Rupaliparda.com
সংগীত চৰ্চাত ব্যস্ত কন্ঠশিল্পী ৰশ্মি ৰেখা দেৱীঃ 1

সংগীত চৰ্চাত ব্যস্ত কন্ঠশিল্পী ৰশ্মি ৰেখা দেৱীঃ

মনোৰঞ্জন ক্ষেত্ৰখন একপ্ৰকাৰ স্তব্ধ হৈ যোৱাৰ পিছতেই একাংশ শিল্পীয়ে নিজ নিজ প্ৰতিভাৰ পোহৰ দৰ্শক আৰু শ্ৰোতাৰ মাজলৈ নিয়াৰ প্ৰচেষ্টা অব্যাহত ৰাখিছে। অভিনেতা-অভিনেত্ৰীয়ে য’ত নিজৰ ফিটনেছ ভিডিঅ’ আপলোড কৰিছে তাতেই আকৌ নৱপ্ৰজন্মৰ কন্ঠশিল্পীসমূহে নিজৰ কন্ঠৰে শ্ৰোতাক আপ্লুত কৰাৰ বাবে বাসগৃহত থাকিয়েই বিভিন্ন ধৰণে প্ৰয়াস কৰি গৈছে। এক কথাত ক’বলৈ গ’লে, প্ৰতিভাসম্পন্ন যুৱপ্ৰজন্মৰ মাজৰে কেইবাগৰাকীও কন্ঠশিল্পীয়ে সংগীত-চৰ্চা অব্যাহত ৰখাৰ উপৰিও নিজৰ উত্তৰণৰ বাট মুকলি কৰিছে। ৰশ্মি ৰেখা দেৱী তেনে এগৰাকী নৱপ্ৰজন্মৰ ব্যক্তি। সৰুৰ পৰাই সংগীতৰ সৈতে জড়িত ৰশ্মিয়ে ইউটিউবত প্ৰায়ে গীতৰ কভাৰ প্ৰস্তুত কৰি দৰ্শক অথবা শ্ৰোতাক আকৰ্ষণ কৰি আহিছে। শেহতীয়াকৈ তেওঁৰ কন্ঠৰে মুক্তিপ্ৰাপ্ত “চালোনা চা সজন হে” শীৰ্ষক হিন্দী গীতটি এই প্ৰচেষ্টাৰেই এক উদাহৰণ। সামাজিক অনুষ্ঠান অথবা শ্বুটিং আৰু এনে বিভিন্ন ক্ষেত্ৰত ক’ৰোণা মহামাৰীয়ে বিৰাম লগালেও প্ৰতিভাই নিজৰ বাট নিজে গঢ়ি লয়। ৰাইজৰ প্ৰশংসা লাভ কৰিবলৈ সক্ষম হোৱা ৰশ্মি ৰেখাৰ দুটি মান গীতৰ কভাৰ তলত শুনক চোনঃ


নলবাৰীত জন্মগ্ৰহণ কৰা এইগৰাকী কন্ঠশিল্পীয়ে চাৰি বছৰ বয়সৰ পৰাই আৰম্ভ কৰিছিল সংগীতৰ শিক্ষা। বৰপেটা ৰোডত থকা অৱস্থাত ফুল দেৱীৰ নামে এগৰাকী সংগীত শিক্ষয়িত্ৰীৰ পৰা শাস্ত্ৰীয় আৰু লোকগীতৰ শিক্ষা গ্ৰহণ কৰা ৰশ্মিয়ে পিছলৈ প্ৰদীপ মিশ্ৰৰ পৰাও সংগীত শিক্ষা গ্ৰহণ কৰে। পৰৱৰ্তী সময়ত গুৱাহাটীলৈ আহি ৰশ্মিয়ে পাণ্ডুস্থিত গীত ভাৰতী গানৰ স্কুলত যোগদান কৰি পমী ভট্টাচাৰ্য্য আৰু স্কুলখনৰেই অধ্যাপক শিবেন বেনাৰ্জীৰ ওচৰত গান শিকিবলৈ আৰম্ভ কৰে। তাতেই তেওঁ বিশাৰদ লাভ কৰিবলৈ সক্ষম হয়। নিশ্চিতভাৱে সাম্প্ৰতিকসময়ৰ উদীয়মান কন্ঠশিল্পীৰ ভিতৰত ৰশ্মি ৰেখা দেৱীৰ নামো অন্যতম।

সংগীত চৰ্চাত ব্যস্ত কন্ঠশিল্পী ৰশ্মি ৰেখা দেৱীঃ 2


আগন্তুক সময়ত বিশ্বজিৎ বৰাৰ দ্বাৰা নিৰ্মিত ছবি “লখিমী”টো ৰশ্মি ৰেখা দেৱীৰ কন্ঠত কথাছবিখনৰ শীৰ্ষগীতটো শুনিবলৈ পোৱা যাব। ছবিখন চলিত বৰ্ষৰ ২৪ এপ্ৰিল তাৰিখেই মুক্তি লাভ কৰা কথা আছিল যদিও বৰ্তমান দেশৰ চলি থকা এনে দুৰ্যোগৰৰ মাজত ই সম্ভৱ হৈ উঠা নাই।

Add comment

Leave a Reply

The Ultimate Managed Hosting Platform