Rupaliparda.com
আদিল হুচেইন, বৰষা ৰাণী বিষয়া আৰু জেৰিফা ৱাহিদৰ ভিন্ন বাৰ্তাঃ 1

আদিল হুচেইন, বৰষা ৰাণী বিষয়া আৰু জেৰিফা ৱাহিদৰ ভিন্ন বাৰ্তাঃ

সাম্প্ৰতিক পৰিস্থিতিটোক লৈ সৰৱ হৈ পৰিছে শিল্পী সমাজ। বানপীড়িত সকলৰ পৰা আৰম্ভ কৰি অৰ্থনৈতিক ভাৱে পিছপৰা একাংশ শিশুয়ে অনলাইন শিক্ষা গ্ৰহণ কৰিব নোৱাৰা আদি গুৰুত্বৰ বিষয়বোৰক লৈ এতিয়া মাত দিছে একোগৰাকীকৈ অভিনেতা-অভিনেত্ৰীয়ে। ৰাষ্ট্ৰীয় সংবাদ মাধ্যমে অসমৰ বানপানীক এলাগী কৰা বুলি কৈ থকা সময়তে তাৰেই এক সংবাদ মাধ্যম “BBC World News” য়ে ৰাজ্যত বানে সৃষ্টি কৰা বিভীষিকাৰ বাতৰি সম্প্ৰচাৰ কৰাৰ উপৰিও অসমৰ জনপ্ৰিয় ও সুদক্ষ সন্তান আদিল হুচেইনৰ সৈতেও মত ব্যক্ত কৰা দেখিবলৈ পোৱা যায়। উক্ত সংবাদ মাধ্যমটোৰ জৰিয়তে অসমৰ বান পৰিস্থিতিৰ ভিন্ন কথা ব্যক্ত কৰি দেশৰ প্ৰতিজন নাগৰিকক দিয়াৰ চেষ্টা কৰে অভিনেতা গৰাকীয়ে। আনহাতে, অভিনেত্ৰী বৰষা ৰাণী বিষয়াই চলিত বৰ্ষটোকেই সমগ্ৰ পৰিস্থিতিৰ বাবে দোষাৰূপ কৰে আৰু কোনো লোকক সহায় কৰিব নোৱাৰাৰ বাবে অসহায় অনুভৱ কৰা বুলি ব্যক্ত কৰে অভিনেত্ৰী গৰাকীয়ে। আপোন মানুখিনি এনে কষ্টৰ পৰা মুক্ত হোৱাটো বৰ্তমান অভিনেত্ৰী গৰাকীৰ কাম্য বুলি মন্তব্য কৰে তেওঁ।

https://www.instagram.com/p/CC3AxXPhuAS/?utm_source=ig_web_copy_link


আনহাতে, অভিনেত্ৰী জেৰিফা ৱাহিদে নিজ ইনষ্টাগ্ৰাম একাউন্টৰ পৰা সমগ্ৰ ৰাজ্যৰ দৰ্শকক অনুৰোধ কৰে যাতে তেওঁলোকে বৰ্তমান সময়ত ব্যৱহাৰ নকৰা অথবা তেওঁলোকৰ বাবে অনুপযোগী এটা স্মাৰ্টফোন যাতে তেওঁলোকে কিছু অৰ্থৰ ফালৰ পৰা পিছ পৰি ৰোৱা ছাত্ৰ-ছাত্ৰীক বিতৰণ কৰে। বৰ্তমান “অনলাইন ক্লাছ” কৰি থকা হৈছে যদিও একাংশ ছাত্ৰ-ছাত্ৰীৰ হাতত একোটা স্মাৰ্টফোন নথকাৰ ফলত তেওঁলোক বঞ্চিত হ’বলগীয়া হৈছে এই শিক্ষাৰ পৰা। গতিকে , এনেক্ষেত্ৰত অভিনেত্ৰী জেৰিফা আগবাঢ়ি আহি সহায়ৰ বাবে আহ্বান জনায় ৰাইজক।

Add comment

Leave a Reply

The Ultimate Managed Hosting Platform