নিজৰ ইচ্ছা অথবা চখটোক যেতিয়া নিজৰ পেছালৈ ধাৱমান কৰোৱা হয়; তেতিয়া তাত কিছু খেলি-মেলিৰ সৃষ্টি হোৱাটো স্বাভাৱিক; একাংশই সেই খেলি-মেলিত বিৰাম লগাই আগবাঢ়ি আহে নিজে গ্ৰহণ কৰি লোৱা পেছাটোক সফলতাৰ শিখৰলৈ তুলি নিবলৈ। বৰ্তমান অসমীয়া সংগীতেই হওঁক অথবা অভিনয়ে ক্ষেত্ৰখনতেই হওঁক; ততোধিক শিল্পীৰ প্ৰতিভাক দেখিবলৈ পাইছে দৰ্শকে। ইয়াৰে আটাইবোৰৰেই প্ৰতিভা লেখত ল’বলগীয়া; বৰ্তমান টেলিভিছন জগতখনত দৰ্শকৰ বহুল সমাদৰ লাভ কৰা ধাৰাবাহিক “দুটি মনৰ জোনাক” ৰ প্ৰতিটো চৰিত্ৰয়েই আজুৰিবলৈ সক্ষম হৈছে ৰাইজৰ দৃষ্টি। ধাৰাবাহিকখনত এটি গুৰুত্বপূৰ্ণ চৰিত্ৰ ৰূপায়ন কৰা অভিনেত্ৰী স্বাগতা ভৰালীৰ অভিনয়ক লৈয়ো বৰ্তমান উৎসাহী একাংশ। ৰূপালীপৰ্দাৰ সৈতে হোৱা এক্সক্লুচিভ কথা-বতৰা যোগে তেওঁ কয় যে, “অভিনয় ক্ষেত্ৰখন বুলি ক’লে মই “মইনা পাৰিজাত” ৰ দিনবোৰলৈ উভতি যাব লাগিব। সেইটো সময়তে আমি ভেকচন প্ৰতিযোগিতা নিজেই পাতি, নিজেই অভিনয় কৰিছিলো; তেতিয়াৰ সময়ছোৱাত সৰু আছিলো যদিও “অভিনয়” টোক লৈ মোৰ মনত শ্ৰদ্ধাৰ সৃষ্টি হৈছিল বুলি মই ক’ব পাৰো কাৰণ মই ইয়াৰ প্ৰতি আকৰ্ষিত হৈছিলো। তাৰ পিছত পঞ্চম শ্ৰেণীত পঢ়ি থাকোতে আমাৰ ঘৰৰ কাষৰে দাদা এগৰাকীয়ে ওচৰে-পাজৰে থকা কেইটামান ল’ৰা-ছোৱালীক গোটাই “সংজ্ঞাপন” নামেৰে এটা গ্ৰুপ খুলি দিছিলে আৰু তেতিয়াই মই পোন প্ৰথমবাৰৰ বাবে এখন মঞ্চত উঠি নাটকত অভিনয় কৰিছিলো; নাটক খনৰ নাম আছিল “স্ব্যমন্তক”।”
অভিনেত্ৰী গৰাকীয়ে কয় যে, “তেনেকৈয়ে আমি নাটক কৰিছিলো, কেতিয়াবা কাৰোবাৰ পদূলিত নহ’লে কেতিয়াবা নামঘৰত, আমি সৰুখিনিয়ে নিজেই নিজৰ মাজত নাটক কৰি গৈছিলো। কিন্তু যেতিয়া মই অষ্টম শ্ৰেণীত উঠিলো তেতিয়া মই “অসম নাট্য সন্মিলন” যোৰহাট শাখাত অন্তৰ্ভূক্তি হ’লো। ডাঙৰ হৈ আহিছিলো গতিকে নাটক কি বস্তু মই লাহে লাহে বুজিবলৈ ধৰিছিলো; তেতিয়া মই “অসম নাট্য সন্মিলন” ৰ কোনো প্ৰতিযোগিতাই হওঁক অথবা অধিৱেশনেই হওঁক তাত নাটক কৰাৰ সুযোগ লাভ কৰাৰ উপৰিও বিভিন্ন জন সুদক্ষ লোকক মই তেতিয়াই লগ পাবলৈ সক্ষম হৈছিলো। এই মানুহখিনিৰ নাটক বোৰ যেতিয়া চালো বা তেওঁলোকে অভিনয় কেনেকৈ কৰে বুজিবলৈ চেষ্টা কৰিছিলো আচলতে মোৰ সেইটো সময়তে উপলদ্ধি হৈছিল যে ইয়াৰ স্থিতি বৰ বহল; এই বস্তুটোক বুজিবলৈ বহু বেছি অধ্যয়নৰ প্ৰয়োজন। সন্মিলনত থকা মোৰ সতীৰ্থ সকলে এই ক্ষেত্ৰখনক পেছা হিচাপে বাচনি কৰাত মোক সাহস দিছিল।” যোৰহাটৰ জে.বি কলেজৰ পৰা সাংবাদিকতাৰ শিক্ষা ল’বলৈ তেজপুৰ বিশ্ববিদ্যালয়লৈ যোৱা যাত্ৰাৰ মাজতো অথবা অধ্যয়নৰ সময়খিনিতো স্বাগতা অভিনয়ৰ সৈতে জড়িত হৈ আছিল বুলি তেওঁ জানিবলৈ দিয়ে।
তেওঁ কয় যে, “মই অভিনয়টোক লগত লৈ সময় অতিবাহিত কৰি ভাল পাইছিলো। নাটকৰ কিতাপ পঢ়িছিলো মই, স্ক্ৰীপ্ট বা সংলাপ বোৰ পঢ়িছিলো আৰু তেনেকৈয়ে মোৰ ইয়াত অন্তৰ্ভূক্তিটো বাঢ়ি গৈছিল। সাংবাদিকতা পঢ়ি আছিলো যেতিয়া মোৰ ঘোষিকা আৰু বিশেষকৈ ৰেডিঅ’ ত কাম কৰা মন নাছিল কিন্তু তাত থাকোতে যেতিয়া মই নাটক কৰিছিলো, ডাঙৰ ডাঙৰ মানুহখিনিৰ অভিনয়ৰ যাত্ৰাবোৰ হৃদয়ংগম কৰিবলৈ আৰম্ভ কৰিছিলো, দেখিছিলো তেওঁলোকৰ সফলতাৰ যাত্ৰাবোৰ; তেতিয়া মোৰ অনুভৱ হৈছিল যে মই নিজক এটা সুবিধা দিয়াটো দৰকাৰ। তেনেকৈয়ে মই National School Of Drama ৰ দিল্লী শাখাৰ বাবে চেষ্টা কৰিছিলো যদিও কোনো কাৰণবশতঃ মই তাত নাপালো। তাৰ পিছত মই ইয়াৰ চিকিম শাখাৰ বাবে চেষ্টা কৰাত মই তাত পাবলৈ সক্ষম হৈছিলো। এইখিনি সময়ত মই মোৰ নিজৰ মাজত “অভিনয়” ক লৈ থকা ভালপোৱাটোক দেখিছিলো।মোৰ এই যাত্ৰাটোত মোক অধিক সহায় কৰিছিলে মোৰ পিতৃ-মাতৃয়ে; ৰাতি দেৰিকৈ আঁখৰা কৰি ঘৰ সোমালে ওচৰৰ মানুহখিনিয়ে কিবা এটা কৈছিল যদিও ইয়াৰ প্ৰতিউত্তৰ মোৰ মাহঁতেই দিছিলে।”
স্বাগতা ভৰালীক বৰ্তমানৰ খলনায়িকা চৰিত্ৰটোৰ বিষয়ে সোধাত তেওঁ কৈছিল যে, “জীৱনত কেতিয়াও ভবা নাছিলো যে মই ধাৰাবাহিক ক্ষেত্ৰখনত আগবাঢ়িম; মই সাংঘাতিক মঞ্চ লোভী মানুহ। নাটক কৰি মই যিমান ভাল পাওঁ সিমান মই একো কৰিয়ে ভাল নাপাওঁ; কিন্তু সোভাগ্যবশত National School Of Drama ৰ পৰা অহাৰ পিছতেই মই “ৰিয়াজ” নামৰ ছবিখনৰ অফাৰ পাইছিলো; ছবিখন মুক্তিৰ পথত যদিও এনেবোৰ পৰিস্থিতিৰ বাবে ই ৰৈ গৈছে। মই বুজা নাছিলো মঞ্চ আৰু কেমেৰাৰ মাজত পাৰ্থক্য, কিন্তু “ৰিয়াজ” ছবিখন মোৰ বাবে এক পৰীক্ষামূলক বস্তু আছিল। ইয়াৰ পিছত, মই “গোৱৰ্ধন চৰিত” কৰিলো; যিখনো ২৯ মে’ তাৰিখে মুক্তি পোৱাৰ কথা আছিলে যদিও নহ’ল। “লক-ডাউন” ৰ এই বিভীষিকাময় পৰিস্থিতিটোৱে মোক সাংঘাতিক হতাশ কৰিছিলে কিয়নো এতিয়া “নাটক” নাই; যিটো বস্তুক লৈ জীয়াই থাকো, উৎসাহিত হওঁ সেইটো বস্তুয়ে লগত নাছিলে। কিন্তু যেতিয়া এই ধাৰাবাহিকখনৰ পৰিচালক কল্প দাৰ ফোনটো আহিল তেতিয়া মই ক’ব নোৱাৰাকৈ এই ধাৰাবাহিকখনৰ প্ৰতি কিবা এটা মোহ মোৰ উপজিল। কমল লোচনে বহু দিনৰ পৰাই কৈ আছিল যদিও মই একেবাৰতেই মান্তি হোৱা নাছিলো; এই ধাৰাবাহিকখনত প্ৰায়খিনি মোৰ লগৰ, তেওঁলোকৰ কাম ভাল পাওঁ। কল্প দাৰ সৈতে আগতে এটা বিজ্ঞাপন কৰিছো গতিকে তেওঁৰ কামো ভাল পাওঁ, ভাবিছিলো যে এই ধাৰাবাহিকখনত মই মোৰ নিজস্বতাটো দেখুওৱাব পাৰিম। অন্ততঃ মই মোৰ কথাখিনি যে খুলি ৰখাৰ সুবিধা নাপাম সেই ভয়টো মোৰ নাছিল এই ধাৰাবাহিকখনক লৈ আৰু কল্প দাৰ এটা ফোনটেই মই তেওঁক “অ’ কৰিম” বুলি কৈ পেলাইছিলো। পিছলেহে ভাবিছিলো যে মোৰ দৰে এজনী ছোৱালীয়ে যিয়ে সাধাৰণতে চিৰিয়েল নাচায়,তাই কেনেকৈ মান্তি হ’ল!
মোৰ খুব ভাল লাগিল ইয়ালৈ আহি কাৰণ মোৰ চৰিত্ৰটো বোৰ একঘেয়ামী হৈ পৰিছিলে। সদায় গম্ভীৰ চৰিত্ৰ ৰূপায়ন কৰো মই। এই ধাৰাবাহিকখনত কিন্তু এটা মিশ্ৰিত অনুভৱৰে চৰিত্ৰটো ৰূপায়ন কৰিছো; কাৰোবাৰ বাবে মই ইয়াত ভিলেইন কিন্তু মোৰ মনত “ভিলেইন” ভাৱটো নাই। কাৰণ মই “বিক্ৰম” ক ভালপাওঁ গতিকে ভালপোৱাটো কাৰো বাবে নিগেটিভ হ’ব নোৱাৰে।
সেই ভালপোৱাটো পাব কাৰণে ছাগে মই যিখিনি কাম কৰিছো সেয়া নিগেটিভ। সেই যে কস্তুৰীৰ অন্যায় কৰা, কস্তুৰী-বিক্ৰমক আঁতৰ কৰা আনহাতে বিক্ৰমৰ বিৰুদ্ধে কোনোবাই কিবা এটা ক’লেই মোৰ গাত লগা সেই দুটা ভিন্ন কথাৰ কাৰণে মই আজি চৰিত্ৰটোক লৈ যিখিনি কষ্ট কৰি আছো সেয়া বৰ ভাল লগা অনুভৱ আৰু মই মোৰ চৰিত্ৰটো মনোৰঞ্জন কৰিছো। কল্প দা হঁতে মোক কয় যে, তুমি যেনেকৈ ভাল দেখা কৰাচোন; তুমি ভুল দেখিলে নিজেই বুজিবা। আৰু, এক কথাত ক’বলৈ গ’লে মোৰ ভাল লাগে যে মই নিজে গঢ়ি লোৱা এটা ঠাইৰ পৰা ওলাই আহি আন এটা ঠাই অথবা চৰিত্ৰ ৰূপায়ন কৰি আছো; এইটো বৰ দৰকাৰীও আচলতে, কাৰণ এটা নিৰ্দ্দিষ্ট “জ’ন” ত সোমাই থকালৈকে ভিন্নতা উপলদ্ধি কৰিব পৰা নাযায় আৰু এই সুবিধাটো মোক এই ধাৰাবাহিকখনেই দিছে। সেইবাবেই, মোৰ চৰিত্ৰটোক লৈ দৰ্শকৰ মনত এক অস্পষ্ট ভাৱদৰ্শনৰ সৃষ্টি কৰিব খুজিছো আৰু আশা কৰিছো, দৰ্শকে যাতে মোক আঁদৰি লয়। মানুহেটো কয়, “তোমাক এনে ইমান ভাল লাগে, অভিনয় ভাল লাগে কিন্তু ৬.৩০ ৰ পৰা ৭ টাৰ সময়কণত তোমাক একেবাৰে দেখিব মন নাযায়।” এই মন্তব্যখিনি আচলতে মোৰ বাবে ধনাত্মক যে ৰাইজে মোৰ চৰিত্ৰটো আকোঁৱালি লৈছে।”
কথাখিনি জানি ভাল লাগিল…অভিনন্দন স্বাগতা বা