্ৰেমৰ সম্পৰ্কত যেতিয়া লাগে খেলি-মেলি!! উপভোগ কৰক নিবিড়ৰ "নিমিলা অংক"- 2


এহাল প্ৰেমিক-প্ৰেমিকাই নিজ নিজ পৰিয়ালৰ অজ্ঞাতে বাস কৰে “লিভ-ইন ৰিলেশ্বনছিপ” ত। সুখেৰে বসবাস কৰি থকা প্ৰেমিকদ্বয়ৰ জীৱনলৈ টুইষ্ট তেতিয়া আহে যেতিয়া জীয়েকৰ খবৰ লোৱা মানসেৰে প্ৰেমিকাৰ মাতৃ আহি ওলাইহি আৰু জীয়ৰীৰ লগত মাতৃয়ে দেখে এজন পুৰুষক। এই আটাইখিনি ঘটনাক সুন্দৰ ৰূপত উপস্থাপনৰ চেষ্টা কৰা হৈছে চুটি ছবি “নিমিলা অংক” ত। ১৪ মিনিট দৈৰ্ঘ্যৰ এই চুটি ছবিখনত অভিনয় কৰিছে মলয়া গোস্বামী, প্ৰয়াস শৰ্মা তামুলী আৰু অনিষা দত্তই। মৃন্ময় আৰু নিবিড়ৰ কাহিনীৰে ছবিখনৰ দৃশ্যগ্ৰহণ কৰিছে মৃন্ময় শইকীয়া লগতে দেৱব্ৰত ফুকনে।

প্ৰেমৰ সম্পৰ্কত যেতিয়া লাগে খেলি-মেলি!! উপভোগ কৰক নিবিড়ৰ "নিমিলা অংক"- 3
প্ৰেমৰ সম্পৰ্কত যেতিয়া লাগে খেলি-মেলি!! উপভোগ কৰক নিবিড়ৰ "নিমিলা অংক"- 4


চুটি ছবিখনৰ সম্পাদনা দেৱব্ৰত ফুকন আৰু মৃন্ময় শইকীয়াৰ লগতে ইয়াত সহঃ পৰিচালনা বন্দিতা গগৈ আৰু স্বাগতা ভৰালীৰ। অৰিন্দম বৰুৱাৰ সহযোগিতাৰে ছবিখনত থকা সংগীত ও শব্দ প্ৰণৱ বৰ্মনৰ। উল্লেখ্য যে, চুটি ছবিখনে ইতিমধ্যে ছবি সমাৰোহত মনোনয়ন লাভ কৰিবলৈ সক্ষম হৈছে।

Add comment

Leave a Reply

The Ultimate Managed Hosting Platform