ক’ৰোণাই ভাইৰাছ নামৰ এই মহামাৰীটোয়ে বৰ্তমান স্তব্ধতা সানিছে প্ৰায় সকলোতে। হ’বলগীয়া কাম সমূহো ইয়াৰ ফলত কিমান দিনলৈ ৰৈ যাব তাৰ কোনো সঠিক তাৰিখৰ হিচাপ কৰিব পৰা নাই এতিয়া কোনোজনে। চলিত বৰ্ষতে, অসমীয়া ছবি জগতলৈ কেইবাখনো নতুন ছবিৰ আগমন ঘটিবলগীয়া আছিল; কিছুমানৰ যদি মুক্তিৰ তাৰিখ ধাৰ্য্য কৰা হৈছিল আনহাতে আকৌ কোনোখন ছবি মুক্তিৰ দুৱাৰ ডলিত আহি উপস্থিত হৈছিল। প্ৰায়ে ৬০ শতাংশ কামেই সম্পূৰ্ণ হৈ উঠা এখন অসমীয়া ছবি হৈছে “অন্বেষণ”; বহু প্ৰত্যাশিত এই ছবিখনক লৈ উৎসাহিতও হৈ আছিল অসমীয়া চলচিত্ৰ প্ৰেমী ৰাইজ।

আচলতে, বিগত বৰ্ষত অসমীয়া ছবিৰ সফলতাৰ যি ঢৌ উঠিছিল সেই ঢৌৰ মাজতেই আন বহুকেইখন নতুন ছবিৰ পৰিচালনাত ব্যস্ত হৈ পৰিছিল বিভিন্ন জন। জনসাধাৰণৰ মনত অসমীয়া ছবিক লৈ থকা মানসিকতাৰ সলনি হোৱাৰ ফলত ছবিসমূহ সফলতাৰ শিখৰলৈ উঠি গৈ আছিল; কিন্তু ইয়াৰ মাজতেই হোৱা সম্প্ৰতি পৰিস্থিতিয়ে বৰ্তমান কালিমা সানিছে প্ৰতিটো ক্ষেত্ৰত। হিন্দী ছবিসমূহে মুক্তিৰ বিকল্প বিচাৰি উলিয়াইছে যদিও এনেক্ষেত্ৰত কিছু পৰিমাণে ৰৈ যাবলগীয়া হৈছে অসমীয়া ছবি সমূহ। কে কে ক্ৰিয়েটিভ লিমিটেডৰ বেনাৰত উক্ত ছবিখন প্ৰযোজনা কৰিছে ৰাজীৱ দত্ত, কৃশানু শইকীয়া আৰু পলাশ পৰাণে।

“অন্বেষণ” ৰ পৰিচালনাৰ দায়িত্বত আছে ৰাজীৱ দত্ত আৰু উৎপল শইকীয়া। ৰূপালীপৰ্দাৰ ফালৰ পৰা হোৱা এক্সক্লুচিভ কথা-বতৰা যোগে যেতিয়া পৰিচালক ৰাজীৱ দত্তক ছবিখনৰ বিকল্প পথেৰে মুক্তি দিয়াৰ কথা ভাবিছে নেকি বুলি প্ৰশ্ন কৰা হৈছিল তেতিয়া তেওঁ কৈছিল যে, “ডিজিটেল প্লেটফৰ্মত ছবিখন মুক্তি দিয়া কথা আমি ভাবিব নোৱাৰো; কাৰণ অসমীয়া ছবি চাবলৈ এনেই মানুহ ছবিগৃহলৈ নাহে।” তেওঁ আগলৈ কয় যে, “বিগত বৰ্ষত মুক্তি লাভ কৰা দুইখন ছবি ক্ৰমে “ৰত্নাকৰ” আৰু “কাঞ্চনজংঘা” ৰ মুক্তিৰ পিছত অসমীয়া দৰ্শক ছবিগৃহলৈ আহিবলৈ আৰম্ভ কৰিছিল, ভাল বিষয়বস্তুৰে নিৰ্মিত এটা ভাল বস্তু চোৱাৰ ইচ্ছা কৰিছিল দৰ্শকে; অসমীয়া ছবিয়ে ভাল দিন দেখিবলৈ আৰম্ভ কৰিছিল হে মাত্ৰ। নৱপ্ৰজন্মৰো যিখিনি শিল্পী, কলা-কুশলী আছে তেওঁলোকেও উৎসাহ পাইছিল গতিকে এতিয়া যদি আমি আকৌ ডিজিটেল প্লেটফৰ্মলৈ ঘূৰি যাওঁ তেতিয়াহ’লে অসমীয় ছবিয়ে যি সফলতাৰ মুখ দেখিছিল সেয়াও আধাতে ৰৈ যাব। “লক-ডাউন” ৰ ফলত বৰ্তমান স্তব্ধ হৈ পৰিছে ভ্ৰাম্যমাণ জগত খন; ইয়াৰ পূৰ্বে কোনোদিন থিয়েটাৰ দৰ্শকৰ কাষ নচপকাকৈ থকা নাছিল। আৰু,এতিয়া যদি ছবিবোৰো ডিজিটেলী মুক্তি দিবলৈ লওঁ তেতিয়াহ’লে দেখোন “অসমীয়া ছবি” বোলা অস্তিত্বই নোহোৱা হৈ থাকিব। “কাঞ্চনজংঘা”, “ৰত্নাকৰ” য়ে দৰ্শকৰ সলনি কৰা মানসিকতা দেখি আমি দুগুণ উৎসাহেৰে ছবি নিৰ্মাণ কৰিব লৈছিলো গতিকে এটা ভাল প্ৰডাক্ট দিবলৈ আমি আমাৰ ছবিখনৰ সৈতে জড়িত সকলো শিল্পীয়ে কষ্ট কৰিছো, চেষ্টা অব্যাহত ৰাখিছো। এইবোৰ কাৰণতে আমি ছবিখন ডিজিটেলী মুক্তি দিয়াৰ কথা ভৱা নাই।”

উল্লেখ্য যে, উৎপল শইকীয়াই প্ৰায় ১১ বছৰে ধৰি “অন্বেষণ” ৰ কাহিনীৰ সৈতে জড়িত আছিল লগতে ছবিখনৰ চিত্ৰনাট্য-সংলাপত বিগত দুই বছৰে ধৰি কাম কৰিছিল পলাশ পৰাণে। মুঠতে এটি হৃদয়স্পৰ্শী বিষয়বস্তুৰে দৰ্শকৰ মাজলৈ অহাৰ আপ্ৰাণ প্ৰয়াস কৰিছে “অন্বেষণ” ৰ সমগ্ৰ কলা-কুশলীয়ে। ছবিখনৰ সংগীত পৰিচালনা ইবচন লাল বৰুৱাৰ লগতে ইয়াত শব্দসজ্জাৰ দায়িত্বত আছে মুম্বাই প্ৰতিষ্ঠিত মানস প্ৰতীম গোস্বামী আৰু নিলিম দত্ত। তাৰহা ফাৰমিন ৰেজিৰ দৃশ্যগ্ৰহণেৰে ছবিখনৰ প্ৰযোজন নিয়ন্ত্ৰণ কৰিছে প্ৰশান্ত শালৈয়ে; কলা নিৰ্দেশক ভূষণ ঠাকুৰীয়া আৰু ৰূপসজ্জা ভাস্কৰ দত্তৰ।

ছবিখনত অভিনয় কৰিছে ক্ৰমে আইমী বৰুৱা, গুঞ্জন ভৰদ্বাজ, বিষ্ণু খাৰঘৰীয়া, ফেইৰীপ্ৰিয়া আহমেদ, অৰুণ হাজৰিকা, পদ্মৰাগ গোস্বামী, প্ৰধান দেউৰী, জেফি বক্সি, অংশুমান ভূঞা, জুৰি শৰ্মা, ঋষভ শৰ্মা, কল্যাণজ্যোতি কোঁৱৰ, জ্যোতিস্মান কাশ্যপ, পুনম খনিকৰ, জ্যোতিস্মান শৰ্মা, যতীন খনিকৰ, দেৱাশিষ হাজৰিকা আৰু দীপশ্ৰুতি হাজৰিকাই। ছবিখনৰ সম্পাদনাৰ দায়িত্বত আছে প্ৰদীপ পল আৰু স্থিত চিত্ৰ গ্ৰহণকাৰী হৈছে শৌনক শয়ন।
Add comment