Rupaliparda.com
ভাৰ্চুৱেলি শিল্পী সেৱাত নামিছে জুবিন গাৰ্গকে ধৰি আন শিল্পীঃ 1

ভাৰ্চুৱেলি শিল্পী সেৱাত নামিছে জুবিন গাৰ্গকে ধৰি আন শিল্পীঃ

বৰ্তমান সময়টোত ইজনে সিজনৰ প্ৰতি দেখুওৱা অকণমান সহানুভূতিয়ে প্ৰতিজন ব্যক্তিক সহায় কৰিব পাৰে। বিগত কেইবামহৰ পৰা বৰ্তি থকা “লক-ডাউনে” বহু জনসাধাৰণৰ মনলৈ হতাশা কঢ়িয়াইছে; ফলস্বৰূপে এইখিনি সময়ত বহু লোকে লোৱা কিছু পদক্ষেপেও আচলতে শোকাহত কৰিছে প্ৰত্যেকজন জনসাধাৰণকে। চলিত বৰ্ষৰ “ব’হাগ বিহু” ত কোনো শিল্পীয়ে কোনো ধৰণৰ অনুষ্ঠানত অংশগ্ৰহণ কৰিব নোৱাৰা বাবেই একাংশ শিল্পীক ই হতাশাৰ মাজলৈ ঠেলি দিছে। বিহুৰ সময়ছোৱাত হোৱা বিভিন্ন অনুষ্ঠানে তেওঁলোকক কিছুদিন শান্তিপূৰ্ণ ভাৱে চলাত সহায় কৰিছিল যদিও সম্প্ৰতি পৰিস্থিতিয়ে যেন অন্ধকাৰহে নমাই আনিছে তেওঁলোকৰ জীৱনলৈ; এনে কিছু শিল্পীক সহায়ৰ হাত আগবঢ়াবলৈ বৰ্তমান একযোঁট হৈছে অসমৰে কেইবাগৰাকীও জনপ্ৰিয় শিল্পী।

জুবিন গাৰ্গ, কল্পনা পাটোৱাৰী আৰু জয় বৰুৱাই ভাৰ্চুৱেলি “শিল্পী সেৱা” নামে এটি অনুষ্ঠানৰ আয়োজন কৰিছে। ১৫ আগষ্ট তাৰিখে “ঝুম” এপটোৰ দ্বাৰা আয়োজিত কৰা কৰা হ’ব এই অনুষ্ঠানৰ; অনুষ্ঠানটোৰ জৰিয়তে থলুৱা শিল্পী সমূহ ক্ৰমে যিসকলে ঢোল বজাই, নাগৰা, ভাওঁনা কৰে অথবা বাঁহী বজাই তেওঁলোকক অৰ্থনৈতিক ভাৱে সহায় আগবঢ়োৱা হ’ব। অনুষ্ঠানটোৰ ঘোষিকা ৰূপত থাকিব অভিনেত্ৰী বৰষা ৰাণী বিষয়া।

ভাৰ্চুৱেলি শিল্পী সেৱাত নামিছে জুবিন গাৰ্গকে ধৰি আন শিল্পীঃ 2


কন্ঠশিল্পী জয় বৰুৱাই এটি পোষ্ট যোগে এই কথা ব্যক্ত কৰে। শিল্পী সমূহে নিজ শিল্পী সমূহৰ প্ৰতি দেখুওৱা এনে মহানুভৱতাই বৰ্তমান উৎসাহিত কৰিছে দৰ্শকক। উক্ত “শিল্পী সেৱা” অনুষ্ঠানটোৰ বাবে জনসাধাৰণে অপেক্ষা কৰাৰ উপৰিও পাৰ্যমানে সহযোগিতা আগবঢ়োৱাৰো মন্তব্য কৰা দেখিবলৈ পোৱা গৈছে। আগন্তুক কিমান দিনলৈ এই পৰিস্থিতি বৰ্তি থাকিব ইয়াৰ কোনো নিশ্চয়তা নাই গতিকে এনে ক্ষেত্ৰত চৰকাৰখনেও শিল্পী সমূহক লৈ চিন্তা কৰাটো অধিক জৰুৰী হৈ পৰিছে।

Add comment

Leave a Reply

The Ultimate Managed Hosting Platform