Rupaliparda.com
এপিনে হতাশা; আনপিনে জনপ্ৰিয়তাঃ শিল্পীৰ জীৱনৰ কাহিনীৰে চুটি ছবি "নিজানৰ কিৰিলি"- 1

এপিনে হতাশা; আনপিনে জনপ্ৰিয়তাঃ শিল্পীৰ জীৱনৰ কাহিনীৰে চুটি ছবি “নিজানৰ কিৰিলি”-

একোজন শিল্পীয়ে নিজ শ্ৰোতা অথবা নিজ দৰ্শকক একোটা নতুন বস্তু দিবলৈ প্ৰয়াস কৰে। নিজ দৰ্শকক লৈয়ে ব্যস্ত হৈ থাকে একাংশ শিল্পী। সৰ্বসাধাৰণ ৰাইজেও অধিকাংশ সময়ত সেই নিৰ্দ্দিষ্ট শিল্পী বা আৰ্টিষ্ট গৰাকীৰ সৃষ্টিতহে মনোনিৱেশ কৰে । ৰাইজৰ বেয়া লাগিলে আমি তাক উপলুঙা কৰো আৰু কেতিয়াবা ভাল লাগিলে তাক প্ৰশংসাৰে উপচাই ৰাখো। কিন্তু, একোজন শিল্পীৰ মানসিক স্থিতিৰ বুজ ল’বলৈ আমি কেতিয়াও চেষ্টা নকৰো; বহু সময়ত এনেও হয় যে এজন শিল্পীয়ে যিমান দিনলৈ আমাক মনোৰঞ্জন প্ৰদান কৰে সিমান দিনলৈ আমি তেওঁক মনত ৰাখো কিন্তু পিছলৈ আমি তেওঁক পাহৰি যাওঁ। অহৰহ প্ৰচেষ্টা চলোৱাৰ পিছতো একাংশ শিল্পী কেতিয়াবা অৰ্থৰ ফালৰ পৰাও পিছ হূহুঁকিব লগীয়া হয়। আচলতে, এক কথাত ক’বলৈ গ’লে এগৰাকী শিল্পীৰ জীৱন কোনোদিন সহজ অথবা সাধাৰণ নহয়; কষ্ট-সংগ্ৰাম, উপলুঙা, ককৰ্থনা ইত্যাদি তেওঁলোকৰ জীৱন যাত্ৰাৰ লগৰী। কেতিয়াবা হয়টো তেওঁলোক ভাগৰি পৰে আৰু কেতিয়াবা হয়টো দুগুণ উৎসাহেৰে আগবঢ়াৰ প্ৰয়াস কৰে। এনে কিছু ঘটনাৰ আধাৰ লৈয়ে নিৰ্মাণ কৰি উলিওৱা হৈছে এখন চুটি ছবি “নিজানৰ কিৰিলি”। নৱপ্ৰজন্মৰ পৰিচালক ধ্ৰুৱ হাজৰিকাৰ পৰিচালনাৰে নিৰ্মাণ কৰি উলিওৱা হৈছে এই চুটি ছবিখন।

এপিনে হতাশা; আনপিনে জনপ্ৰিয়তাঃ শিল্পীৰ জীৱনৰ কাহিনীৰে চুটি ছবি "নিজানৰ কিৰিলি"- 2


সাম্প্ৰতিক পৰিস্থিতিৰ সৈতে খাপ-খোৱা কিছু চুটি ছবিৰ নিৰ্মাণে বৰ্তমান সমাজ ব্যৱস্থাটোৰ এক আভাষ দিয়াটো সহায় কৰিছে জনসাধাৰণক। উক্ত চুটি ছবিখনৰ ইতিমধ্যে মুকলি কৰি দিয়া হৈছে ফাৰ্ষ্ট লুক পোষ্টাৰ। Filmy Jokers ৰ নিবেদন এই চুটি ছবিখনত অভিনয় কৰিছে জুবিন দাস, ৰিষি এম কাশ্যপ, মৌচুমী হাজৰিকা লস্কৰ, লুপামুদ্ৰা হাজৰিকা, মৃদুস্মিতা লস্কৰ আৰু ৰাতুল বৰাই। দীপাংকৰ বৰা আৰু নিলিম নিশান্তৰ দৃশ্যগ্ৰহণেৰে ছবিখনৰ সম্পাদনা কৰিছে শান্তনু ফুকন আৰু নিলিম নিশান্তে। ছবিখনত অন্তৰ্ভূক্ত গীতৰ কথা মাধুৰ্য্য দত্তৰ আৰু ইয়াত পৰিচালনা কৰাৰ লগতে কন্ঠদান কৰিছে জোনাকী মনে। সংগীত প্ৰযোজনা সৌৰভ হাজৰিকাৰ। ছবিখনৰ ডি.আই কালাৰিষ্ট প্ৰদীপ পল। ৰূপসজ্জা দীপশিখা সোণোৱালৰ আৰু তেওঁৰ সৈতে সহযোগ কৰিছে নাওমী ৰাভায়ে।

এপিনে হতাশা; আনপিনে জনপ্ৰিয়তাঃ শিল্পীৰ জীৱনৰ কাহিনীৰে চুটি ছবি "নিজানৰ কিৰিলি"- 3


দৰ্শকৰ মন মগজুক আকৰ্ষণ কৰিবলৈ সক্ষম হোৱা কিছু কাহিনীৰে নিৰ্মিত চুটি ছবিসমূহে আচলতে প্ৰায় দৰ্শকৰ আকৰ্ষণ টনাৰ সমান্তৰালকৈ তেওঁলোকক মনোৰঞ্জন দিবলৈও সক্ষম হৈছে। মুম্বাইস্থিত Zee Institute of Media Arts ৰ পৰা শিক্ষা গ্ৰহণ কৰা নৱপ্ৰজন্মৰ ধ্ৰুৱ হাজৰিকা ইতিমধ্যে আন কেইবাখনো চুটি ছবিৰ সৈতে জড়িত।

Add comment

Leave a Reply

The Ultimate Managed Hosting Platform